শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pension Scheme: দহ বছৰ চাকৰি কৰি কেনেকৈ লাভ কৰিব পেঞ্চন? সবিশেষ জানক…

বহুতৰ মনত এটা প্ৰশ্ন আহে যে, কোনোৱে যদি চাকৰিৰ মাজতে কিছুদিনৰ বাবে বিৰতি লয় তেন্তে তেওঁৰ পেঞ্চনৰ হিচাপ কিদৰে কৰা হব? কাৰণ সকলোৱে হয়তো ১০ বছৰলৈ এটা কোম্পানী বা কাৰ্যালয়ত কাম নকৰিবও পাৰে। এই ক্ষেত্ৰত আপুনি কেনকৈ পেন্সন প্লেনৰ অধীনলৈ আহিব?

Pension Scheme: দহ বছৰ চাকৰি কৰি কেনেকৈ লাভ কৰিব পেঞ্চন? সবিশেষ জানক…
EPFO
trishna-kalita
Trishna Kalita | Updated On: 29 Jan 2025 19:55 PM

চাকৰিয়ালসকলৰ বাবে EPFO হৈছে অৱসৰৰ পাছত জীৱনৰ এক নিশ্চিত আৰ্থিক নিৰাপত্তা। লগতে প্ৰত্যেকজনে লোকেই নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব বিচাৰে। যদি আপুনি অৱসৰৰ পিছত পেন্সনক আৰু আপুনি ৬০ বছৰ বয়সৰ পাছত কেনেদৰে জীৱন নিৰ্বাহ কৰিব ইয়াক লৈ চিন্তিত হৈ পৰিছে তেনেহ’লে এই খবৰটো আপোনাৰ বাবে। কৰ্পৰেট খণ্ডত নিয়োজিত লোকসকলৰ স্বাভাৱিকতেই থাকে EPFO একাউণ্ট। এই একাউণ্টত নিয়োজিত লোকৰ মৌলিক দৰমহাৰ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ PF হিচাপে ১২-১২ শতাংশ জমা কৰা হয়। যদি আপুনিও এজন চাকৰিয়াল তেন্তে হয়তো এই বিষয়ে জ্ঞাত যে, ১০ বছৰ ধৰি EPFOত ধন জমা ৰাখিলে এগৰাকী চাকৰিয়াল পেন্সন প্লেনৰ অধীনলৈ আহে।

কিন্তু বহুতৰ মনত এটা প্ৰশ্ন আহে যে, কোনোৱে যদি চাকৰিৰ মাজতে কিছুদিনৰ বাবে বিৰতি লয় তেন্তে তেওঁৰ পেঞ্চনৰ হিচাপ কিদৰে কৰা হব? কাৰণ সকলোৱে হয়তো ১০ বছৰলৈ এটা কোম্পানী বা কাৰ্যালয়ত কাম নকৰিবও পাৰে। এই ক্ষেত্ৰত আপুনি কেনকৈ পেন্সন প্লেনৰ অধীনলৈ আহিব? এতিয়া আৰু ইয়াক লৈ চিন্তা কৰাৰ কাৰণ নাই। কাৰণ এই প্ৰতিবেদনত আমি আপোনাক সবিশেষ তথ্য জনাম।

যদি কোনো চাকৰিয়ালে প্ৰথম চাকৰি এৰি আন কোনো কোম্পানী বা কাৰ্যালয়ত যোগদান কৰিলেও UAN নম্বৰটো সক্ৰিয় কৰি ৰাখে, তেন্তে তেওঁৰ পূৰ্বৰ চাকৰিৰ কাৰ্যকাল নতুন চাকৰিৰ কাৰ্যকালৰ সৈতে যুক্ত কৰা হয় । যদি কোনোৱে এটা কোম্পানীত ৫ বছৰ কাম কৰে আৰু তাৰ পাছত দুবছৰ ক’তো কাম নকৰি পুনৰ আন কোম্পানীত যোগদান কৰে, তেন্তে নতুন চাকৰিৰ সৈতে পূৰ্বৰ ৫ বছৰৰ কাৰ্যকাল যোগ দিয়া হয় ।

এই ক্ষেত্ৰত নতুন কোম্পানীত UAN নম্বৰ একেই ৰখা প্ৰয়োজন । ইয়াৰ দ্বাৰা পি এফ একাউন্ট আৰু পেন্সন স্কিমৰ তথ্য সংযুক্ত হৈ থাকে । তেনে ক্ষেত্ৰত মুঠ চাকৰিৰ কাৰ্যকাল যোগ কৰা হয় । অৰ্থাৎ নতুন কোম্পানীত ১০ বছৰ সম্পূৰ্ণ নকৰিলেও হয়।

ইয়াৰ উপৰিও যদি ১০ বছৰৰ চাকৰি জীৱন সমাপ্ত নহয়, তেন্তে অৱসৰ গ্ৰহণৰ পূৰ্বে পেন্সন একাউন্টৰ পৰা টকা উলিয়াব পাৰে । এই ক্ষেত্ৰত যিমান পৰিমানৰ টকা উলিয়াই নিয়ে, তাৰ কোনো সূদ পোৱা নাযায় । পি এফৰ নিয়ম অনুসৰি, চাকৰি জীৱনৰ মাজত কিছুদিন বিৰতি ল’লেও পেন্সন লাভত সৃষ্টি নহয় কোনো অসুবিধাৰ ।