মাত্ৰ ১২ হাজাৰ টকা জমা কৰি হ’ব কোটিপতি! এই চৰকাৰী আঁচনিৰ কথা জানেনে আপুনি?

ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় প্ৰতিজন ব্যক্তিয়েই নিজৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰে। স্বাভাৱিকতেই যি স্থানত বিনিয়োগ কৰিলে এক ভাল পৰিমাণৰ ৰিটাৰ্ণ পোৱা যায়, তেনে স্থানতে বিনিয়োগ কৰিব বিচাৰে প্ৰতিজন লোকে। এইক্ষেত্ৰত পিপিএফৰ দৰে চৰকাৰী আঁচনি সাধাৰণ লোকৰ বাবে যথেষ্ট সহায়ক হিচাপে বিবেচিত হ’ব পাৰে।

মাত্ৰ ১২ হাজাৰ টকা জমা কৰি হ’ব কোটিপতি! এই চৰকাৰী আঁচনিৰ কথা জানেনে আপুনি?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Mar 2025 19:35 PM

ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় প্ৰতিজন ব্যক্তিয়েই নিজৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰে। স্বাভাৱিকতেই যি স্থানত বিনিয়োগ কৰিলে এক ভাল পৰিমাণৰ ৰিটাৰ্ণ পোৱা যায়, তেনে স্থানতে বিনিয়োগ কৰিব বিচাৰে প্ৰতিজন লোকে। এইক্ষেত্ৰত পিপিএফৰ দৰে চৰকাৰী আঁচনি সাধাৰণ লোকৰ বাবে যথেষ্ট সহায়ক হিচাপে বিবেচিত হ’ব পাৰে। এই চৰকাৰী আঁচনিখনত বিনিয়োগকাৰীয়ে ফিক্সড ৰিটাৰ্ণ লাভ কৰি আছে। অৰ্থাৎ বজাৰৰ উত্থান-পতনৰ ফলত পিপিএফত বিনিয়োগকাৰীৰ জমা ধনত কোনো প্ৰভাৱ নপৰে।

এই আঁচনিৰ অধীনত এগৰাকী বিনিয়োগকাৰীয়ে প্ৰতিমাহে ৩ হাজাৰ, ৬ হাজাৰ আৰু ১২ হাজাৰ টকা জমা কৰি ২৫ বছৰত কিমান টকা লাভ কৰিব পাৰে, এই বিষয়ে চাওঁ আহক। যদি এগৰাকী বিনিয়োগকাৰীয়ে নিজা পিপিএফ একাউণ্টত প্ৰতিমাহে ৩ হাজাৰ টকা জমা কৰে, তেতিয়া এবছৰত ৩৬ হাজাৰ টকা জমা হ’ব আৰু একেদৰে ২৫ বছৰত মুঠ ৯ লাখ টকা জমা হ’ব।

ইফালে চৰকাৰে পিপিএফত ৭.১ শতাংশ বাৰ্ষিক সুত দিয়ে। এই ভিত্তিত জমা ধনৰ মুঠ আনুমানিক সুত হ’ব ১৫,৭৩,৯২৪ লাখ টকা। অৰ্থাৎ ২৫ বছৰত প্ৰতিমাহে ৩,০০০ টকা জমা কৰি মুঠ ২৪,৭৩,৯২৪ লাখ টকা লাভ কৰিব বিনিয়োগকাৰীয়ে। আনহাতে বিনিয়োগকাৰী এজনে যদি এই আঁচনিৰ অধীনত প্ৰতিমাহে ৬ হাজাৰ টকা জমা কৰে, তেতিয়া ২৫ বছৰৰ বাবে এই আঁচনিখনত মুঠ ১৮ লাখ টকা জমা কৰিব।

এই ধনৰাশিৰ ওপৰত মুঠ আনুমানিক সুত হ’ব ৩১,৪৭,৮৪৭ টকা। এনেদৰে মুঠ জমা ধন আৰু সুত হিচাপে বিনিয়োগকাৰীগৰাকীয়ে ২৫ বছৰত মুঠ ৪৯,৪৭,৮৪৭ টকা লাভ কৰিব। এইদৰে ২৫ বছৰৰ বাবে প্ৰতিমাহে ৬ হাজাৰ টকা পিপিএফত জমা কৰি প্ৰায় ৫০ লাখ টকা লাভ কৰিব পাৰিব বিনিয়োগকাৰীয়ে। একে সময়তে যদি আপুনি প্ৰতিমাহে ১২ হাজাৰ টকা জমা কৰে, তেতিয়া আপোনাৰ হাতত প্ৰায় এক কোটি টকাৰ পুঁজি থাকিব।

বিনিয়োগকাৰীগৰাকীয়ে যদি প্ৰতিমাহে ১২ হাজাৰ টকাকৈ ২৫ বছৰৰ বাবে এই আঁচনিৰ অধীনত জমা কৰে, তেতিয়া মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৩৬,০০,০০০ টকা। এই সময়ছোৱাত আনুমানিক সুত লাভ কৰিব ৬২,৯৫,৬৯৪ টকা। এনেদৰে বিনিয়োগকাৰীজনে লাভ কৰা মুঠ ধনৰ পৰিমাণ হ’ব প্ৰায় ৯৮,৯৫,৬৯৪ টকা।

ৱাকফ সংশোধনী বিধেয়ক কি? ৫টা পইণ্টত সবিশেষ জানক
Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...