Railway rule: একেটা টিকটত যাত্ৰাৰ মাজত বিৰতি লৈও কৰিব পাৰি ভ্ৰমণ, জানি লওক এই বিশেষ নিয়ম
একেটা টিকটতে ৰেলত যাত্ৰাৰ মাজত ল'ব পাৰি বিৰতি । টিকটৰ বৈধতা শেষ নহয়, কিন্তু তাৰ বাবে অনুসৰণ কৰিব লাগিব ৰেলৱে'ৰ এই বিশেষ নিয়ম ।

প্ৰতীকী ছবি
ট্ৰেইন যাত্ৰা আমাৰ সকলোৰে প্ৰিয় । ভাৰতৰ প্ৰায় সংখ্যক মানুহেই যাতায়াতৰ ক্ষেত্ৰত ট্ৰেইন যাত্ৰা পছন্দ কৰে । ট্ৰেইনত যাত্ৰা কৰাৰ সময়ত যাতে যাত্ৰীৰ অসুবিধা নহয়, তাৰ বাবে ভাৰতীয় ৰেলৱে’ই কেতবোৰ নিয়ম প্ৰস্তুত কৰিছে । ইয়াৰ বহু নিয়মৰ বিষয়ে অৱগত নহয় যাত্ৰীসকল । দূৰণিবটীয়া যাত্ৰা কৰা ৰেল যাত্ৰীৰ বাবে এটা বিশেষ নিয়ম জানি লোৱাটো প্ৰয়োজন । কিয়নো এই নিয়ম জানিলে টিকটৰ খৰচ কিছু কমি যায় ।
১০০০ কিলোমিটাৰৰ অধিক দূৰত্বৰ যাত্ৰাৰ বাবে টিকট ক্ৰয় কৰিলে এটা বিশেষ সুবিধা পোৱা যায় । সেই ক্ষেত্ৰত ৫০০ কিলোমিটাৰ ভ্ৰমণৰ পাছত সেই টিকটত বিৰতি লৈ যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰে । যদি কোনো ব্যক্তিয়ে ৬০০ কিলোমিটাৰ দূৰত্বৰ বাবে ৰেলৰ টিকট ক্ৰয় কৰে, তেন্তে ৫০০ কিলোমিটাৰ যাত্ৰাৰ পাছত তেওঁ বিৰতি ল’ব পাৰে । ২ দিন পৰ্যন্ত তেওঁ এই বিৰতি ল’ব পাৰে । তাৰ পাছত সেই টিকটত পুনৰ বাকী অংশ যাত্ৰা কৰিব পাৰে যাত্ৰীগৰাকীয়ে ।
যদি আপুনি কোনো মেইল/এক্সপ্ৰেছ ট্ৰেইনত এটা টিকটত ৫০০ কিলোমিটাৰৰ বেছি ভ্ৰমণ কৰে, তেন্তে আপুনি তাৰ মাজত আপুনি যিকোনো ষ্টেচনত নামি ২ দিন পৰ্যন্ত বিৰতি ল’ব পাৰে । ২ দিন কটোৱাৰ পাছত আপুনি পুনৰ সেই টিকটত বাকীছোৱা যাত্ৰাপথত ভ্ৰমণ কৰিব পাৰে । ভাৰতীয় ৰেলৱেই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজধানী, শতাব্দী আৰু জন শতাব্দী এক্সপ্ৰেছত অৱশ্যে এই সুবিধা নাথাকে ।
অৱশ্যে এবাৰ যাত্ৰা আৰম্ভ কৰিলে আৰম্ভনি ষ্টেচনৰ পৰা ৫০০ কিলোমিটাৰ দূৰত্বৰ পূৰ্বে আপুনি এই বিৰতিৰ সুবিধা লাভ নকৰে । ধৰি লওক আপুনি ৭০০ কিলোমিটাৰ দূৰত্বৰ বাবে টিকট ক্ৰয় কৰিছে, তেন্তে আপুনি ৪২৩ কিলোমিটাৰ দূৰত্ব ইচ্ছা কৰিলেও এই সুবিধাৰ বাবে নামিব নোৱাৰে । নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পাছত ষ্টেচনত নামি টিকট সংগ্ৰাহক বা ষ্টেচন মাষ্টাৰৰ পৰা অনুমোদন ল’ব লাগে । তাৰ পাছত য’ত যাত্ৰা শেষ হয়, তাত সেই টিকট জমা দিব লাগে ।