কোটিপতি হ’ব বিচাৰে নেকি? নতুন বৰ্ষত এই সূত্ৰৰে আৰম্ভ কৰক বিনিয়োগ যাত্ৰা!

নামৰ সৈতে কোটিপতিৰ টেগ লগাবলৈ কোনেনো ভাল নাপায়? কিছুমান সূত্ৰৰ আধাৰত আপুনি নিজকে কোটিপতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। পদ্ধতিটো কি, কেনেদৰে পৰিকল্পনা কৰিব লাগে, কিমান টকা সঞ্চয় কৰিব লাগে, কিমান সময়ত কিমান ৰিটাৰ্ণ লাভ কৰিব? এই প্ৰতিবেদনত এনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব।

কোটিপতি হব বিচাৰে নেকি? নতুন বৰ্ষত এই সূত্ৰৰে আৰম্ভ কৰক বিনিয়োগ যাত্ৰা!

কোটিপতি হোৱা ফৰ্মূলা!

Updated On: 

26 Dec 2024 15:05 PM

কোনেনো কোটিপতি হ’ব নিবিচাৰে? সকলোৱে বিচাৰে যে তেওঁলোকৰ ওচৰলৈ বহু টকা আহক। সকলোৱে এক ভাল ভৱিষ্যতৰ কথা চিন্তা কৰে। ভৱিষ্যতটো ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে।  কিন্তু কমবয়সীয়া লোকসকল, যাক  GenZ বুলি কোৱা হয়,  তেওঁলোকে প্ৰথমবাৰৰ বাবে ১ কোটি টকাৰ সংগ্ৰহ কৰাটো কঠিন যেন লাগিলেও ইমান ডাঙৰ কথা নহয়। এই কথাবোৰ মনত ৰাখি, আপোনাৰ কোটিপতি হোৱাৰ সপোন বাস্তৱ ৰূপায়িত কৰিব পাৰি।

এই কথা বাস্তৱ ৰূপায়িত কৰাৰ এটা সূত্ৰ হ’ল-যিমান সোনকালে সিমানেই ভাল । অৰ্থাৎ মানুহে যিমান সোনকালে বিনিয়োগ আৰম্ভ কৰিব, সিমানে তেওঁলোকে লাভান্বিত হ’ব পাৰিব। আগন্তুক বছৰ অৰ্থাৎ ২০২৫ বৰ্ষটো আপোনাৰ বিত্তীয় যাত্ৰা আৰম্ভ কৰাৰ বাবে এটা ভাল সময় হ’ব পাৰে। ইয়াৰ বাবে, আপুনি সঞ্চয় কৰিব লাগিব। কিমান সঞ্চয়, কিমান সময়, কিমান টকা?  এই সকলোবোৰ কথা এটা এটাকৈ স্পষ্টভাৱে জানো আহক।

২০ বছৰত কোটিপতি

ইয়াৰ বাবে, আপুনি পৰৱৰ্তী ২০ বছৰৰ বাবে ৮,৮০০ টকাকৈ বিনিয়োগ কৰিব লাগিব। ইয়াত যদি আমি ১৩ শতাংশৰ সম্ভাৱ্য বাৰ্ষিক ৰিটাৰ্ণ ধাৰ্য কৰোঁ। এই ভিত্তিত, আপুনি পৰৱৰ্তী ২০ বছৰত মুঠ ২১,১২,০০০ টকা বিনিয়োগ কৰিব। যাৰ ওপৰত সম্ভাৱ্য ৰিটাৰ্ণ ৭৯,৬৮,৫৬৮ টকা হ’ব। মুঠ হিচাপ উলিয়ালে ২০ বছৰৰ পিছত আপোনাৰ মুঠ পুঁজি হ’ব ১,০০,৮০,৫৬৮ টকা।

১০ বছৰত কোটিপতি

১০ বছৰত কোটিপতিৰ সংখ্যাত উপনীত হ’বলৈ, আপোনাক অধিক বিনিয়োগৰ প্ৰয়োজন হ’ব। আন সকলো আধাৰ একে থাকিব। অৰ্থাৎ, যদি এজন বিনিয়োগকাৰীয়ে পৰৱৰ্তী ১০ বছৰৰ বাবে বাৰ্ষিক ১৩ শতাংশ ৰিটাৰ্ণত প্ৰতি মাহে ৪০,৮০০ টকা বিনিয়োগ কৰে, তেন্তে তেওঁ কোটিপতি হ’ব পাৰে। এই ১০ বছৰত বিনিয়োগকাৰীয়ে মুঠ ৪৮,৯৬,০০০ টকা বিনিয়োগ কৰিব। যাৰ সম্ভাৱ্য ৰিটাৰ্ণ হ’ব  ৫১,৬৮,৫৭১ টকা। ১০ বছৰৰ পিছত বিনিয়োগকাৰীৰ হাতত মুঠ ১,৬৪,৫৭১ টকা থাকিব।

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!