5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

IPL ২০২৫ৰ নিলামত ২৭ কোটি টকাত বিক্ৰী হোৱা ঋষভ পণ্টে কৰ আদায় দি কিমান টকা পাব? জানক সবিশেষ

খেলুৱৈসকলক দিয়া নিবিদাৰ পৰা কিমান টকা পায় আৰু সম্পূৰ্ণ ধন তেওঁলোকৰ একাউণ্টত আহেনে বা তাত কোনো ধৰণৰ কৰ্তন কৰা হয়? এইবাৰ আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ট, তেওঁৰ একাউণ্টত কিমান টকা আহিব সেয়া সম্পূৰ্ণ জানক।

IPL ২০২৫ৰ নিলামত ২৭ কোটি টকাত বিক্ৰী হোৱা ঋষভ পণ্টে কৰ আদায় দি কিমান টকা পাব? জানক সবিশেষ
IPL নিলামত বিক্ৰী হোৱা ঋষভ পণ্টে কৰ আদায় দি কিমান ধন পাব?
barasha-misra
Barasha Misra | Updated On: 26 Nov 2024 15:38 PM

আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট। লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ২৭ কোটি টকাৰে তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। দ্বিতীয় স্থানত আছে যোৱা ছিজনত কলকাতাক চেম্পিয়ন কৰা অধিনায়ক তথা বেটছমেন শ্ৰেয়াছ আয়াৰ। ২৬.৭৫ কোটি টকাৰ বিডেৰে পঞ্জাব কিংছে ক্ৰয় কৰিছে। কিন্তু এই ধনৰ প্ৰতিটো পইচা তেওঁলোকৰ একাউণ্টত থাকিবনে বা তাৰ পৰা কিমান কৰ্তন কৰিব এই সন্দৰ্ভত জানক…

গোটেই প্ৰক্ৰিয়াটো কি?

যেতিয়া খেলুৱৈসকলক নিলাম কৰা হয় তেতিয়া তেওঁলোকৰ নিলামৰ ধনৰ পৰা টিডিএছ (Tax Deducted at Source) কৰ্তন কৰা হয়। ভাৰতীয় খেলুৱৈৰ নিলামৰ ধনৰ ওপৰত ১০% টিডিএছ কৰ্তন কৰা হয়। ইয়াৰ পিছত তেওঁলোকে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰিব লাগিব, য’ত তেওঁলোকৰ অন্যান্য আয় আৰু খৰচৰ একাউণ্ট যোগ কৰা হয়। ইয়াৰ ভিত্তিত তেওঁলোকৰ মুঠ আয়ৰ ওপৰত চূড়ান্ত কৰ দিব লাগিব। কিন্তু নিলামৰ পৰিমাণৰ ভিত্তিতহে টিডিএছ গণনা কৰা হয়।

বিদেশী খেলুৱৈয়ে কিমান কৰ দিব লাগিব?

আনহাতে বিদেশী খেলুৱৈৰ ক্ষেত্ৰত ভাৰতত আয়ৰ ওপৰত ২০% টিডিএছ কৰ্তন কৰা হয়। যদিহে বিদেশী খেলুৱৈয়ে ভাৰতত আন কোনো উপাৰ্জন কৰা নাই, তেন্তে টিডিএছৰ বাহিৰে আন কোনো কৰ দিব নালাগে। লগতে ভাৰতত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নালাগে। ইয়াৰ বাহিৰেও খেলুৱৈসকলে লাভ কৰা ধনৰাশি তেওঁলোকৰ চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো খেলুৱৈক Playing 11 ত অন্তৰ্ভুক্ত নহয়, তেন্তে তেওঁক বেলেগ ধৰণে দৰমহা দিয়া হয়। একে সময়তে যদি কোনো খেলুৱৈ আই পি এলত খেলিবলৈ উপলব্ধ নহয় তেন্তে তেওঁৰ মাচুল কৰ্তন কৰা হয়।

থোৰতে চাওক জনপ্ৰিয় কেইজনমান খেলুৱৈ কিমান দৰত বিক্ৰী হৈছিল?

আই পি এলৰ মেগা নিলামত প্ৰথমে ভাৰতীয় দলৰ তাৰকা পেচাৰ অৰ্শদীপৰ নাম আহে। আৰটিএম কাৰ্ড প্ৰয়োগেৰে ১৮ কোটি টকাত পঞ্জাৱ কিংছে ৰিটেইন কৰে অৰ্শদীপ সিঙক। দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডাক ক্ৰয় কৰিছে গুজৰাট টাইটানছে। তাৰকা পেচাৰগৰাকীক ১০.৭৫ কোটি টকাত ক্ৰয় কৰে ফ্ৰেন্সাইজিটোৱে। গুজৰাট টাইটানছে ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক জ’ছ বাটলাৰকো ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে। ভাৰতীয় দলৰ মহম্মদ ছামিক ৱানৰাইজাৰ্ছ হায়দৰাবাদে ১০ কোটি টকাৰ দৰত ক্ৰয় কৰিছে। গুজৰাট টাইটানছে ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক জ’ছ বাটলাৰকো ১৫.৭৫ কোটি টকাত ক্ৰয় কৰিছে। বিগত সংস্কৰণত আই পি এলৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হোৱা মিচেল ষ্টাৰ্কক এইবাৰ ১১.৭৫ কোটি টকা লাভ কৰে।

 

Latest News