এই বেংকত আছে নেকি জমা ধন? হিচাপত ২,১০০ কোটিৰ খেলিমেলি, অথলে যাব নেকি সকলো? জানক সবিশেষ…

IndusInd Bank: বিত্তীয় খেলিমেলিৰ সন্মুখীন হৈছে ইণ্ডাছইণ্ড বেংক। ২,১০০ কোটি টকাৰৰ হিচাপত খেলিমেলি লগাৰ পাছতে এতিয়া চিন্তাত পৰিছে বেংকৰ গ্ৰাহকসকল। ইয়াৰ মাজতে RBI য়ে জাৰি কৰিছে এক বিবৃতি।

এই বেংকত আছে নেকি জমা ধন? হিচাপত ২,১০০ কোটিৰ খেলিমেলি, অথলে যাব নেকি সকলো? জানক সবিশেষ...

বেংক

Published: 

17 Mar 2025 12:04 PM

ডাঙৰ চিন্তাত পৰিছে  বেংকৰ একাংশ গ্ৰাহক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্যৰ পাছতে নিজৰ জমা টকা হেৰুৱাব বুলি ভয় খাইছে একাংশই। কিয়নো হিচাপ মিলা নাই এটা বেংকৰ। ২১০০ কোটি টকাৰ হিচাপত খেলিমেলি হোৱাৰ পাছতে এতিয়া বেংকটোৰ গ্ৰাহকসকলৰ জমা টকা অথলে যাব বুলি উদ্বিগ্ন প্ৰকাশ কৰিছে।

এই চিন্তা ইণ্ডাছইণ্ড বেংক (IndusInd Bank)ৰ গ্ৰাহকসকলৰ । ইণ্ডাছইণ্ড বেংকৰ একাউন্টত দেখা গৈছে ডাঙৰ খেলিমেলি। ২১০০ কোটি টকাৰ হিচাপ মিলা নাই বেংকটোৰ। যাৰ বাবে গ্ৰাহকসকলে তেওঁলোকৰ জমা ধনৰ বাবে চিন্তিত হৈ পৰিছে।  জমা ধনৰ কি হ’ব সেই ভাবি টোপনি হৰিছে বহুতৰ। ইয়াৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ইণ্ডাছইণ্ড বেংক সন্দৰ্ভত এক বিবৃ্তি প্ৰকাশ কৰিছে।

ইণ্ডাছইণ্ড বেংকৰ ভৱিষ্যতক লৈ গ্ৰাহকসকল অতিশয় চিন্তিত হৈ থকাৰ সময়তে ৰিজাৰ্ভ বেংকে তেওঁলোকক আশ্বস্ত প্ৰদান কৰিছে। কেন্দ্ৰীয় বেংকে উল্লেখ কৰিছে যে ইণ্ডাছইণ্ড বেংকৰ পৰ্যাপ্ত মূলধন আছে। ইয়াৰ আৰ্থিক অৱস্থা সন্তোষজনক। বেংকে চলিত মাহৰ শেষৰ ফালে ৰিপৰ্ট দিব লাগিব যে বেংকে সৃষ্টি হোৱা আৰ্থিক অভাৱ বা ব্যৱধান দূৰ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে।

আৰ বি আইয়ে এক বিবৃতিত কয় যে ডিচেম্বৰ ত্ৰৈমাসিকৰ প্ৰতিবেদন অনুসৰি ইণ্ডাছইণ্ড বেংকৰ মূলধন পৰ্যাপ্ততা অনুপাত ১৬.৪৬ শতাংশ। প্ৰভিজন কভাৰেজৰ হাৰ ৭০.২০ শতাংশ। লিকুইড কভাৰেজ ৰেচিঅ’ ১১৩ শতাংশ। এক কথাত নিজৰ জমা ধনৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি আৰ বি আইয়ে গ্ৰাহকসকলক বুজাবলৈ চেষ্টা কৰিছে।

কিন্তু বিত্তীয় অনিয়মৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে বেংকৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। জানিব পৰা মতে ইয়াৰ ফলত বেংকৰ বজাৰ মূল্য ১৫০০ কোটি টকাতো প্ৰভাৱ পৰিব পাৰে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হব কি পদক্ষেপেৰ বেংকটোৱে এই খেলিমেলি দূৰ কৰে।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...