Explained : IRCTC-ৰ ই-টিকটত বাতিলৰ চাৰ্জ কিমান, আপুনিও হৈছে নেকি লোকচানৰ সন্মুখীন ?
আই আৰ চি টি চিয়ে টিকটৰ প্ৰকাৰ আৰু বাতিলৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ৰে'লৰ টিকট বাতিলৰ বাবে চাৰ্জ আৰোপ কৰে। কিমান আগত বাতিল কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই চাৰ্জ লয়।

IRCTC-ৰ ই-টিকটত বাতিলৰ চাৰ্জ কিমান
IRCTC য়ে টিকট বাতিল কৰাৰ বাবে গ্ৰাহকৰ পৰা ধন লয়। টিকটৰ ধৰণ আৰু বাতিলৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি এই চাৰ্জ ভিন্ন হয়। যদি আপুনি বাতিল আৰু ধন ওভতাই দিয়া নীতিৰ বিষয়ে সম্পূৰ্ণৰূপে জানে, তেন্তে ই আপোনাক লোকচানৰ পৰা হাত সাৰি যোৱাত সহায় কৰিব পাৰে। সেয়া আপোনাৰ টিকট নিশ্চিত হওক বা ৱেইটিঙত থকা হওক বা আংশিকভাৱে নিশ্চিত হওক। যাত্ৰীসকলে এই চাৰ্জৰ বিষয়ে অৱগত হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ কাৰণ হ’ল ভাৰতীয় ৰে’লৱেই সময়ে সময়ে এই চাৰ্জ সলনি কৰি থাকে। আহক আমি আপোনাক আই আৰ চি টি চিৰ ই-টিকট বাতিলৰ চাৰ্জৰ বিষয়ে বিতং ভাবে জানো।
নিশ্চিত টিকটৰ বাবে বাতিলৰ চাৰ্জ
- যেতিয়া আপুনি নিশ্চিত ৰেলৰ টিকট বাতিল কৰে, তেতিয়া কৰ্তন কৰা ধনৰাশি নিৰ্ভৰ কৰে নিৰ্ধাৰিত প্ৰস্থানৰ সময় আৰু ৰে’লৰ তাৰিখৰ কিমান আগতে বাতিল কৰা হয় তাৰ ওপৰত। যদিহে ৰে’লৰ নিৰ্ধাৰিত যাত্ৰাৰ ৪৮ ঘণ্টাৰো অধিক পূৰ্বে অনলাইনযোগে নিশ্চিত টিকট বাতিল কৰা হয়, তেন্তে প্ৰতিজন যাত্ৰীৰ বাবে নূন্যতম বাতিলৰ চাৰ্জ আৰোপ কৰা হয়।
- কোনোবাই যদি AC First Class/Executive Class টিকট বাতিল কৰে তেন্তে তেওঁ ২৪০ টকা + GST দিব লাগিব। AC 2 Tier/First Class টিকট বাতিলৰ বাবে ২০০ টকা + GST দিব লাগিব। AC 3 Tier/AC Chair Car/AC 3 Economy টিকট বাতিল কৰিলে ১৮০ টকা + GST দিব লাগিব। শ্লীপাৰ ক্লাছৰ টিকট বাতিল কৰিলে ১২০ টকা আৰু দ্বিতীয় শ্ৰেণীৰ টিকট বাতিল কৰিলে ৬০ টকা চাৰ্জ আৰোপ কৰা হ’ব। এই বাতিলৰ চাৰ্জ প্ৰতিজন যাত্ৰীৰ বাবে আৰোপ কৰা হ’ব।
- যদিহে কোনো নিশ্চিত টিকট যাত্ৰাৰ ৪৮ ঘণ্টাৰ পৰা ১২ ঘণ্টাৰ আগতে অনলাইন বাতিল কৰা হয়, তেন্তে বাতিলৰ চাৰ্জ প্ৰযোজ্য হ’ব মুঠ ভাড়াৰ ২৫ শতাংশ, নূন্যতম চাৰ্জৰ অধীনত, লগতে সকলো এচি ক্লাছৰ বাবে প্ৰযোজ্য জিএছটি।
- যদিহে কোনো নিশ্চিত টিকট যাত্ৰাৰ ১২ ঘণ্টাৰ পৰা ৪ ঘণ্টাৰ আগতে অনলাইন বাতিল কৰা হয়, তেন্তে বাতিলৰ চাৰ্জ হ’ব ভাড়াৰ ৫০ শতাংশ, উল্লেখ কৰা নূন্যতম চাৰ্জৰ অধীনত, লগতে সকলো এচি ক্লাছৰ বাবে প্ৰযোজ্য জিএছটি।
- যদি নিশ্চিত কৰা টিকট অনলাইন বাতিল কৰা নহয় বা ৰে’লৰ নিৰ্ধাৰিত যাত্ৰাৰ কমেও ৪ ঘণ্টা আগতে টিডিআৰ (টিকট জমা ৰচিদ) দাখিল কৰা নহয় তেন্তে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহয়।
ৱেইটিং তালিকাভুক্ত টিকটৰ বাবে বাতিলৰ চাৰ্জ
ৱেইটিং তালিকাভুক্ত টিকট বাতিলৰ ক্ষেত্ৰত ৰিফাণ্ডৰ নিয়ম নিশ্চিত টিকটতকৈ পৃথক। নিৰ্ধাৰিত যাত্ৰাৰ ৪ ঘণ্টাৰ আগলৈকে যদি ৱেইটলিষ্ট কৰা টিকট অনলাইন বাতিল কৰা হয় তেন্তে প্ৰতিজন যাত্ৰীৰ বাবে ২০ টকা + জি এছ টি বাতিলৰ চাৰ্জ কৰ্তন কৰা হ’ব। বাকী থকা ভাড়া ঘূৰাই দিয়া হয়।
নিশ্চিত নোহোৱা টিকটৰ অটো বাতিল
প্ৰথম চাৰ্টিং প্ৰস্তুত হোৱাৰ পিছতো যদি টিকটত থকা সকলো যাত্ৰী ৱেইটিং তালিকাত থাকে, তেন্তে টিকট কম্পিউটাৰ ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে টিকট বাতিল কৰে। এনে ক্ষেত্ৰত কোনো বাতিলৰ চাৰ্জ নোহোৱাকৈ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হয়।
চাৰ্টিঙৰ পৰা আঁতৰোৱা অপেক্ষা তালিকাভুক্ত টিকটৰ বাবে বাতিলৰ চাৰ্জ
যদিহে ৰিজাৰ্ভেচন চাৰ্ট প্ৰস্তুত কৰাৰ পিছতো ৱেইটলিষ্টেড ই-টিকট ৱেইটলিষ্টত থাকে, তেন্তে ৱেইটলিষ্টেড পিএনআৰত বুকিং কৰা সকলো যাত্ৰীৰ নাম ৰিজাৰ্ভেচন চাৰ্টৰ পৰা আঁতৰোৱা হ’ব, আৰু টিকটটো স্বয়ংক্ৰিয়ভাৱে বাতিল কৰা হ’ব। কোনো বাতিলৰ চাৰ্জ নোহোৱাকৈয়ে সমগ্ৰ ভাড়া ঘূৰাই দিয়ে।
তৎকাল টিকট বাতিলৰ নিয়ম কি কি?
বাতিল কৰা নিশ্চিত তৎকালৰ টিকটৰ বাবে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহয়। আই আৰ চি টি চিৰ ৱেবছাইট অনুসৰি অহা ১২.৩.২০২৫ পৰ্যন্ত আকস্মিকভাৱে বাতিল কৰা আৰু অপেক্ষাৰ তালিকাত তৎকালৰ টিকট বাতিলৰ চাৰ্জ বৰ্তমানৰ ৰে’লৱে মানদণ্ড অনুসৰি কৰ্তন কৰা হয়। ৰে’ল পলম হ’লে ৰে’লৰ ই-টিকট বাতিলৰ বাবে লোৱা চাৰ্জ বেলেগ বেলেগ আৰু পৃথকে উল্লেখ কৰা হৈছে।