ভাৰতীয় শ্বেয়াৰ বজাৰৰ পাঁচটা সস্তাৰ শ্বেয়াৰ

কোম্পানী এটাৰ P/E কম হোৱাৰ অৰ্থ হ’ল সেই কোম্পানীটোৰ শ্বেয়াৰ, বজাৰত বহু কম দামত উপলব্ধ । আনহাতে P/E Ratio ১তকৈ কম হ’লে গাখীৰতে ম'হৰ খুটিৰ দৰে হয় । কোম্পানী এটাৰ কম P/E Ratio ই কোম্পানীটোৰ বৃদ্ধি, লাভৰ সম্ভাৱনা আৰু বিভিন্ন সমস্যাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । আনহাতে, যদি P/E Ratio বেছি হয়, তেন্তে বিশেষজ্ঞসকলে সেই শ্বেয়াৰক বহু বেছি ব্যয়বহুল বুলি গণ্য কৰে ।

ভাৰতীয় শ্বেয়াৰ বজাৰৰ পাঁচটা সস্তাৰ শ্বেয়াৰ

প্ৰতীকী ছবি

Published: 

25 Feb 2025 20:07 PM

বৰ্তমান ভাৰতীয় বজাৰত চলি আছে সংশোধন । বিনিয়োগকাৰীয়ে বিভিন্ন ধৰণেৰে বিশ্লেষণ কৰিছে কোনবোৰ ষ্টক এতিয়া সস্তীয়া । ইয়াৰ বাবে আটাইতকৈ বহুল ব্যৱহৃত জোখৰ এককটো হ’ল প্ৰাইচ টু আৰ্ণিং ৰেছিঅ’ বা P/E Ratio । কোম্পানী এটাৰ শ্বেয়াৰৰ মূল্যক সেই কোম্পানীটোৰ প্ৰতি শ্বেয়াৰৰ আয়ৰ সৈতে ভাগ কৰি P/E Ratio পোৱা যায় ।

কোম্পানী এটাৰ P/E কম হোৱাৰ অৰ্থ হ’ল সেই কোম্পানীটোৰ শ্বেয়াৰ, বজাৰত বহু কম দামত উপলব্ধ । আনহাতে P/E Ratio ১তকৈ কম হ’লে গাখীৰতে ম’হৰ খুটিৰ দৰে হয় । কোম্পানী এটাৰ কম P/E Ratio ই কোম্পানীটোৰ বৃদ্ধি, লাভৰ সম্ভাৱনা আৰু বিভিন্ন সমস্যাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । আনহাতে, যদি P/E Ratio বেছি হয়, তেন্তে বিশেষজ্ঞসকলে সেই শ্বেয়াৰক বহু বেছি ব্যয়বহুল বুলি গণ্য কৰে ।

বজাৰৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ যেতিয়া বিভিন্ন শ্বেয়াৰৰ মূল্যৰ উঠা-নমা হয় তেতিয়া সেই শ্বেয়াৰৰ P/E Ratioৰ প্ৰতিও গুৰুত্ব দিয়া উচিত । অৱশ্যে বিশেষজ্ঞসকলে এইটোও সকীয়াই দিছে যে কম P/E Ratio ৰ অৰ্থ এইটো নহয় যে ষ্টক ভাল হ’ব ।

২৪ ফেব্ৰুৱাৰীৰ তথ্য অনুসৰি যদি শূন্যতকৈ অধিক P/E আৰু ৫,০০০ কোটি টকাতকৈ অধিক বজাৰ মূলধন থকা কোম্পানীসমূহক সৰ্বনিম্ন P/Eৰ পৰা ভাগ কৰা হয়, তেন্তে শীৰ্ষ ৫ টা কোম্পানী হ’ল অশোকা বিল্ডকন, জিই শ্বিপিং, কেএনআৰ কনষ্ট্ৰাকচন, পাৱাৰ ফাইনেন্স কৰ্প’ৰেশ্যন, আৰু এলআইচি হাউছিং ফাইনেন্স ।

অশোক বিল্ডকন: এই কোম্পানীটোৰ বজাৰ মূলধন হৈছে ৫,৪৯৭ কোটি টকা । P/E অনুপাত ৩.৬৪ । আনহাতে, এই কোম্পানীটোৱে যিটো ক্ষেত্ৰত কাম কৰে, তাৰ গড় P/E ২৬.৯৮ । যোৱা তিনিমাহত কোম্পানীটোৰ ৰাজহ বৃদ্ধি পোৱাৰ লগে লগে লাভো বৃদ্ধি পাইছে ।

জি ই শ্বিপিং: যোৱা তিনিমাহত জিই শ্বিপিঙৰ লভ্যাংশও সামান্য বৃদ্ধি পাইছে । কোম্পানীটোৰ বজাৰ মূলধন এতিয়া ১২,৯০৩ কোটি টকা । যদিও কোম্পানীটোৰ P/E কম, এই কোম্পানীটোৱে যিটো খণ্ডত কাম কৰে তাৰ গড় P/E ৬.৩৭ ।

কে এন আৰ কনষ্ট্ৰাকচন: নিৰ্মাণ খণ্ডৰ আন এটা কোম্পানী হৈছে কে এন আৰ কনষ্ট্ৰাকচন । এই খণ্ডৰ গড় P/E ২৬.৯৮ আৰু কোম্পানীটোৰ P/E মাত্ৰ ৫.৪০ । কোম্পানীটোৰ বজাৰ মূলধন ৬৫৭১ কোটি টকা ।

পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন: ১,২৮,৭৮৬ কোটি টকাৰ বজাৰ মূলধন থকা পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন এই তালিকাৰ আন ৪ টা কোম্পানীতকৈ কেইটামান স্তৰ আগবাঢ়ি আছে । কোম্পানীটোৰ P/E ৰেচিঅ’ হৈছে ৫.৭৮ । এই কোম্পানীটো যিটো বিত্তীয় খণ্ডত অৱস্থিত তাৰ গড় P/E ১৭.৭৩ ।

এল আই চি হাউছিং ফাইনেন্স: বিত্তীয় খণ্ডৰ আন এটা কোম্পানী হৈছে এল আই চি হাউছিং ফাইনেন্স । তেওঁলোকৰ P/E Ratio ৫.৮১ আৰু ইয়াৰ বজাৰ মূলধন ২৯,৯০১ কোটি টকা ।

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।

ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক