শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Union Budget 2025: কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত কেনে প্ৰভাৱ পৰে শ্বেয়াৰ বজাৰত ? যোৱা ১২ টা বৰ্ষৰ এক বিৱৰণ

১ ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট । এইবাৰৰ বাজেটৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব পাৰে । এনে পৰিস্থিতিত যোৱা ১২ বছৰত বাজেটৰ দিনা শ্বেয়াৰ বজাৰৰ অৱস্থা কি আছিল জানো আহক-

Union Budget 2025: কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত কেনে প্ৰভাৱ পৰে শ্বেয়াৰ বজাৰত ? যোৱা ১২ টা বৰ্ষৰ এক বিৱৰণ
কেন্দ্ৰীয় বাজেট ২০২৫Image Credit source: Tv9 Hindi
raj-saikia
Raj Saikia | Published: 30 Jan 2025 14:07 PM

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ ২০২৫-২০২৬ বৰ্ষৰ বিত্তীয় বাজেট দাখিল হ’ব অহা ১ ফেব্ৰুৱাৰীত । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এইখন হ’ব প্ৰথম পূৰ্ণাংগ বাজেট । তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পাছত যোৱা বছৰ জুলাই মাহত বাজেট দাখিল কৰা হৈছিল যদিও সেয়া পূৰ্ণাংগ বাজেট নাছিল । সেয়ে এইবাৰৰ বাজেটক লৈ জনতাৰ মনত বিভিন্ন প্ৰত্যাশা থকাটো স্বাভাৱিক ।

বাজেটৰ সময়ত জনতাৰ বিশেষকৈ বিনিয়োগকাৰীসকলৰ চকু থাকিব শ্বেয়াৰ বজাৰত । বিত্তমন্ত্ৰীৰ প্ৰতিটো ভাষণে শ্বেয়াৰ বজাৰৰ অৱস্থা নিৰ্ণয় কৰিব । ইয়াৰ ওপৰত যথেষ্ট সংখ্যক লোকৰ দৃষ্টি নিৱদ্ধ হৈ থাকে । এইবাৰ বাজেটত প্ৰতিটো খণ্ডক লৈ আশা কৰা হৈছে ।

এইবাৰৰ বাজেটত কেতবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব পাৰে । আয়কৰৰ পৰিৱৰ্তন, জি এছ টি সংশোধন, কৃষি আৰু পৰ্যটনত অধিক গুৰুত্বকে আদি কৰি বহুকেইটা সৰু-ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে । এইবাৰ বাজেটৰ দিনা শ্বেয়াৰ বজাৰৰ পৰিস্থিতি কেনে হ’ব সেয়া যোৱা ১২ বছৰৰ ট্ৰেণ্ড চাই সেয়া অনুমান কৰিব পাৰি । আহক যোৱা ১২ বছৰত বাজেটৰ দিনা শ্বেয়াৰ বজাৰৰ অৱস্থা কেনে আছিল তাৰ বুজ লওঁ-

কেন্দ্ৰীয় বাজেট ২০১৩
২০১৩ বৰ্ষত ইউ পি এ চৰকাৰৰ শাসনকালত তদানীন্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ নেতৃত্বত দাখিল কৰা হৈছিল কেন্দ্ৰীয় বাজেট । সেই বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হৈছিল । বাজেটত কৰ বৃদ্ধিৰ কথা ঘোষণা কৰা হয় । ইয়াৰ ফলত শ্বেয়াৰ বজাৰত বেয়া প্ৰভাৱ পৰে । এই কাৰণেই ছেনছেক্স ১.৫২ শতাংশ হ্ৰাস পাই ১৯ হাজাৰৰ তলত বন্ধ হৈ পৰে । আনহাতে নিফ্টি ১.৭৯ শতাংশ হ্ৰাস পায় ।

অন্তৱৰ্তীকালীন বাজেট আৰু কেন্দ্ৰীয় বাজেট ২০১৪
২০১৪ চনত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় । ১৭ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ নেতৃত্বত ইউ পি এ চৰকাৰে দাখিল কৰিছিল অন্তৱৰ্তীকালীন বাজেট । সেই সময়ত শ্বেয়াৰ বজাৰে ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । বাজেটৰ দিনটোত নিফ্টিত ০.৪১ শতাংশ বৃদ্ধি দেখা গৈছিল । যিহেতু এই বছৰটো নিৰ্বাচনী বৰ্ষ আছিল, গতিকে দুখন বাজেট দাখিল কৰা হ’ল । নিৰ্বাচনত এন ডি এ চৰকাৰে জয়লাভ কৰে । নতুন চৰকাৰৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ১০ জুলাইত বাজেট দাখিল কৰে । অৱশ্যে শ্বেয়াৰ বজাৰত মৃদু বিক্ৰী দেখা গৈছিল । নিফ্টিত ০.২৫ শতাংশ হ্ৰাস দেখা গৈছিল ।

কেন্দ্ৰীয় বাজেট ২০১৫
আকৌ এবাৰ অৰুণ জেটলীয়ে ২৮ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰে । ইয়াৰ পিছত বজাৰখনে ইতিবাচক দৃষ্টিভংগী দেখুৱাইছিল । ১৪১.৩৮ পইণ্ট বৃদ্ধিৰে ২৯,৩৬১.৫০ পইণ্টত বন্ধ হয় ছেনছেক্স । আনহাতে, নিফ্টিত ০.৬৫ শতাংশ বৃদ্ধি দেখা পোৱা গৈছিল ।

কেন্দ্ৰীয় বাজেট ২০১৬
২৯ ফেব্ৰুৱাৰীত অৰুণ জেটলীয়ে সাধাৰণ বাজেট দাখিল কৰে । তেওঁ গ্ৰাম্য উন্নয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল । অৱশ্যে ছেনছেক্সৰ মূল্য ০.৬৬ শতাংশ হ্ৰাস পাই প্ৰায় ২৩ হাজাৰত বন্ধ হয় । একে সময়তে নিফ্টিত ০.৬১ শতাংশ হ্ৰাস দেখা গৈছে ।

কেন্দ্ৰীয় বাজেট ২০১৭
২০১৭ চনত বাজেটৰ তাৰিখ ১ ফেব্ৰুৱাৰীলৈ সলনি কৰা হয় । ইয়াৰ পূৰ্বে ২৮ ফেব্ৰুৱাৰীত সকলো বাজেট দাখিল কৰা হৈছিল । ইয়াৰ উপৰিও ৰে’ল বাজেটো একত্ৰিত কৰা হ’ল । ইয়াৰ পূৰ্বে ৰে’ল বাজেট পৃথকে পৃথকে দাখিল কৰা হৈছিল । এই বাজেটত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মধ্যবিত্ত শ্ৰেণীক সকাহ দিলে আৰু বজাৰে ইতিবাচক সঁহাৰি দিয়ে । ৪৮৫.৬৮ পইণ্ট বৃদ্ধিৰে ২৮,১৪১.৬৪ পইণ্টত বন্ধ হয় ছেনছেক্স । একে সময়তে নিফ্টিৰ বৃদ্ধি ১.৮১ শতাংশ দেখা যায় ।

কেন্দ্ৰীয় বাজেট ২০১৮
এইখন আছিল প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ শেষ বাজেট ৷ ইয়াত তেওঁ এম এছ এম ই আৰু নিয়োগৰ প্ৰতি অধিক গুৰুত্ব দিছিল । কিন্তু বজাৰত হ্ৰাস পোৱা দেখা গ’ল । ছেনছেক্স ০.১৬ শতাংশ হ্ৰাস পাইছিল । একে সময়তে নিফ্টিত ০.১০ শতাংশ সামান্য হ্ৰাস দেখা গৈছে ।

Budget

Source: Upstox

কেন্দ্ৰীয় বাজেট ২০১৯
সেই বৰ্ষত দুখন বাজেট দাখিল কৰা হয় । ইয়াৰ পূৰ্বে পীয়ুষ গোৱালে ১ ফেব্ৰুৱাৰীত দাখিল কৰিছিল অন্তৱৰ্তীকালীন বাজেট । পিছত নিৰ্মলা সীতাৰমণে জুলাই মাহত বাজেট দাখিল কৰে । কিন্তু বজাৰে নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । নিফ্টিত ১.৪১ শতাংশ হ্ৰাস দেখা যায় ।

কেন্দ্ৰীয় বাজেট ২০২০
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰে । ইয়াত নতুন আয়কৰ স্লেব আৰু কম কৰাৰ প্ৰস্তাৱ দিয়া হয় । অৱশ্যে উদ্যোগটোৰ বাবে কোনো ডাঙৰ সকাহৰ পেকেজ নাছিল । ইয়াৰ বাবেই বজাৰত ডাঙৰ অৱনতি ঘটিল, ছেনছেক্স ২.৪৩ শতাংশ হ্ৰাস পাই ৪০ হাজাৰৰ তলত বন্ধ হৈ পৰে ।

কেন্দ্ৰীয় বাজেট ২০২১
কৰ’না মহামাৰীৰ পাছত অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিছিল নিৰ্মলা সীতাৰমণে । বজাৰে ইয়াক ইতিবাচকভাৱে লৈছিল । ইয়াৰ পিছত ছেনছেক্স ২,৩১৪.৮৪ পইণ্ট বৃদ্ধি পাই ৪৮,৬০০.৬১ত বন্ধ হয় । একেটা ক্ষেত্ৰত নিফ্টিতে ৪.৪৭ শতাংশ বৃদ্ধি পায় ।

কেন্দ্ৰীয় বাজেট ২০২২
নিৰ্মলা সীতাৰমণে ২০২২ চনৰ বাজেট দাখিল কৰে । ইয়াত ৫জি আৰু ডিজিটেল মুদ্ৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল । বজাৰে ইয়াক ইতিবাচকভাৱে লৈছিল আৰু ছেনছেক্স ৮৪৯.৪০ পইণ্ট বৃদ্ধি পাই ৫৮,৮৬২.৫৭ত বন্ধ হৈছিল ।

কেন্দ্ৰীয় বাজেট ২০২৩
নিৰ্মলা সীতাৰমণে ২০২৩ চনত এই বাজেট দাখিল কৰিছিল । এই সময়ছোৱাত ছেনছেক্সে দিনটোৰ ভিতৰতে সৰ্বোচ্চ ১১০০ পইণ্ট স্পৰ্শ কৰে । অৱশেষত ১৫৮.১৮ পইণ্ট বৃদ্ধি পাই ৫৯,৭০৮.০৮ পইণ্টত বন্ধ হয় ।

কেন্দ্ৰীয় বাজেট ২০২৪
২০২৪ চনৰ বাজেটৰ পিছত বজাৰখন হ্ৰাস পায় কাৰণ চৰকাৰে কেপিটেল গেইনছ টেক্স আৰু ট্ৰেডিং ডিৰাইভেটিভৰ ওপৰত কৰ বৃদ্ধি কৰিছিল । সেয়েহে নিফ্টিৰ ০.১৩ শতাংশ হ্ৰাস দেখা গৈছে ।