কনিষ্ঠ পুত্ৰৰ অগ্ৰগতিক লৈ সুখী মুকেশ আম্বানী! অনন্তৰ হাতত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ গুৰুদায়িত্ব…
২০২৫ চনৰ ১ মে’ৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালক হিচাপে অনন্ত এম আম্বানীক নিযুক্তি দিবলৈ অনুমোদন জনাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক মণ্ডলীয়ে।এতিয়ালৈকে তেওঁ কোম্পানীটোত Non-Executive Director হিচাপে জড়িত আছিল। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা জিঅ’ প্লেটফৰ্ম লিমিটেডৰ ব’ৰ্ডত আছে অনন্ত আম্বানী।

২০২২ চনত নিজেই নিজৰ তিনিটা সন্তানৰ মাজত কোম্পানীটোৰ বিভিন্ন ব্যৱসায়ৰ দায়িত্ব ভাগ কৰিছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। কন্যা ঈশা আম্বানীক ৰিটেইল, জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানীক টেলিকম আৰু কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীক শক্তি খণ্ডৰ দায়িত্ব দিছিল। কিন্তু শেহতীয়াকৈ মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰৰ হাতত অৰ্পণ কৰিছে নতুন দায়িত্ব ।
কোম্পানীটোৱে লৈছে এটা ডাঙৰ পদক্ষেপ। ২০২৫ চনৰ ১ মে’ৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালক হিচাপে অনন্ত এম আম্বানীক নিযুক্তি দিবলৈ অনুমোদন জনাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক মণ্ডলীয়ে।এতিয়ালৈকে তেওঁ কোম্পানীটোত Non-Executive Director হিচাপে জড়িত আছিল। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা জিঅ’ প্লেটফৰ্ম লিমিটেডৰ ব’ৰ্ডত আছে অনন্ত আম্বানী। ২০২২ চনৰ মে’ মাহৰ পৰা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ ব’ৰ্ডতো অৱদান আগবঢ়াবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও ২০২১ চনৰ জুন মাহৰ পৰা ৰিলায়েন্স নিউ এনাৰ্জি লিমিটেড আৰু ৰিলায়েন্স নিউ ছ’লাৰ এনাৰ্জি লিমিটেডৰ জড়িত হৈ ব’ৰ্ডতো আছে।২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা তেওঁ গোটটোৰ পৰোপকাৰী শাখা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ব’ৰ্ডতো আছে। ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা অনন্তই কোম্পানীটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নেতৃত্বৰ অভিজ্ঞতা লাভ কৰিছে।
এই সিদ্ধান্ত আম্বানী পৰিয়ালৰ উত্তৰাধিকাৰ পৰিকল্পনাৰ অংশ, যাৰ অধীনত কৌশলগত দায়িত্ব পৰৱৰ্তী প্ৰজন্মৰ হাতত অৰ্পণ কৰা হৈছে। AGMত মুকেশ আম্বানীয়ে অনন্তৰ নেতৃত্বৰ ক্ষমতা আৰু শক্তি খণ্ডত কৰা কামৰ প্ৰশংসা কৰিছিল। উল্লেখ্য যে, ২০২৫ চনৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ কৰি নতুন অভিলেখ গঢ়িছে RIL য়ে। ইফালে ৰিলায়েন্স প্ৰথম ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হৈছে যাৰ মুঠ ইকুইটি ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে।
কোম্পানীটোৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয়, “ৰিলায়েন্সৰ ডিজিটেল সেৱাই এই ত্ৰৈমাসিকত অভিলেখ সংখ্যক ৰাজহ আৰু লাভ উপাৰ্জন কৰিছে। ব্যৱহাৰকাৰীৰ উন্নত সংযোগ আৰু শক্তিশালী গ্ৰাহকৰ মিশ্ৰণৰ বাবে বৃদ্ধি পাইছে উপাৰ্জন।” ইয়াৰ মাজতে RIL ৰ পৰিচালনা সমিতিয়ে ২৫ হাজাৰ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে। তালিকাভুক্ত বা তালিকাভুক্ত নোহোৱা, সুৰক্ষিত বা অসুৰক্ষিত, ৰূপান্তৰযোগ্য নহোৱা ডিবেঞ্চাৰৰ জৰিয়তে ব্যক্তিগত প্লেচমেণ্টৰ জৰিয়তে এটা বা ততোধিক ট্ৰেঞ্চত এই ধনৰাশি সংগ্ৰহ কৰা হ’ব।