শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতীয় বজাৰত বন্ধ হৈছে প্ৰায় ৬১ লাখ এছ আই পি; বিৰোধীৰ প্ৰশ্ন চৰকাৰক

ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখৰ পৰা ২৫ তাৰিখ পৰ্যন্ত মুঠ ২০ দিনৰ ভিতৰত ৫ শতাংশতকৈও অধিক নিম্নগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ অন্যতম সূচক নিফটি ফিফটি । একে সময়তে নিফটি ফিফটিৰ তুলনাত অধিক নিম্নগামী হৈছে আন এক সূচক বিএছই ছেনছেক্স ।

ভাৰতীয় বজাৰত বন্ধ হৈছে প্ৰায় ৬১ লাখ এছ আই পি; বিৰোধীৰ প্ৰশ্ন চৰকাৰক
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 26 Feb 2025 20:14 PM

ফেব্ৰুৱাৰী মাহৰ আৰম্ভনিৰ পৰাই নিম্নগামী হৈ আছে শ্বেয়াৰ বজাৰ । ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখৰ পৰা ২৫ তাৰিখ পৰ্যন্ত মুঠ ২০ দিনৰ ভিতৰত ৫ শতাংশতকৈও অধিক নিম্নগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰৰ অন্যতম সূচক নিফটি ফিফটি । একে সময়তে নিফটি ফিফটিৰ তুলনাত অধিক নিম্নগামী হৈছে আন এক সূচক বিএছই ছেনছেক্স ।

এই বজাৰ পৰিস্থিতিৰ মাজতে সোমবাৰে বিৰোধীয়ে এটা অভিযোগ উত্থাপন কৰে । তেওঁলোকে কয় যে বজাৰৰ এই অনিশ্চয়তা আৰু বহু লোকৰ হাতত অতিৰিক্ত মূলধন জমা হোৱাটোৱে বিনিয়োগতো প্ৰভাৱ পেলাইছে । সেইবাবেই কেৱল জানুৱাৰী মাহত লাখ লাখ এছ আই পি বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বন্ধ হৈ পৰিছিল । লোকসভাৰ অন্যতম বিৰোধী দল কংগ্ৰেছে কয় যে খুচুৰা বিনিয়োগকাৰীৰ বিনিয়োগ বন্ধ কৰিলে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ।

এছ’চিয়েশ্যন অৱ মিউচুৱেল ফাণ্ডছ অৱ ইণ্ডিয়া (এএমএফআই)ৰ মতে, ভাৰতত কেৱল জানুৱাৰী মাহত ৫৬ লাখ ১৯ হাজাৰ নতুন এছআইপি আৰম্ভ কৰা হৈছে । আনহাতে, প্ৰায় ৬১৩ লাখ এছআইপি বন্ধ কৰা হৈছে । ইয়াৰ ঠিক পিছতেই কংগ্ৰেছে এক্সৰ জৰিয়তে লিখিছে যে চৰকাৰৰ নীতিত সাধাৰণ মানুহৰ বিশ্বাস নাই, তেওঁলোকে বজাৰক লৈ ভয় খাইছে ।

বজাৰ বিশেষজ্ঞসকলে অৱশ্যে দাবী কৰিছে যে ক’ৰোনা মহামাৰীৰ পাছত নৱ প্ৰজন্মৰ বহুতেই বিনিয়োগ আৰম্ভ কৰিছে । ফলত বজাৰৰ ইমান বৃহৎ সংশোধন তেওঁলোকে আগতে কেতিয়াও দেখা নাই । এতিয়া সূচকাংকটো এনেদৰে পতন হোৱা দেখি তেওঁলোকে হয়তো আতংকিত হৈ বিনিয়োগ বন্ধ কৰি বজাৰৰ পৰা সকলো ধন উলিয়াইছে ।

যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰিহে আগবঢ়া উচিত । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9 অসম-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ক । তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক ।