IndiGo offer: ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? মাত্ৰ ১,১৯৯ টকাত কৰক বিমান যাত্ৰা…

Indigo offer: হোলীৰ সময়ত এয়াৰলাইন কোম্পানী ইণ্ডিগ'ই লৈ আহিছ এক বিশেষ অফাৰ। ইয়াৰ অধীনত আপুনি মাত্ৰ ১,১৯৯ টকাত লাভ কৰিব বিমান যাত্ৰা।

IndiGo offer: ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? মাত্ৰ ১,১৯৯ টকাত কৰক বিমান যাত্ৰা...

ইণ্ডিগ'

Updated On: 

11 Mar 2025 12:40 PM

মাত্ৰ কেইটামান দিন পাছতেই সমগ্ৰ দেশে পালন কৰিব ৰঙৰ উৎসৱৰ ফাকুৱা।  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন স্থানত হোলী বা দৌল উৎসৱ পালন কৰা হয়। এই সময়চোৱাত কৰ্মসূত্ৰে বা অধ্যয়নৰ সূত্ৰে ঘৰৰ বাহিৰত থকাসকলেও নিজৰ আপোন মানুহখিনিৰ ওচৰলৈ যাব মন কৰে। ইয়াৰোপৰি বিভিন্নজনে বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনাও কৰে। আপুনিও যদি এনে কোনো পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। হোলীৰ সময়ত ভ্ৰমণৰ বাবে ইণ্ডিগ’ এয়াৰলাইন্সে (Indigo offer) এক ডাঙৰ অফাৰ আগবঢ়াইছে।

দেশৰ অন্যতম বৃহৎ বিমান সংস্থা ইণ্ডিগ’ই হোলীৰ সময়ত  যাত্ৰীসকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে। কোম্পানীয়ে ঘোষণা কৰিছে যে মাত্ৰ ১,১৯৯ টকাত বিমানেৰে যাত্ৰা কৰিব পাৰিব। ইণ্ডিগ’ই এই ৰেহাইক “হলি গেটৱে চেল” বুলি নামকৰণ কৰিছে। গ্ৰাহকসকলৰ সকলো বিমান বুকিঙৰ ৰেহাইৰ লগতে এড-অন অফাৰো আছে।

১৭ মাৰ্চৰ পৰা ২১ ছেপ্টেম্বৰলৈ ভ্ৰমণৰ বাবে এই ৰেহাই উপলব্ধ হ’ব। ১০ মাৰ্চৰ পৰা বুকিং আৰম্ভ হ’ব আৰু ১২ মাৰ্চলৈকে চলিব। এই অফাৰৰ সময়ত ঘৰুৱা বিমানৰ ভাড়া ১১৯৯ টকাৰ পৰা আৰম্ভ হৈছে, আনহাতে আন্তঃৰাষ্ট্ৰীয় পথৰ বিমানৰ ভাড়া ৪,১৯৯ টকাৰ পৰা আৰম্ভ হৈছে।

কেৱল এয়াই নহয়, অন্যান্য সেৱাৰ বাবেও ইণ্ডিগ’ই ৰেহাই দিছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় টিকটত প্ৰিপেইড অতিৰিক্ত সামগ্ৰী (১৫ কিলোগ্ৰাম, ২০ কিলোগ্ৰাম, ৩০ কিলোগ্ৰাম)ত ২০% পৰ্যন্ত ৰেহাই আৰু আপোনাৰ পছন্দৰ আসন নিৰ্বাচনত ৩৫% পৰ্যন্ত ৰেহাই দিয়া হৈছে।  ইয়াৰোপৰি জৰুৰীকালীন এক্সএল আসনৰ মূল্য ঘৰুৱা খণ্ডৰ বাবে ৫৯৯ টকা আৰু আন্তঃৰাষ্ট্ৰীয় খণ্ডৰ বাবে ৬৯৯ টকাৰ পৰা আৰম্ভ কৰি ৬ই প্ৰাইম আৰু ৬ই ছিট এণ্ড ইটত ৫০% পৰ্যন্ত ৰেহাই প্ৰদান কৰা হৈছে।

এই অফাৰৰ সুবিধা ল’বলৈ গ্ৰাহকে ইণ্ডিগোৰ ৱেবছাইট (www.goindigo.in) বা ইণ্ডিগো মোবাইল এপৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব। উল্লেখযোগ্য যে ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তে বুকিং কৰিলেও অতিৰিক্ত ৫% ৰেহাই উপলব্ধ হ’ব।

 

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...