5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চন্দ্ৰযান-মংগলযানে নহয়, দেশৰ জিডিপিলৈও ISROয়ে আগবঢ়াইছে বিশেষ অৱদান!

ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) চাইকেলত ৰকেট কঢ়িয়াই নিয়াৰ পৰা চন্দ্ৰ আৰু মংগল গ্ৰহত উপনীত হোৱালৈ বহু অভিলেখ গঢ়িছে। কিন্তু আপুনি জানেনে যে ইছৰোৱে দেশৰ জিডিপিত ৫ ট্ৰিলিয়নৰ অৰিহণা আগবঢ়াইছে? অধিক জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

চন্দ্ৰযান-মংগলযানে নহয়, দেশৰ জিডিপিলৈও ISROয়ে আগবঢ়াইছে বিশেষ অৱদান!
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)
trishna-kalita
Trishna Kalita | Updated On: 14 Nov 2024 17:40 PM

দেশ স্বাধীনতা হোৱাৰ পিছত যেতিয়া ভাৰতে মহাকাশ খণ্ডত কাম আৰম্ভ কৰিছিল, ইয়াৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল।কিন্তু আজি যেতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সাফল্যলৈ ঘূৰি চালে তেতিয়া জানিব পাৰি যে এখন দেশ হিচাপে ভাৰতে কিমান অগ্ৰগতি লাভ কৰিছে। যদি ইছৰোৱে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু মংগল গ্ৰহৰ পথ সামৰি লৈছে, লগতে দেশৰ অৰ্থনীতিত ৫ ট্ৰিলিয়ন অৰিহণা যোগাইছে।

শেহতীয়াকৈ ইছৰোৰ অৱদানৰ ওপৰত ‘সামাজিক অৰ্থনৈতিক প্ৰভাৱ বিশ্লেষণ’ কৰা হৈছিল। ইয়াৰ প্ৰতিবেদনত ইছৰো সম্পৰ্কীয় বহুতো অনন্য তথ্য পোহৰলৈ আহিছিল।

১ টকা খৰচ কৰি ২.৫ টকা উপাৰ্জন 

ইছৰোৰ ওপৰত কৰা অধ্যয়নটোৱে দেখুৱাইছিল যে মিছনৰ পৰা আৰম্ভ কৰি গৱেষণালৈকে খৰচ হোৱা সকলো ধনৰ উৎকৃষ্ট ৰিটাৰ্ণ পোৱা গৈছে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত ইছৰোৰ অধ্যক্ষ এছ. সোমনাথক উদ্ধৃত কৰি কোৱা হৈছে যে ইছৰোৱে ব্যয় কৰা প্ৰতি ১ টকা খৰচৰ বাবদ ২.৫ টকা ঘূৰাই পাইছে।

সোমনাথে কয় যে ইছৰোৰ প্ৰাথমিকতা হৈছে দেশ সেৱা, সেই বিশ্বৰ দেশবোৰৰ সৈতে প্ৰতিযোগিতা কৰা নহয়, যিবোৰে মহাকাশত নিজৰ আধিপত্য গঢ়িবলৈ প্ৰতিযোগিতাত নামি পৰিছে।

তেওঁ লগতে কয়, “চন্দ্ৰলৈ যোৱাটো এটা ব্যয়বহুল কাম। সেয়েহে আমি কেৱল চৰকাৰৰ পৰা পোৱা পুঁজিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো। সেযইবাৰে আমি মহাকাশ খণ্ডৰ ব্যৱসায়ত আধিপত্য গঢ়িব লাগিব। যাতে আপুনি এই খণ্ডত আগবাঢ়ি যাব পাৰে। অন্যথা, এনে এটা দিন আহিব যেতিয়া আমি এনেকুৱা কিবা কৰিম আৰু চৰকাৰে আমাক পিছদিনাৰ পৰা কাম বন্ধ কৰিবলৈ ক’ব।”

জিডিপিলৈ ৫ ট্ৰিলিয়ন

শেহতীয়াকৈ কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ইছৰোৰ ‘Socio Economic Impact Analysis’ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ মহাকাশ উদ্যোগে ২০১৪ ৰ পৰা ২০২৪ চনৰ ভিতৰত জিডিপিত ৬০ বিলিয়ন ডলাৰ (প্ৰায় ৫ লাখ কোটি টকা বা ৫ ট্ৰিলিয়ন টকা) অৰিহণা যোগাইছে। ইয়াৰ গুণক প্ৰভাৱ অৰ্থনীতিতো দেখা গৈছে। ভাৰতীয় অৰ্থনীতিত মহাকাশ খণ্ডৰ দ্বাৰা পোৱা ১ ডলাৰৰ গুণক প্ৰভাৱ আছিল ২.৫৪ ডলাৰ।

 

গুণক প্ৰভাৱৰ (Multiplier effect) গণনা বিশেষভাৱে আন্তঃগাঁথনি খণ্ডৰ বাবে কৰা হয়। ইয়াত, চৰকাৰে চাই যে তেওঁলোকে ব্যয় কৰা এক টকাৰ পৰা বিভিন্ন ধৰণে অৰ্থনীতি কিমান লাভান্বিত হৈছে। উদাহৰণ স্বৰূপে, যদি চৰকাৰে এটা পথ নিৰ্মাণ কৰে, তেন্তে তাৰ পৰা কিমানজন লোকে নিযুক্তি লাভ কৰিছে, সম্পত্তিৰ মূল্য কিমান বৃদ্ধি হৈছে, ইন্ধন অৰ্থনীতি কিমান উন্নত হৈছে আৰু কিমান জনলোকৰ জীৱন সলনি কৰিছে আদিৰ দৰে বহুতো কাৰক গণনা কৰা হয়। ইয়াৰ পৰা সামগ্ৰিক গুণক প্ৰভাৱ পোৱা যায়।

ভাৰতীয় মহাকাশ খণ্ডৰ ৰাজহ ২০২৩ চনত ৬.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। আজি ভাৰত হৈছে বিশ্বৰ ৮ম সৰ্ববৃহৎ মহাকাশ অৰ্থনীতি। ই এতিয়ালৈকে দেশত ৪৭ লাখ চাকৰি সৃষ্টি কৰিছে। ইয়াত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত ৯৬,০০০ চাকৰি সৃষ্টি হৈছে।

Latest News