LIC বীমা সখীৰ বাবে এইদৰে কৰক আবেদন, জানক প্ৰতিমাহে কিমান টকা উপাৰ্জন কৰিব
LIC বীমা সখী আঁচনিৰ উদ্দেশ্য হৈছে, গ্ৰাম্যাঞ্চলৰ মহিলাসকলক বীমা এজেণ্ট হিচাপে প্ৰশিক্ষণ দিয়া। এই আঁচনিৰ জৰিয়তে ৩ বছৰৰ বাবে প্ৰশিক্ষণ আৰু কমিচন দিয়া হয়। এই আঁচনিৰ অধীনত এক লাখ মহিলাক বীমা সখী কৰাৰ লক্ষ্য লোৱা হৈছে।
LIC Bima Sakhi Yojana: ভাৰতীয় জীৱন বীমা নিগমে গ্ৰাম্যাঞ্চলৰ মহিলাসকলক বীমা এজেণ্ট হিচাপে প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে এই বীমা সখী যোজনা। এই আঁচনিখনত মহিলাসকলক বীমা সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া হ’ব আৰু তেওঁলোকে কমিচন লাভ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে মহিলা সবলীকৰণ আৰু গ্ৰাম্য অঞ্চলত বীমাৰ প্ৰসাৰ বৃদ্ধি কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ ডিচেম্বৰত এই আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত এই পৰ্যন্ত ৫০ হাজাৰৰো অধিক মহিলাই পঞ্জীয়ন কৰিছে।
LIC বীমা সখী আঁচনি
এই আঁচনিৰ অধীনত যোগ্য মহিলাসকলকক বীমা, বিত্তীয় সাক্ষৰতা আৰু বীমাৰ প্ৰয়োজনীয়তাৰ ওপৰত ৩ বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। প্ৰশিক্ষণৰ সময়ত লাভ কৰিব বিনিময়। ৩ বছৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে LIC এজেণ্ট হিচাপে কাম কৰিব পাৰিব। বীমা এজেন্ট হোৱাৰ পিছত তেওঁলোকে নিজৰ গাঁও বা সমাজৰ মানুহক বীমাৰ সুবিধাৰ বিষয়ে জনাই সহায় কৰিব পাৰিব। এই আঁচনিৰ অধীনত এল আই চিয়ে ১,০০,০০০ মহিলাক বীমা সখী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এতিয়ালৈকে এল আই চিয়ে ইয়াৰ বাবে প্ৰায় ২৭ হাজাৰ মহিলাক নিযুক্তি পত্ৰ দিছে।
LIC বীমা সখী আঁচনিৰ উদ্দেশ্য
এই আঁচনিৰ উদ্দেশ্য হৈছে, নাৰীক স্বাৱলম্বী কৰি তোলা। ইয়াৰ দ্বাৰা মহিলাসকলক বীমা এজেণ্ট হোৱাৰ সুযোগ দিয়া হ’ব। ইয়াৰ সহায়ত তেওঁলোকে গ্ৰাম্যাঞ্চলত বীমা সম্পৰ্কে সজাগতা বিয়পাব আৰু জীৱিকা উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হ’ব।
LIC বীমা সখী আঁচনিৰ বাবে যোগ্যতা
- মহিলাগৰাকীৰ বয়স ১৮ৰ পৰা ৭০ বছৰৰ ভিতৰত হ’ব লাগিব।
- এগৰাকী মহিলাৰ নূন্যতম অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
- গ্ৰাম্যাঞ্চলত বসবাস কৰা মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
এই আঁচনিখনত ৩ বছৰৰ বাবে দিয়া হ’ব ধন
- প্ৰথম বৰ্ষ: প্ৰতিমাহে ৭,০০০ টকা
- দ্বিতীয় বৰ্ষ: প্ৰতিমাহে ৬,০০০ টকা (যদি প্ৰথম বৰ্ষৰ কমেও ৬৫% পলিচি সক্ৰিয় হয়)
- তৃতীয় বৰ্ষ: প্ৰতিমাহে ৫,০০০ টকা (যদি দ্বিতীয় বৰ্ষৰ কমেও ৬৫% পলিচি সক্ৰিয় হয়)
কেনেকৈ কৰিব আবেদন?
- প্ৰথমে LICৰ ৱেবছাইটলৈ যাওক
- বীমা সখীৰ বাবে ক্লিক কৰক
- প্ৰয়োজনীয় তথ্য অন্তৰ্ভুক্ত কৰক (যেনে- নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ আদি)
- ইয়াৰ পিঠত Submit ত ক্লিক কৰক
- ৰাজ্য আৰু চহৰ নিৰ্বাচন কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক
প্ৰয়োজনীয় নথিপত্ৰ
- ঠিকনাৰ প্ৰমাণপত্ৰ
- বয়সৰ প্ৰমাণপত্ৰ
- শিক্ষাৰ প্ৰমাণপত্ৰ