নীতি উলংঘা! কি কাৰণে মেটাৰ ওপৰত ২১৩.১৪ কোটি টকাৰ জৰিমণা বিহিলে চিচিআইয়ে…
তিনি বছৰতকৈ অধিক সময়ৰ তদন্তৰ অন্তত চিচিআইয়ে দেখিলে যে হোৱাটছএপৰ ‘টেক-ইট-অৰ-লিভ-ইট’ পলিচি আপডেট ন্যায্য নহয়। ইয়াৰ ফলত সকলো ব্যৱহাৰকাৰীয়ে বৰ্ধিত তথ্য সংগ্ৰহৰ চৰ্তসমূহ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু কোনো ধৰণৰ অপ্ট-আউট নোহোৱাকৈ মেটা গোটৰ ভিতৰত তথ্য অংশীদাৰী কৰিবলৈ বাধ্য হৈছিল।
সোমবাৰে কমপিটিশ্যন কমিছন অৱ ইণ্ডিয়া (Competition Commission of India) ই ছ’চিয়েল মিডিয়া কোম্পানী মেটাৰ ওপৰত ২১৩.১৪ কোটি টকাৰ জৰিমণা বিহে। ২০২১ চনৰ হোৱাটছএপৰ প্ৰাইভেচী সম্পৰ্কীয় আপডেট সন্দৰ্ভত অন্যায় ব্যৱসায়িক পদ্ধতি গ্ৰহণ কৰাৰ বাবে এই জৰিমনা বিহে বুলি জানিব পৰা গৈছে। তদুপৰি চিচিআইয়ে মেটাক প্ৰতিযোগিতাবিৰোধী আচৰণ বন্ধ কৰিবলৈ আৰু এনে কামৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
চিচিআইয়ে মেটাৰ ওপৰত ২১৩.১৪ কোটি টকাৰ জৰিমনা বিহিছে বুলি এক জাননীত প্ৰকাশ পাইছে। চিচিআইয়ে মেটাই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে নিৰ্দেশ জাৰি কৰি কয় যে,এই জৰিমনা হোৱাটছএপৰ ২০২১ চনৰ গোপনীয়তা নীতি কেনেকৈ কাৰ্যকৰী কৰা হৈছিল, কেনেকৈ ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি মেটাৰ অন্যান্য কোম্পানীসমূহৰ সৈতে শ্বেয়াৰ কৰা হৈছিল তাৰ সৈতে জড়িত। ইয়াৰ লগতে চিচিআইয়ে হোৱাটছএপক নিজৰ প্লেটফৰ্মত সংগ্ৰহ কৰা ইউজাৰ ডাটা অন্য মেটা প্ৰডাক্ট বা কোম্পানীৰ সৈতে বিজ্ঞাপনৰ উদ্দেশ্যে পাঁচ বছৰৰ বাবে শ্বেয়াৰ নকৰিবলৈও নিৰ্দেশ দিছে।
২০২১ চনৰ মাৰ্চ মাহত চিচিআইয়ে হোৱাটছএপৰ সংশোধিত গোপনীয়তা নীতিৰ তদন্ত আৰম্ভ কৰিছিল, যিয়ে তথ্য সংগ্ৰহৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ফেচবুক (বৰ্তমান মেটা) আৰু ইয়াৰ কোম্পানীসমূহৰ সৈতে বাধ্যতামূলক তথ্য ভাগ-বতৰা কৰাটো সক্ষম কৰি তুলিছিল। ইয়াৰ পূৰ্বে ২০১৬ চনৰ পৰা ব্যৱহাৰকাৰীসকলে নিজৰ তথ্য কোম্পানীটোৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে নে নাই সেইটো সিদ্ধান্ত লোৱাৰ বিকল্প আছিল। ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ’বলগীয়া এই নীতি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব লাগিছিল। হোৱাটছএপ চলি থাকিবলৈ ব্যৱহাৰকাৰীয়ে নতুন চৰ্ত গ্ৰহণ কৰিব লাগিছিল।
ইয়াৰ পিছত এই সন্দৰ্ভত বহু সমালোচনা হৈছিল । পৰৱৰ্তী সময়ত হোৱাটছএপে স্পষ্টীকৰণ জাৰি কৰি কয় যে নীতি আপডেটে ব্যৱহাৰকাৰীৰ বন্ধু বা পৰিয়ালৰ সৈতে ব্যক্তিগত বাৰ্তাৰ গোপনীয়তাত কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু এই পৰিৱৰ্তন এপ্লিকেচনে আগবঢ়োৱা বৈকল্পিক ব্যৱসায়িক বৈশিষ্ট্যৰ সৈতে জড়িত বুলি কয়।
তিনি বছৰতকৈ অধিক সময়ৰ তদন্তৰ অন্তত চিচিআইয়ে দেখিলে যে হোৱাটছএপৰ ‘টেক-ইট-অৰ-লিভ-ইট’ পলিচি আপডেট ন্যায্য নহয়। ইয়াৰ ফলত সকলো ব্যৱহাৰকাৰীয়ে বৰ্ধিত তথ্য সংগ্ৰহৰ চৰ্তসমূহ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু কোনো ধৰণৰ অপ্ট-আউট নোহোৱাকৈ মেটা গোটৰ ভিতৰত তথ্য অংশীদাৰী কৰিবলৈ বাধ্য হৈছিল। চিচিআইয়ে কয় যে মেটাই অনা এই আপডেটে ব্যৱহাৰকাৰীসকলক ইয়াক কাৰ্যকৰী কৰিবলৈ বাধ্য কৰে। তেওঁলোকৰ স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰে, আৰু মেটাৰ প্ৰভাৱশালী স্থানৰ অপব্যৱহাৰ কৰে। আয়োগৰ মতে, মেটা (হোৱাটছএপৰ জৰিয়তে) ধাৰা ৪(২)(ক)(i) উলংঘা কৰিছে।