OYOৰ যাদু! প্ৰথমবাৰৰ বাবে লাভ কৰিছে সৰ্বমুঠ ২২৯ কোটি টকা | ipo bound oyo book first ever profit of rs 229 crore know more Assam news - Assam Tv9

OYOৰ যাদু! প্ৰথমবাৰৰ বাবে লাভ কৰিছে সৰ্বমুঠ ২২৯ কোটি টকা

Published: 

15 Aug 2024 15:51 PM

সৰু সৰু হোটেলসমূহ একত্ৰিত কৰি বিশ্বৰ সৰ্ববৃহৎ হোটেল শৃংখলটো সৃষ্টি কৰা ইউনিকৰ্ণ কোম্পানী OYOই প্ৰথমবাৰৰ বাবে লাভ অৰ্জন কৰিছে। কোম্পানীটোৱে লাভালাভৰ খবৰটো এনে এটা সময়ত আহিছে যেতিয়া কোম্পানীটোৱে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিবলৈ ওলাইছে আৰু শীঘ্ৰে আই পি অ’ মুকলি কৰিব।

OYOৰ যাদু! প্ৰথমবাৰৰ বাবে লাভ কৰিছে সৰ্বমুঠ ২২৯ কোটি টকা

OYOৰ যাদু!

Follow Us On

আজি বিখ্যাত পৰ্যটনস্থলীৰ পৰা তীৰ্থস্থানৰ কাষৰ ৰাস্তাবোৰত সৰু সৰু হোটেলৰ সৈতে সংযোগ কৰি OYO ই বিশ্বৰ সৰ্ববৃহৎ হোটেল শৃংখলত পৰিণত হৈছে। ৰিতেশ আগৰৱালাৰ এই ষ্টাৰ্টআপ কোম্পানীটোৱে নিজৰ ফলাফল ঘোষণা কৰি প্ৰথমবাৰৰ বাবে লাভ কৰিছে কোম্পানীটোৱে। ২০২৩-২৪ চনত কোম্পানীটোৰ লাভ হৈছে ২২৯ কোটি টকা। যি সময়ত কোম্পানীটোৱে অতি সোনকালে আই পি অ’ আৰম্ভ কৰি শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিবলৈ ওলাইছে সেই সময়তে কোম্পানীটোৱে লাভৰ কথা ঘোষণা কৰিছে।

কোম্পানীটোৰ ফলাফল আশা কৰাতকৈ ভাল হৈছে। ২০২৩-২৪ চনত ১০০ কোটি টকা লাভৰ আশা কৰিছিল। কোম্পানীটোৰ প্ৰতিষ্ঠাপক ৰিতেশ আগৰৱালাইও এই উপলক্ষে কোম্পানীটোৰ ফলাফলক লৈ সুখ প্ৰকাশ কৰিছে। তেওঁ এক বিবৃতিত কয়, ‘যোৱা কেইবছৰমানৰ পৰা মই শিকি অহা আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল কম কথা কোৱা আৰু বেছি কাম কৰা। আমাৰ অডিট কৰা ফলাফল ব’ৰ্ডৰ অনুমোদনৰ পিছত ৰাজহুৱা কৰা হৈছে। কোম্পানীটোৰ নিকা লাভ ২২৯ কোটি টকা হৈছে, যিটো মোৰ আগৰ হিচাপ ১০০ কোটি টকাতকৈ বেছি।

আয় ২১৫ শতাংশ বৃদ্ধি পাইছে

আয়ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি কৰ আদায়ৰ পূৰ্বে ইয়াৰ মুঠ আয় ২১৫ শতাংশ বৃদ্ধি পাই ২০২৩-২৪ চনত প্ৰায় ৮৭৭ কোটি টকা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল প্ৰায় ২৭৭ কোটি টকা। এই সময়ছোৱাত কোম্পানীটোৰ খৰচো প্ৰায় ১৩ শতাংশ হ্ৰাস পাইছে আৰু সেয়া হৈছে মাত্ৰ ৪৫০০ কোটি টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত এই ব্যয় আছিল প্ৰায় ৫,২০৭ কোটি টকা।

২০২৩-২৪ বিত্তীয় বৰ্ষত অয়’ই নিজৰ নেটৱৰ্কত বহু নতুন হোটেল সংযোজন কৰিছে। কেৱল এয়াই নহয়, তেওঁৰ ব্যৱসায়িক প্ৰদৰ্শনৰো উন্নতি হৈছে। ভ্ৰমণ বৃদ্ধিৰ বাবে ইয়াৰ চাহিদা বৃদ্ধি পাইছে। এই সকলোবোৰ কাৰকৰ বাবেই OYOই যথেষ্ঠ লাভ কৰিছে।

বিদেশত ব্যৱসায় সম্প্ৰসাৰণ কৰা

ইতিমধ্যে OYOৰ নেটৱৰ্ক বিশ্বৰ আটাইতকৈ ডাঙৰ বাজেট হোটেলৰ নেটৱৰ্ক। শেহতীয়াকৈ কোম্পানীটোৱে ফ্ৰান্সৰ কে এণ্ড জে কনছালটিংক ক্ৰয় কৰিছে। এই কোম্পানীয়ে ইউৰোপত প্ৰিমিয়াম ৰেণ্টেল হোম কোম্পানী ‘চেকমাইগেষ্ট গ্ৰুপ’ পৰিচালনা কৰে অয়োৱে শ্বেয়াৰ শ্বেপিঙৰ জৰিয়তে এই চুক্তি সম্পূৰ্ণ কৰিছে।

OYOৰ আই পি অ’ আহি আছে

প্ৰায় ২ বছৰ আগতে অয়োৱে আই পি অ’ ঘোষণা কৰিছিল। কিন্তু বজাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীয়ে এতিয়াও মুকলি কৰা নাই। এই বছৰ অয়’ৰ আই পি অ’ আহিব বুলি আশা কৰা হৈছে, ইয়াৰ আকাৰ ৮৪৩০ কোটি টকা হ’ব পাৰে। ৭ হাজাৰ কোটি টকাৰ নতুন ইছ্যু হ’ব আৰু ১৪৩০ কোটি টকাৰ বিক্ৰীৰ বাবে অফাৰ দিয়াৰ সম্ভাৱনা আছে।

অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version