চিন্তিত বিনিয়োগকাৰী ! মাত্ৰ দুটা মাহত ১.৪৫ লাখ কোটি টকাৰ লোকচান LIC ৰ…
দেশৰ অন্যতম আগশাৰীৰ এই বীমা কোম্পানীত বছৰ বছৰ ধৰি বিনিয়োগ কৰি আহিছে দেশ মধ্য়বিত্ত শ্ৰেণীৰ লোকে । লাহে লাহে যেন সেই ‘বিশ্বাসযোগ্যতা’ হেৰুৱাবলৈ আৰম্ভ কৰিছে বীমা কোম্পানীটোৱে। কিয়নো দিনক দিনে লোকচানৰ সন্মুখীন হৈ আহিছে বীমা কোম্পানীটোৱে ।

Lic
ভয়ংকৰ হাৰত লোকচানৰ সন্মুখীন হৈছে এল আই চি । দেশৰ অন্যতম আগশাৰীৰ এই বীমা কোম্পানীত বছৰ বছৰ ধৰি বিনিয়োগ কৰি আহিছে দেশ মধ্য়বিত্ত শ্ৰেণীৰ লোকে । লাহে লাহে যেন সেই ‘বিশ্বাসযোগ্যতা’ হেৰুৱাবলৈ আৰম্ভ কৰিছে বীমা কোম্পানীটোৱে। কিয়নো দিনক দিনে লোকচানৰ সন্মুখীন হৈ আহিছে বীমা কোম্পানীটোৱে ।
ভাৰতীয় শ্বেয়াৰ বজাৰৰ বেয়াৰ দিন চলি থকাৰ সময়তো মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে এল আই চিয়ে । কিন্তু সামগ্ৰিকভাৱে এল আই চিৰ শ্বেয়াৰৰ মূল্য বিগত এবছৰত শীৰ্ষৰ পৰা প্ৰায় ২৮ শতাংশ হ্ৰাস পাইছে। এই লোকচান ভৰিব লাগিব বিনিয়োগকাৰীয়ে।
এই জীৱন বীমা কোম্পানীটোৰ বজাৰ মূলধন যোৱা বছৰৰ ডিচেম্বৰ মাহত আছিল ১৪.৯ লাখ কোটি টকা। কিন্তু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই মূল্য ১৩.৪ লাখ কোটি টকালৈ হ্ৰাস পায় । অৰ্থাৎ মাত্ৰ দুমাহতে ১.৪৫ লাখ কোটি টকাৰ লোকচান হৈছে এল আই চিৰ।
তৃতীয় ত্ৰৈমাসিকৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা এই চৰকাৰী বীমা কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাই আহিছে। এই তিনিমাহত এল আই চিৰ আয় প্ৰায় ৯ শতাংশ হ্ৰাস পাইছে। যোৱা বিত্তীয় বৰ্ষত এই আয়ৰ পৰিমাণ আছিল ১ লাখ ১৭ হাজাৰ ৪৩২ কোটি। কিন্তু চলিত বিত্তীয় বৰ্ষত এই আয় ১ লাখ ৭ হাজাৰ ৩০২ কোটি টকালৈ হ্ৰাস পাইছে ।