Kisan Vikas Patra: ডাকঘৰৰ এই আঁচনিত ধন জমা ৰাখিলে হৈ পৰে দুগুণ! জানক সবিশেষ…

Kisan Vikas Patra: আপুনি যদি নিৰাপদভাৱে ধন বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আছে এক ভাল খবৰ। ডাকঘৰৰ এক আঁচনি আছে য'ত ধন বিনিয়োগ কৰিলে হৈ পৰে দুগুণ।

Kisan Vikas Patra: ডাকঘৰৰ এই আঁচনিত ধন জমা ৰাখিলে হৈ পৰে দুগুণ! জানক সবিশেষ...

চৰকাৰী আঁচনি

Published: 

03 Mar 2025 13:24 PM

ভাল ভৱিষ্যতৰ বাবে আপুনিও বিনিয়োগ কৰিব বিচাৰে নেকি?  কিন্তু ব্যক্তিগত কোম্পানী বা বিনিয়োগ প্ৰকল্পত ধন ৰাখিবলৈ ভয় কৰে নেকি? যদি এনে হয়, তেন্তে  আপোনাৰ বাবে আছে এক ভাল খবৰ। চৰকাৰৰ  অধীনত এনে এক আঁচনি আছে য’ত বিনিয়োগ কৰিলে আপুনি দুগুণ ৰিটাৰ্ণ পাব আৰু যি অতি নিৰাপদ বুলি দাবী কৰা হয়।

চৰকাৰী সমৰ্থিত বিনিয়োগৰ অন্যতম বিকল্প হৈছে ডাকঘৰৰ আঁচনি। বিনিয়োগ কৰিবৰ বাবে ডাকঘৰত বহুত আঁচনি আছে। তেনে  এক আঁচনি হ’ল কিষাণ বিকাশ পাত্ৰ (Kisan Vikas Patra), য’ত ধন জমা কৰিলে দুগুণ হ’ব। কিষাণ বিকাশ পাত্ৰৰ সুতৰ হাৰ বছৰি ৭.৫ শতাংশ, যি বিভিন্ন বেংকৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰৰ তুলনাত অধিক। গতিকে আপুনি যদি ধন জমা কৰিব বিচাৰিছে তেন্তে এই আঁচনি আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে।

যদি আপুনি ডাকঘৰৰ এই আঁচনিখনত ১০০ মাহৰ বাবে অৰ্থাৎ ৮ বছৰ ৪ মাহৰ বাবে বিনিয়োগ কৰে তেন্তে আপোনাৰ জমা ধন দুগুণ হ’ব। ধৰি লওক আপুনি কিষাণ বিকাশ পাত্ৰত ১ লাখ টকা বিনিয়োগ কৰে, তেতিয়া ১০০ মাহৰ পিছত সেই ধনৰাশি ২ লাখ টকা হ’ব। ২ লাখ টকা সঞ্চয় কৰিলে ৪ লাখ টকা হৈ যাব।

উল্লেখ কৰা প্ৰয়োজন যে, কিষাণ বিকাশ পাত্ৰৰ আন এটা সুবিধা হ’ল এই আঁচনিখনত নূন্যতম ১০০০ টকা বিনিয়োগ কৰিব পৰা যায়। বিনিয়োগৰ সৰ্বোচ্চ সীমা কোনো নিৰ্ধাৰণ কৰা নাই। গতিকে আপুনি নিজৰ সামৰ্থ অনুসৰি এই আঁচনিখনত ধন বিনিয়োগ কৰিব পাৰে।

কিষাণ বিকাশ পাত্ৰ হৈছে ভাৰত চৰকাৰৰ এক পদক্ষেপৰ অধীনত হ্ৰস্বম্যাদী সঞ্চয়ৰ আহিলা যিয়ে মানুহক দীৰ্ঘম্যাদী সঞ্চয় পৰিকল্পনাত বিনিয়োগ কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ অধীনত আপুনি ১০০০ টকা দি কেভিপি একাউন্ট খুলিব পাৰে। ইয়াৰোপৰি ইয়াত বিনিয়োগৰ কোনো সৰ্বোচ্চ সীমা নাই যাৰ বাবে আপুনি সাধ্য অনুসৰি ধন বিনিয়োগ কৰিব পাৰি। ইয়াৰোপৰি ইয়াক জইন্ট একাউন্ট খোলাৰ ব্যৱস্থাও আছে। লগতে কিশোৰৰ নামত প্ৰাপ্তবয়স্ক কোনো লোকেও এই আঁচনি খুলিব পাৰে।

কি কি লাগিব

এই আঁচনিৰ বাবে আবেদন জনাবলৈ আপোনাক পৰিচয় পত্ৰ, আধাৰকাৰ্ড , পাচপোৰ্ট, ভোটাৰ কাৰ্ডৰ কপি আদিৰ প্ৰয়োজন হ’ব। অধিক জানিবৰ বাবে আপুনি পোষ্ট অফিচৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ Universal pension Scheme: মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! দেশৰ সকলো নাগৰিকে লাভ কৰিব ধন, কেনেকৈ জানক…

 

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ