শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্যাহত হ’ব LPG চিলিণ্ডাৰৰ যোগান! চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক

মে’ মাহৰ পৰা গ্ৰাহকসকলে এলপিজি চিলিণ্ডাৰ পোৱাত সমস্যা হ’ব পাৰে। লগতে বৃদ্ধি পাব পাৰে চিলিণ্ডাৰৰ খৰচো। প্ৰকৃততে এলপি জিডিষ্ট্ৰিবিউটৰছ ইউনিয়নে দিছে ধৰ্মঘটৰ হুংকাৰ। এতিয়া এি ধৰ্মঘট হ’লে সাধাৰণ ৰাইজে গেছ চিলিণ্ডাৰ পোৱাত অসুবিধা পাব।

ব্যাহত হ’ব LPG চিলিণ্ডাৰৰ যোগান! চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে গ্ৰাহক
এলপিজি চিলিণ্ডাৰ
trishna-kalita
Trishna Kalita | Updated On: 21 Apr 2025 14:21 PM

শেহতীয়াকৈ এপ্ৰিল মাহৰ আৰম্ভণিতে চৰকাৰে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰিছিল।যিয়ে গ্ৰাহকসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। এতিয়া মে’ মাহৰ বাবে আহিছে আন এক ভাবুকি। যাৰ ফলত গ্ৰাহকৰ উদ্বেগ বৃদ্ধি পাইছে। মে’ মাহৰ পৰা গ্ৰাহকসকলে এলপিজি চিলিণ্ডাৰ পোৱাত সমস্যা হ’ব পাৰে। লগতে বৃদ্ধি পাব পাৰে চিলিণ্ডাৰৰ খৰচো। প্ৰকৃততে এলপি জিডিষ্ট্ৰিবিউটৰছ ইউনিয়নে দিছে ধৰ্মঘটৰ হুংকাৰ। এতিয়া এি ধৰ্মঘট হ’লে সাধাৰণ ৰাইজে গেছ চিলিণ্ডাৰ পোৱাত অসুবিধা পাব। দেওবাৰে সংগঠনটোৱে সকীয়াই দিয়ে যে তিনিমাহৰ ভিতৰত তেওঁলোকৰ দাবী পূৰণ নকৰিলে ধৰ্মঘট কৰিব। যদি এনেকুৱা হয় চিলিণ্ডাৰটো গ্ৰাহকৰ ঘৰলৈ পঠিওৱাত সমস্যা হ’ব পাৰে।

সন্থাৰ সভাপতি বি এছ শৰ্মাই এক বিবৃতিত কয় যে, শনিবাৰে ভূপালত অনুষ্ঠিত হোৱা সন্থাৰ ৰাষ্ট্ৰীয় অধিৱেশনত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়,  “বিভিন্ন ৰাজ্যৰ পৰা অহা সদস্যসকলে দাবী পত্ৰ সন্দৰ্ভত প্ৰস্তাৱটোত অনুমোদন জনাইছে। এলপিজি বিতৰকসকলৰ দাবীৰ বিষয়ে আমি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়লৈ লিখিছোঁ। বৰ্তমান এলপিজি বিতৰকক দিয়া কমিচন অতি কম আৰু পৰিচালনা ব্যয়ৰ লগত মিল নাই।”

এই সন্দৰ্ভত এলপিজি বিতৰণৰ কমিছন কমেও ১৫০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছে সন্থাটোৱে। পত্ৰখনত কোৱা হৈছে যে এল পি জিৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি যোগান ধৰা হয়।  কিন্তু, তেল কোম্পানীয়ে বলপূৰ্বকভাৱে আইনৰ বিৰুদ্ধে কাম কৰি আছে। এই কাম তৎক্ষণাত বন্ধ কৰিব লাগে। উজ্জ্বলা যোজনাৰ অধীনত এলপিজি চিলিণ্ডাৰ বিতৰণৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। পত্ৰখনত সংগঠনটোৱে স্পষ্ট কৰি দিছে যে যদি তেওঁলোকৰ দাবী ৩ মাহৰ ভিতৰত পূৰণ নহয় তেন্তে তেওঁলোকে দীৰ্ঘদিনীয়া ধৰ্মঘট কৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৭ এপ্ৰিলত বৃদ্ধি কৰিছিল গেছ চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি হোৱাৰ পাছত দেশৰ ৰাজধানী দিল্লীত গেছ চিলিণ্ডাৰৰ মূল্য ৮০৩ টকাৰ পৰা ৮৫৩ টকালৈ বৃদ্ধি পাইছে।লগতে কলকাতাত ৮২৯ টকাৰ পৰা ৮৭৯ টকালৈ, মুম্বাইত ৮০২.৫০ টকাৰ পৰা ৮৫৩.৫০ টকালৈ আৰু চেন্নাইত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৮৫৩.৫০ টকালৈ বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰ ৮১৮.৫০ টকাৰ পৰা ৮৬৮.৫০ টকালৈ বৃদ্ধি পাইছে। আনহাতে উজ্জ্বলা আঁচনিৰ অধীনত প্ৰদান কৰা গেছ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি কৰা হৈছে।