১ এপ্ৰিলৰ পৰা বহু নিয়মেই সলনি হোৱাৰ পথত, জানি লওক সবিশেষ
অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ । কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত ঘোষণা কৰাৰ দৰে এতিয়া নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কেতবোৰ নতুন নিয়ম কাৰ্যকৰী হ'ব । এই পৰিৱৰ্তনত কৰ কৰ্তন (টিডিএছ) আৰু উৎসত কৰ সংগ্ৰহ (টিচিএছ)ৰ বাবেও নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক ।

প্ৰতীকী ছবি
যোৱা ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে । এই সময়ছোৱাত তেওঁ বহু নিয়মৰ পৰিৱৰ্তনৰ লগতে মধ্যবিত্ত শ্ৰেণীক আয়কৰৰ ক্ষেত্ৰত বিপুল সকাহ দিয়াৰ কথা ঘোষণা কৰিছিল । এতিয়া এই নিয়মসমূহ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব । এই পৰিৱৰ্তনত কৰ কৰ্তন (টিডিএছ) আৰু উৎসত কৰ সংগ্ৰহ (টিচিএছ)ৰ বাবেও নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ বিষয়ে বিতংভাৱে জানি লওক ।
জ্যেষ্ঠ নাগৰিক আৰু গৃহস্বত্বাধিকাৰীলৈ ডাঙৰ সকাহ
কেন্দ্ৰীয় চৰকাৰে বাজেটত ঘোষণা কৰিছিল যে জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছ কৰ্তন দুগুণলৈ বৃদ্ধি কৰা হৈছে । আগতে ইয়াৰ পৰিমাণ ৫০ হাজাৰ টকা আছিল, যিটো এতিয়া ১ লাখ টকাত পৰিণত হ’ব । ইয়াৰ ফলত তেওঁলোকে এতিয়া বহুত সকাহ পাব । একে সময়তে ঘৰৰ মালিকসকলেও ডাঙৰ সকাহ পাব । আচলতে ভাড়াৰ পৰা আয়ৰ ওপৰত টিডিএছ কৰ্তনৰ সীমা প্ৰতি বিত্তীয় বৰ্ষত ২.৪ লাখ টকাৰ পৰা প্ৰতি বিত্তীয় বৰ্ষত ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।
বিদেশী লেনদেনৰ ওপৰত টিচিএছৰ সীমা বৃদ্ধি
ইয়াৰ উপৰিও বহিঃৰাষ্ট্ৰৰ পৰা লেনদেন কৰাসকলৰ বাবে আৰ বি আইৰ লিবাৰেলাইজড ৰেমিটেন্স আঁচনিৰ বাবেও টিচিএছ কৰ্তনৰ সীমা বৃদ্ধি কৰা হৈছে । ইয়াৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা ৭ লাখ টকাৰ লেনদেনত টিচিএছ কৰ্তন কৰা হৈছিল, যিটো এতিয়া ১০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।
শিক্ষা ঋণত টিচিএছ প্ৰত্যাহাৰ
উল্লেখ্য যে নিৰ্দিষ্ট বিত্তীয় প্ৰতিষ্ঠানৰ পৰা শিক্ষা ঋণৰ ওপৰত টিচিএছ কৰ্তন প্ৰত্যাহাৰ হৈছে । ইয়াৰ পূৰ্বে ৭ লাখতকৈ অধিক শিক্ষা ঋণত ০.৫% টিচিএছ কৰ্তন কৰা হৈছিল, আনহাতে ৭ লাখ টকাৰ ওপৰৰ শিক্ষাৰ লেনদেনত ৫% টিচিএছ কৰ্তন কৰা হৈছিল ।
লভ্যাংশ আৰু মিউচুৱেল ফাণ্ডৰ উপাৰ্জনৰ সীমা
লভ্যাংশ আয়ৰ টিডিএছ সীমা ৫০০০ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে মিউচুৱেল ফাণ্ড ইউনিটৰ পৰা আয়ৰ টিডিএছ সীমাও প্ৰতি বিত্তীয় বৰ্ষত ৫০০০ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ উপৰিও টিডিএছ প্ৰতি বৰ্ষত ১০ হাজাৰ টকালৈও বৃদ্ধি কৰা হৈছে ।
এল পি জিৰ মূল্য
তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জিৰ মূল্য পৰ্যালোচনা কৰে, গতিকে আপুনি ১ এপ্ৰিলৰ পুৱাই চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন দেখিব পাৰে ।
এ টি এফ আৰু চি এন জি-পি এন জিৰ হাৰ
প্ৰতি মাহৰ প্ৰথম দিনাই তেল কোম্পানীসমূহেও বিমান ইন্ধন অৰ্থাৎ এয়াৰ টাৰ্বাইন ইন্ধন (ATF) আৰু CNG-PNG ৰ মূল্যত কিছু পৰিৱৰ্তন কৰে ।