ওৱাৰেন বাফেটৰ দৰে ধনকুবেৰ হ’ব খোজে যদি অনুসৰণ কৰক এই পাঁচটা কিটিপ
ধনৱন্ত হ'বলৈ নিশ্চয় আপোনাৰো মনযায় । কিন্তু কেনেকৈ হ'ব ? এদিনতেতো কোনো ধনৱান হৈ নুঠে । তেন্তে উপায় কি ? ওৱাৰেন বাফেট কেনেকৈ হৈছিল ধনকুবেৰ । জানি লওক থাওকতে-

আমাৰ দেশত বহু ক্ষেত্ৰত সাফল্যৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয় এজন ব্যক্তিৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি । সেই অনুসৰি ওৱাৰেন বাফেট এজন সফল মানুহ । যাৰ সম্পত্তিৰ মূল্য ১৫,৪৫০ কোটি মাৰ্কিন ডলাৰ । ভাৰতীয় টকাৰ মূল্যত এই পৰিমাণ হ’ব ১৩,৪৭,৯০৫ কোটি টকা । তথ্য অনুসৰি বাফেটে এই সম্পত্তিৰ ৯০ শতাংশই উপাৰ্জন কৰিছে তেওঁ ৬০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছত ।
ওৱাৰেন বাফেট কিন্তু এদিনতে এই অৱস্থাত উপনীত হোৱা নাই । যেতিয়া তেওঁৰ বয়স আছিল ১১ বছৰ, তেতিয়াই তেওঁ আৰম্ভ কৰিছিল বিনিয়োগ । তাৰপাছত লাহে লাহে আজিৰ এই স্থানত উপনীত হয় বাফেট । তেওঁৰ এই সাফল্যই প্ৰমাণ কৰে যে সঠিক অভ্যাস আৰু শৃংখলাবদ্ধতাই এজন মানুহক অৰ্থনৈতিকভাৱে কিমান সফল কৰিব পাৰে । তেওঁ কয় যে পাঁচটা অভ্যাস থাকিলে কোনো এজন মানুহ ভৱিষ্যতে ধনকুবেৰ হ’ব পাৰে ।
আজীৱন শিকাৰ অভ্যাস
পৃথিৱী আৰু জীৱনৰ দৰে দ্বিতীয়খন পাঠশালা ক’তোৱেই নাই । মানুহে শেষ উশাহলৈকে জীৱনৰ পৰা শিকে । ওৱাৰেন বাফেটেও এই কথাকেই কয় । ৯৪ বছৰীয়া বাফেটে এতিয়াও প্ৰতিদিনে কিছু সময় ব্যয় কৰে পঢ়া-শুনাত । তাৰ ভিতৰত বিভিন্ন কোম্পানীৰ ফাইনেন্সিয়েল প্ৰতিবেদ, ইতিহাস বা জীৱনী আদি অন্তৰ্ভুক্ত ।
খৰচ কৰোঁতে সাৱধান হোৱা
ওৱাৰেন বাফেট এজন মিতব্যয়ী মানুহ । তেওঁ এতিয়াও তেওঁৰ পুৰণি ঘৰতেই থাকে । তেওঁ সেই পুৰণি গাড়ীখনতেই চলা-ফুৰা কৰে । এইদৰে তেওঁ নিজৰ খৰচ কম কৰে । তেওঁ আনক দেখুৱাবলৈ কোনো খৰচ কৰাত বিশ্বাসী নহয় । দীৰ্ঘম্যাদী সম্পদ গঢ়া তথা সম্পদ বৃদ্ধি কৰাতেই তেওঁ গুৰুত্ব দিয়ে ।
শৃংখলাবদ্ধতা
শৃংখলাবদ্ধতা এনে এক অভ্যাস যি মানুহক বাহ্যিকভাৱে এদিন দেখিয়েই বুজি পোৱা নাযায় । কিন্তু বাফেটে কেতবোৰ নিয়ম মানি চলে । হঠাৎ ট্ৰেণ্ড দেখি তাত বিনিয়োগ কৰাটো একেবাৰে পছন্দ নকৰে তেওঁ । বৰঞ্চ সঠিক সুযোগলৈ অপেক্ষা কৰাটোৱেই তেওঁৰ স্বভাৱ ।
সুন্দৰ সম্পৰ্ক বজাই ৰখা
বাফেটে বাৰে বাৰে উল্লেখ কৰি আহিছে তেওঁৰ চৌপাশ থকা মানুহৰ অৱদানৰ কথা । তেওঁৰ বাৰ্ষিক পত্ৰৰ পৰা সাক্ষাৎকাৰ, তেওঁৰ সাফল্যৰ বহু কৃতিত্ব তেওঁৰ পৰামৰ্শদাতা, সংগী আৰু বন্ধুসকলক দিয়ে । যিসকল তেওঁৰ আশে-পাশে সদায় থাকে ।
দীৰ্ঘম্যাদী দৃষ্টিভংগী
বহুসময়ত বাফেটে কয় যে আজি কোনো এজন লোক যদি ছাঁত বহি থাকে তাৰ অৰ্থ হ’ল সেই ব্যক্তিজনে বহুদিন আগতেই এটি বৰগছৰ পুলি ৰোপন কৰিছিল । অৰ্থাৎ অৰ্থনৈতিক বা অন্য কোনো বিষয়ে একে ৰাতিতে সাংঘাটিক কিবা এটা কৰাটো সম্ভৱ নহয় । সকলোতে কিছু সময় লাগে, ধৈৰ্য আৰু বিশ্বাস লাগে ।
ওৱাৰেন বাফেটৰ এই সাফল্য কেৱল সঠিক ষ্টক নিৰ্বাচন বা লাভজনক কোনো ষ্টকত বিনিয়োগ কৰাৰ বাবেই হোৱা নাই । তেওঁৰ সাফল্যৰ অন্যতম কাৰণ হ’ল দৈনিক অভ্যাস, নিৰলস শিক্ষণ, নিয়মানুবৰ্তিতা, নিতব্যয়িতা, মানুহৰ সৈতে সুন্দৰ সম্পৰ্ক আৰু এটা দীৰ্ঘম্যাদী চিন্তাভাৱনা ৰখা । এই সকলোবোৰে তেওঁক আজিৰ ওৱাৰেন বাফেটত পৰিণত কৰিছে ।
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিশেষ দ্ৰষ্টব্য: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । সেয়ে বিনিয়োগৰ পূৰ্বে সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত লওক ।
প্ৰতিবেদন- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9 বাংলা