২০০০ টকাৰ ওপৰত UPI পেমেণ্ট কৰিলে কৰ দিব লাগিব নেকি? চৰকাৰে দিলে স্পষ্টীকৰণ

যদি আপুনিও পেমেণ্ট কৰিবলৈ UPI ব্যৱহাৰ কৰে, তেন্তে ইউপিআইৰ জৰিয়তে ২০০০ টকাতকৈ অধিক ধন পৰিশোধ কৰাৰ বাবে কৰ দিব লাগিব নেকি সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ? এই বিষয়ত স্পষ্টীকৰণ দিছে চৰকাৰে । চৰকাৰে কি কৈছে জানেো আহক...

২০০০ টকাৰ ওপৰত UPI পেমেণ্ট কৰিলে কৰ দিব লাগিব নেকি? চৰকাৰে দিলে স্পষ্টীকৰণ

UPI পেমেণ্ট

Published: 

19 Apr 2025 15:30 PM

যোৱা কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈ আছে য’ত দাবী কৰা হৈছিল যে এতিয়া ইউপিআইৰ জৰিয়তে ২০০০ টকাতকৈ অধিক ধন পৰিশোধ কৰিলে কৰ আৰোপ কৰা হ’ব। এই বিষয়টো যেতিয়া বিত্ত মন্ত্ৰালয়ৰ ওচৰ পালেগৈ তেতিয়া এই বিষয়ত ৰাইজৰ বিভ্ৰান্তি দূৰ কৰিলে চৰকাৰে। যদি আপুনিও ইমান দিন চিন্তিত আছিল যে এতিয়া UPI পেমেণ্টতো কৰ আৰোপ কৰা হ’ব নেকি? তেন্তে আমি আপোনাক ক’ম গোটেই কথাটো কি?

২০০০ টকাৰ ওপৰৰ ইউপিআই লেনদেনত জিএছটি আৰোপ কৰাৰ কথা চিন্তা কৰা নাই বুলি স্পষ্ট কৰি দিছে চৰকাৰে। ২০০০ টকাৰ ওপৰৰ ইউপিআইৰ লেনদেনত চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰাৰ কথা চিন্তা কৰা বুলি প্ৰকাশ পোৱা বাতৰিসমূহ স্পষ্ট কৰি বিত্ত মন্ত্ৰালয়ে কয় যে এই খবৰ সম্পূৰ্ণ মিছা, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন। মন্ত্ৰালয়ে এক বিবৃতিত কয়, “বৰ্তমান চৰকাৰৰ সন্মুখত এনে কোনো প্ৰস্তাৱ নাই।” মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ)ৰ দৰে কিছুমান বিশেষ শুল্কৰ ওপৰত জিএছটি আৰোপ কৰা হয়।

ইউপিআইৰ ওপৰত চৰকাৰে কৰ আৰোপ কৰাৰ কথা চিন্তা কৰিছে বুলি প্ৰচাৰ হোৱা বাতৰিৰ পিছতে বিত্ত মন্ত্ৰালয়ে এই স্পষ্টীকৰণ দিছে। মন্ত্ৰালয়ে এই প্ৰতিবেদনসমূহ মিছা বুলি উল্লেখ কৰি ইউপি আইৰ জৰিয়তে ডিজিটেল পেমেণ্টৰ প্ৰচাৰৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বৰ্তমান চৰকাৰৰ হাতত তেনে কোনো প্ৰস্তাৱ নাই।

উল্লেখ্য যে,  ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা গ্ৰাহক আৰু ব্যৱসায়ী (পি টু এম)ৰ মাজত ইউ পি আই লেনদেনৰ এম ডি আৰ আঁতৰাইছে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে। মন্ত্ৰালয়ে কয়, “যিহেতু বৰ্তমান ইউপিআইৰ লেনদেনত কোনো এমডিআৰ আৰোপ কৰা নহয়, গতিকে এই লেনদেনত কোনো জিএছটি প্ৰযোজ্য নহয়।” বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পাইছে ইউপিআইৰ লেনদেন। এই পৰিসংখ্যা ২০১৯-২০ বিত্তীয় বৰ্ষত ২১.৩ লাখ কোটি টকাৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে ২৬০.৫৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।ইয়াৰ উপৰিও মন্ত্ৰালয়ে কয় যে, চৰকাৰে ইউপিআইৰ জৰিয়তে ডিজিটেল পেমেণ্টৰ প্ৰচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

কিমান লোকে ইউপিআই ব্যৱহাৰ কৰে?

বৰ্তমান UPIৰ লেনদেন দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ বাবে এতিয়া বিশ্বৰ বহু দেশত পেমেণ্টৰ বাবে ব্যৱহাৰ কৰা হৈছে ভাৰতৰ ইউপিআই। ২০১৯-২০ বিত্তীয় বৰ্ষত ২১.৩ লাখ কোটি টকা আছিল, যিটো ২০২৫ চনৰ মাৰ্চ মাহলৈকে ২৬০.৫৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।এতিয়া মানুহে নগদ ধনৰ পৰিৱৰ্তে ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰাটো পছন্দ কৰে।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়