অতি কম খৰচতে কৰক বিদেশ ভ্ৰমণ! এই কোম্পানীয়ে দিছে বিমানৰ টিকটত বিশেষ ৰেহাই

শীতকালত ভ্ৰমণলৈ গৈ প্ৰায় সকলোৱে ভাল পায়। এই ক্ষেত্ৰত MakeMyTrip এপটোৱে দিছে নতুন সুবিধা। যাৰ অধীনত যাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় বিমান বুকিঙৰ বাবে মাত্ৰ ১০ৰ পৰা ৪০ শতাংশ ধন দি টিকট নিশ্চিত কৰিব পাৰিব।

অতি কম খৰচতে কৰক বিদেশ ভ্ৰমণ! এই কোম্পানীয়ে দিছে বিমানৰ টিকটত বিশেষ ৰেহাই

অতি কম খৰচতে কৰক বিদেশ ভ্ৰমণ!

Published: 

09 Jan 2025 15:43 PM

আপুনিও বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? যদিহে কম খৰচত বিমানেৰে যাব বিচাৰিছে, তেন্তে এই ভাল খবৰ মাথোঁ আপোনাৰ বাবে। ট্ৰেভেল বুকিং প্লেটফৰ্ম MakeMyTrip-এ বুধবাৰৰ পৰা আৰম্ভ কৰিছে এক নতুন সেৱা। যাৰ অধীনত যাত্ৰীসকলে এতিয়া আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকট বুকিং ১০ৰ পৰা ৪০ শতাংশ দি নিশ্চিত কৰিব পাৰিব। যাত্ৰীসকলে টিকট বুকিং কৰাৰ বাবে আগতীয়াকৈ কিমান টকা দিব লাগিব সেয়া নিৰ্ভৰ কৰিব কোনটো বিমান সংস্থাৰ পৰা বুকিং কৰিছে আৰু কোন তাৰিখত বুকিং কৰিছে তাৰ ওপৰত।

৪৫ দিনৰ ভিতৰত ধন পৰিশোধ কৰক

আপুনি আন্তঃৰাষ্ট্ৰীয় বিমান বুকিঙৰ বাবে ১০%ৰ পৰা ৪০% ধন দি নিশ্চিত কৰাৰ পিছত বাকী থকা ধনৰাশি ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাবে আপুনি কোনো অতিৰিক্ত ধন দিব নালাগে।

উদাহৰণস্বৰূপে, যদি আপোনাৰ টিকটৰ দাম ৫০,০০০ টকা হয় আৰু আপুনি ১০% অৰ্থাৎ ৫০০০ দিছে, তেন্তে বাকী ৪৫,০০০ টকা আগন্তুক ৪৫ দিনৰ ভিতৰত কোনো অতিৰিক্ত চাৰ্জ নোহোৱাকৈ দিব পাৰিব।

এইসকলে যাত্ৰীয়ে হ’ব লাভৱান

MakeMyTrip-এ কয় যে, এই সুবিধা বিশেষকৈ পৰিয়াল বা একেলগে বহু লোক যোৱা ভ্ৰমণৰ বাবে উপকাৰী। কেতিয়াবা একে সময়তে বহুকেইটা টিকটৰ ধন পৰিশোধ কৰাটো অসম্ভৱ হৈ পৰে। কিন্তু এই নতুন সুবিধাৰ জৰিয়তে গ্ৰাহকসকল লাভান্বিত হ’ব।

গ্ৰাহকৰ সঁহাৰি

কোম্পানীটোৱে কয় যে, এই নতুন সেৱাই গ্ৰাহকৰ ভাল সঁহাৰি লাভ কৰিছে। দীৰ্ঘ দূৰত্বৰ আন্তঃৰাষ্ট্ৰীয় বিমান হওক বা কম দূৰত্বৰ আন্তঃৰাষ্ট্ৰীয় বিমানেই হওক ই সকলোতে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

 

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?