গ্ৰাহকৰ বাবে ভাল খবৰ, জীৱনৰ লগতে স্বাস্থ্যৰো দায়িত্ব ল’ব LICয়ে
LIC: এক পৰিসংখ্যা অনুসৰি মুঠ গ্ৰাহকৰ ভিতৰত ২৯ কোটি গ্ৰাহকে LICৰ টাৰ্ম বীমা লয়। যাৰ জৰিয়তে পলিচি হোল্ডাৰৰ মৃত্যুৰ পিছত পৰিয়ালে বৃহৎ পৰিমাণৰ ধন লাভ কৰে।

LIC মধ্যবিত্ত শ্ৰেণীৰ এক সপোন। বহু কষ্টেৰে উপাৰ্জিত ধনৰ একাংশ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে জমা কৰে তেওঁলোকে। যিয়ে কিছু পৰিমাণে হ’লেও তেওঁলোকক ভৱিষ্যৎ সুৰক্ষিত কৰিব বুলি আশা কৰা হয়। যিয়ে পৰিয়ালৰ প্ৰতি থকা এজন মুৰব্বীৰ দায়িত্বক অলপ সকাহ প্ৰদান কৰে।
সাধাৰণতে মুৰব্বীৰ মৃত্যুৰ পিছতো যাতে পৰিয়ালে চিন্তা কৰিব নালাগে সেই কথা ভাবি মানুহে জীৱন বীমা কৰে। কাইলৈ যদি কিবা এটা অঘটন সংঘটিত হয়, তেন্তে LICত জমা হোৱা মূলধনে হৈ পৰে পৰিয়ালটোৰ মেৰুদণ্ড। কিন্তু কেৱল জীৱন বীমা নহয়, দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা কোম্পানী LICয়ে বিনিয়োগকাৰীক বিভিন্ন ধৰণৰ বিনিয়োগ পলিচি প্ৰদান কৰে।
পৰিসংখ্যা অনুসৰি কোম্পানীটোৰ মুঠ গ্ৰাহকৰ ভিতৰত ২৯ কোটি গ্ৰাহকে LICৰ টাৰ্ম বীমা গ্ৰহণ কৰে। যাৰ জৰিয়তে পলিচিধাৰীৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে বৃহৎ পৰিমাণৰ ধন লাভ কৰে। এতিয়া বছৰ বছৰ ধৰি মানুহক জীৱন বীমা বিক্ৰী কৰি নতুন পথৰ সন্ধান বিচাৰিছে এলআইচিয়ে।
বৰ্তমান বজাৰৰ চাহিদাৰ ভিত্তিত তেওঁলোকে জীৱন বীমাৰ লগতে স্বাস্থ্য বীমাও বিক্ৰী কৰিবলৈ ওলাইছে। ইতিমধ্যে এই প্ৰসংগত এলআইচিৰ বিষয়া সিদ্ধাৰ্থ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, অতি শীঘ্ৰে স্বাস্থ্য বীমা সংস্থাৰ অংশীদাৰিত্ব ল’বলৈ ওলাইছে কোম্পানীটোৱে। ৩১ মাৰ্চৰ ভিতৰত এলআইচিয়ে স্বাস্থ্য বীমাৰ জগতখনত ভৰি দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ ভিত্তিত এক ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে। অৱশ্যে এতিয়াও এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা নাই।
মন কৰিবলগীয়া যে, চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত বৃদ্ধি পাইছে জীৱন বীমা কোম্পানী এলআইচিৰ আয় । জানিব পৰা মতে, এইবাৰ কোম্পানীটোৰ মুঠ আয় ১১ হাজাৰ ০০৯ কোটি। বিগত বছৰৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত এইবাৰৰ ৰাজহ প্ৰায় ১৭ শতাংশ বৃদ্ধি পাইছে। আনহাতে, তাৰ তুলনাত প্ৰিমিয়ামৰ আয় ৯ শতাংশ হ্ৰাস পাইছে। বিগত বিত্তীয় বৰ্ষত এই আয়ৰ পৰিমাণ আছিল ১ লাখ ১৭ হাজাৰ ৪৩২ কোটি। কিন্তু চলিত বিত্তীয় বৰ্ষত ১ লাখ ৭ হাজাৰ ৩০২ কোটি টকা হৈছেগৈ।