বাজেটৰ দিনটোত মুকেশ আম্বানীয়ে পালে ডাঙৰ আঘাত! বৃদ্ধি হ’ল আদানিৰ সম্পত্তি
আশা কৰা ধৰণে হোৱা নাই মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ত্ৰৈমাসিক ফলাফল। যাৰ বাবে মুকেশ আম্বানীৰ সম্পত্তি হ্ৰাস পাইছে। ১৯ জুলাইৰ পৰা তেওঁৰ মুঠ সম্পত্তি ৭ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।
বাজেটৰ দিনা সামান্য হ্ৰাসৰ সৈতে শ্বেয়াৰ বজাৰ বন্ধ হ’লেও, ব্যৱসায়িক ক্ষেত্ৰত এক ডাঙৰ পতন দেখা গৈছিল। কিছুমান ষ্টকত এক ডাঙৰ সংখ্যাত শ্বেয়াৰ হ্ৰাস দেখা হৈছিল। আনহাতে কিছুমান ষ্টকত বৃদ্ধি হোৱাও দেখা গৈছিল। যাৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ বিলিয়নেয়াৰৰ সম্পত্তিত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছিল। যদি আমি মুকেশ আম্বানীৰ কথা কও, তেন্তে তেওঁ মুঠ সম্পত্তিৰ ক্ষেত্ৰত এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। তেওঁৰ সম্পত্তি ৯২০০ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে।
আনহাতে দেশৰ দ্বিতীয় ধনী ব্যৱসায়ী গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে। আম্বানী-আদানিৰ সৈতে দেশৰ বাকী বিলিয়নেয়াৰৰ সম্পত্তি কিমান বৃদ্ধি পাইছে বা কিমান হ্ৰাস পাইছে সেয়া জানো আহক।
মুকেশ আম্বানীৰ সম্পত্তি হ্ৰাস
যোৱা কেইদিনমানৰ পৰা মুকেশ আম্বানীৰ উপাৰ্জনৰ ক্ষেত্ৰত এক ডাঙৰ হ্ৰাস দেখা গৈছে। বাজেটৰ দিনটোত আশা কৰা হৈছিল যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ সম্পত্তিয়ো বৃদ্ধি পাব। কিন্তু এইটো দেখা যোৱা নাছিল। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্য অনুসৰি মুকেশ আম্বানীৰ মুঠ সম্পত্তি ১.১০ বিলিয়ন ডলাৰ বা ৯২০০ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। যাৰ পাছত তেওঁৰ নেটৱৰ্থ ১১২ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। অৱশ্যে চলিত বৰ্ষত তেওঁৰ সম্পত্তি ১৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। মুকেশ আম্বানী বৰ্তমান বিশ্বৰ ১১তম ধনী ব্যৱসায়ী।
কিন্তু মুকেশ আম্বানীৰ নেটৱৰ্থ ৭ বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে। ১৯ জুলাইত মুকেশ আম্বানীৰ মুঠ মুঠ সম্পত্তি আছিল ১১৯ বিলিয়ন ডলাৰ। যি বৰ্তমান সময়ত ১১২ ডলাৰলৈ হ্ৰাস পাইছে। ইয়াৰ অৰ্থ হৈছে যে মুকেশ আম্বানীৰ সম্পত্তি এই সময়ছোৱাত ভাৰতীয় টকা অনুসৰি ৫৮ হাজাৰ কোটিকৈও অধিক হ্ৰাস পাইছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰো বুধবাৰে হ্ৰাস হোৱা দেখা গৈছে। আগন্তুক দিনত মুকেশ আম্বানীৰ সম্পত্তি আৰু অধিক হ্ৰাস পাব পাৰে।
আদানিৰ সম্পত্তি বৃদ্ধি
ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে গৌতম আদানিৰ সম্পত্তি । ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্য অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৭৫১ নিযুত ডলাৰ বা ৬৩ কোটি টকা বৃদ্ধি পাইছে। যাৰ পাছত তেওঁৰ মুঠ নেটৱৰ্থ ১০২ বিলিয়ন ডলাৰত উপনীত হৈছে।চলিত বৰ্ষত ইয়াৰ পৰিমাণ ১৭.৮ বিলিয়ন ডলাৰ বৃদ্ধি হৈছে। বৰ্তমান গৌতম আদানি হৈছে বিশ্বৰ ১৪তম ধনী ব্যৱসায়ী।
আনহাতে, শ্বাহপুৰ মিস্ত্ৰী, শিৱ নাদাৰ, সাবিত্ৰী জিন্দল, দিলীপ শাংঘৱী, ৰাধাকিষাণ দামানি, সুনীল মিত্তাল, চাইৰাছ পুনাৱালা, উদয় কোটাক, নুছলি ৱাদিয়া, বিক্ৰম লাল, সুধীৰ মেহতা, সমীৰ মেহতা, বেনু বাংগাৰ, ৰাকেশ গাংৱালেৰ সম্পত্তিয়ো বৃদ্ধি পাইছে।