শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

New Income Tax Rate & Slab: ১২ লাখলৈ কৰ ৰেহাই, কৈয়ে এঢোক পানী খালে নিৰ্মলা সীতাৰমণে!

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দি ২০২৫ চনৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে। এতিয়া দেশত ১২ লাখ টকালৈকে উপাৰ্জন কৰমুক্ত হ'ব। ইয়াৰ উপৰিও, মধ্যবিত্ত শ্ৰেণীয়ে ৭৫,০০০ টকাৰ মানক কৰ্তনৰ দ্বাৰাও লাভান্বিত হ'ব।

New Income Tax Rate & Slab: ১২ লাখলৈ কৰ ৰেহাই, কৈয়ে এঢোক পানী খালে নিৰ্মলা সীতাৰমণে!
১২.৭৫ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ
barasha-misra
Barasha Misra | Updated On: 01 Feb 2025 13:11 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ বাজেট দাখিল কৰি আয়কৰ ৰেহাই ঘোষণা কৰি মধ্যবিত্ত শ্ৰেণীক ডাঙৰ সকাহ দিছে। ১২ লাখ টকা পৰ্যন্ত কোনো আয়কৰ দিব নালাগে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে ৭ লাখ টকা পৰ্যন্ত কোনো কৰ নাছিল যদিও নতুন ঘোষণা অনুসৰি ১২ লাখ টকা পৰ্যন্ত কোনো কৰ নাথাকিব। ইয়াৰ উপৰিও আপুনি ৭৫ হাজাৰ টকাৰ মানক কৰ্তনৰ সুবিধাও পাব। এনে পৰিস্থিতিত ১২.৭৫ লাখ টকা পৰ্যন্ত কোনো কৰ দিব নালাগিব।

নতুন কৰ ব্যৱস্থাত কিমান কৰ দিব লাগিব জানেনে? (নতুন কৰ ফলক)

বাৰ্ষিক আয় কৰ শতাংশ
০-৪ লাখ শূন্য কৰ
৪-১৮ লাখ ৫%
৮-১২ লাখ ১০%
১২-১৬ লাখ ১৫%
১৬-২০ লাখ ২০ শতাংশ
২০-২৫ লাখ ২৫ শতাংশ
২৫ লাখ টকাৰ ওপৰত ৩০%

চাওক কেনেকৈ ৰাহি হ’ব ধন

এইবাৰো চৰকাৰে পুৰণি কৰ ব্যৱস্থাৰ কোনো পৰিৱৰ্তন কৰা নাই। ইয়াৰ দ্বাৰা চৰকাৰৰ নতুন কৰ ব্যৱস্থাৰ প্ৰচাৰৰ ইংগিত পোৱা যায়।এতিয়া দেশত এক নতুন আয়কৰ আইন প্ৰণয়ন কৰা হ’ব। ইয়াৰ বাবে অহা সপ্তাহত চৰকাৰে নতুন বিধেয়ক আনিব।

বৰ্তমান দেশত ১৯৬১ চনৰ আয়কৰ আইন প্ৰযোজ্য। ২০২০ চনৰ বাজেটত এই আইনৰ অধীনত চৰকাৰে নতুন কৰ ব্যৱস্থা ৰূপায়ণ কৰিছিল। কিন্তু ২০২৪ চনৰ জুলাই মাহত দাখিল কৰা বাজেটত চৰকাৰে স্পষ্টকৈ কৈছিল যে, দেশত আয়কৰ আইন সলনি কৰাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে এখন পৰ্যালোচনা সমিতি গঠন কৰা হৈছিল।

এতিয়া সেই আধাৰত চৰকাৰে নতুন বিধেয়ক অনাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পৰা প্ৰস্তুত হ’বলগীয়া আইনখন দেশত ১৯৬১ চনৰ আইনখনৰ ঠাই ল’ব।