মাৰ্চেই সীমা, এতিয়াই কৰক এই কামঃ অন্যথা ৰন্ধন গেছৰ ক্ষেত্ৰত হ’ব এনে সমস্যা

ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। চলিত মাৰ্চ মাহৰ ভিতৰতে ৰন্ধন গেছৰ গ্ৰাহকসকলে এক বিশেষ কাম কৰিব লাগিব। অন্যথা গেছ ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকসকল বৃ্হৎ অসুবিধাৰ সন্মুখীন হ’ব লাগিব।

মাৰ্চেই সীমা, এতিয়াই কৰক এই কামঃ অন্যথা ৰন্ধন গেছৰ ক্ষেত্ৰত হ’ব এনে সমস্যা

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ

Published: 

13 Mar 2025 16:45 PM

ৰন্ধন গেছৰ ব্যৱহাৰ এতিয়া সকলোতে সুলভ হৈ পৰিছে। ইয়াৰ ব্যৱহাৰে ব্যক্তিৰ জীৱনো সহজ কৰি তুলিছে। পিছে ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। চলিত মাৰ্চ মাহৰ ভিতৰতে ৰন্ধন গেছৰ গ্ৰাহকসকলে এক বিশেষ কাম কৰিব লাগিব। অন্যথা গেছ ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকসকল বৃ্হৎ অসুবিধাৰ সন্মুখীন হ’ব লাগিব। ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে এল পি জি বিতৰকসকলক শীঘ্ৰে কে ৱাই চি আপডেট কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ গ্ৰাহকসকলে মাৰ্চ মাহৰ ভিতৰতে ৰন্ধন গেছৰ বাবে কে ৱাই চি কৰিব লাগিব।

চৰকাৰী তেল কোম্পানীটোৱে বিগত বৰ্ষতে ৰন্ধন গেছৰ বাবে কে ৱাই চি আপডেটৰ নিৰ্দেশ প্ৰদান কৰিছিল। সেই অনুসৰি কে ৱাই চি আপডেটৰ কাম আৰম্ভ হৈছে যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই। জানিব পৰা মতে, ইণ্ডিয়ান অইলে বিগত বৰ্ষৰ অক্টোবৰ মাহতে ৩১ মাৰ্চৰ ভিতৰত কে ৱাই চি আপডেটৰ কাম সম্পূৰ্ণ হ’ব লাগে বুলি নিৰ্দেশ দিছিল।

শেহতীয়াকৈ গেছ বিতৰকসকলৰ সৈতে বৈঠকত মিলিত হৈছিল ইণ্ডিয়ান অইল। এই বৈঠকত ইণ্ডিয়ান অইলে কেৱাইচি আপডেট প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে বুজ লৈছিল। বৈঠকত বিতৰকসকলক কেৱাইচি আপডেটৰ কাম মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব বুলি পুনৰ এবাৰ স্পষ্ট কৰি দিয়া হৈছিল।

অৱশ্যে গেছ বিতৰকসকলে উল্লেখ কৰা মতে এই বিষয়ত মৌখিকভাৱে অৱগত কৰা হৈছিল যদিও কোনো লিখিত নিৰ্দেশনা দিয়া হোৱা নাছিল। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়েও অৱশ্যে বিগত বৰ্ষত আধাৰ লিংকিঙৰ কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলি উল্লেখ কৰিছিল। তথাপি শেহতীয়া বৈঠকৰ পিছত চলিত মাহৰ ভিতৰতে গ্ৰাহকসকলে ৰন্ধন গেছৰ কে ৱাই চি আপডেট কৰা উচিত হ’ব।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ