Old Tax Regime: নতুন নিয়মৰ অধীনত ১২ লাখ টকালৈ কৰ ৰেহাই, বিলুপ্ত হ’ব নেকি পুৰণি কৰ নীতি? কি কয় বিত্তমন্ত্ৰীয়ে…
এতিয়াৰে পৰা বাৰ্ষিক উপাৰ্জন ১২ লাখ টকালৈকে কোনো কৰ নাথাকিব। ইয়াৰ সমান্তৰালকৈ নতুন কৰ ব্যৱস্থাত উপলব্ধ মানক কৰ্তন হৈছে ৭৫ হাজাৰ টকা পৰ্যন্ত। অৱশ্যে, এই সকলো ৰেহাই নতুন কৰ ব্যৱস্থাত পোৱা যাব। যিসকলে নতুন কৰ ব্যৱস্থা অনুসৰি কৰ পৰিশোধ কৰে তেওঁলোকে এই সুবিধা লাভ কৰিব। বিত্তমন্ত্ৰী এই ঘোষণাৰ পিছত এতিয়া বহুতৰ মনত অহা প্ৰশ্নটো হ'ল, আঁতৰাই দিয়া হ'ব নেকি পুৰণি কৰ ব্যৱস্থা?
শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট।কেন্দ্ৰীয় বাজেটত আয়কৰৰ ক্ষেত্ৰত এক ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এতিয়াৰে পৰা বাৰ্ষিক উপাৰ্জন ১২ লাখ টকালৈকে কোনো কৰ নাথাকিব। ইয়াৰ সমান্তৰালকৈ নতুন কৰ ব্যৱস্থাত উপলব্ধ মানক কৰ্তন হৈছে ৭৫ হাজাৰ টকা পৰ্যন্ত। অৱশ্যে, এই সকলো ৰেহাই নতুন কৰ ব্যৱস্থাত পোৱা যাব। যিসকলে নতুন কৰ ব্যৱস্থা অনুসৰি কৰ পৰিশোধ কৰে তেওঁলোকে এই সুবিধা লাভ কৰিব। বিত্তমন্ত্ৰী এই ঘোষণাৰ পিছত এতিয়া বহুতৰ মনত অহা প্ৰশ্নটো হ’ল, আঁতৰাই দিয়া হ’ব নেকি পুৰণি কৰ ব্যৱস্থা?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ঘোষণাত পুৰণি কৰ ব্যৱস্থাৰ কথা উল্লেখ নাই। নতুন আয়কৰ আইনত কি কি ব্যৱস্থা থাকিব সেই সম্পৰ্কেও এতিয়ালৈকে বাজেটত কোনো ঘোষণা কৰা নাই।তেন্তে গোপনে আঁতৰাই দিয়া হ’ল পুৰণি আয়কৰ গাঁথনি? বিত্তমন্ত্ৰীয়ে নিজেই সাধাৰণ মানুহৰ এই প্ৰশ্নৰ উত্তৰ দিছে। বাজেটৰ দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, “ভুল খবৰ, যদি এনে সিদ্ধান্ত লোৱা হ’লহেঁতেন, মই নিশ্চিতভাৱে ঘোষণা কৰিলোহেঁতেন।” বিত্তমন্ত্ৰীয়ে নতুন আয়কৰ বিধেয়ক উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই বিধেয়ক সংসদত উত্থাপন কৰা হ’ব আৰু আইনলৈ ৰূপান্তৰিত কৰা হ’ব।
চৰকাৰী তথ্য অনুসৰি বৰ্তমান ৭৫ শতাংশ কৰদাতাই নতুন কৰ গাঁথনিৰ অধীনত আয়কৰ পৰিশোধ কৰি আছে। অৰ্থাৎ, চৰকাৰে পুৰণি কৰ গাঁথনি আঁতৰ নকৰে। যদি সকলো কৰদাতাই নতুন কৰ ব্যৱস্থালৈ যায়, তেতিয়াহে পুৰণি কৰ ব্যৱস্থা নাইকিয়া হ’ব।
পুৰণি কৰ ব্যৱস্থা
পুৰণি কৰ ব্যৱস্থা মুখ্য সুবিধাটো হ’ল, ই কৰদাতাসকলক ঘৰৰ ভাড়া, জীৱন বীমা, ভৱিষ্যত নিধি বিনিয়োগ আৰু স্বাস্থ্য বীমাৰ ওপৰত কৰ ৰেহাই প্ৰদান কৰে। পুৰণি কৰ ব্যৱস্থাত এই কৰ্তনবোৰ বিয়োগ কৰাৰ পিছত আয়কৰ গণনা কৰা হৈছিল। এই কৰ গাঁথনিটো হৈছে –
- ২.৫ লাখ টকালৈকে উপাৰ্জন – শূন্য কৰ
- ২.৫ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত উপাৰ্জনৰ ওপৰত ৫% কৰ আৰোপ কৰা হয়
- ৫ ৰ পৰা ১০ লাখলৈ উপাৰ্জন – ২০% আয় কৰ
- আৰু ১০ লাখ টকাৰ ওপৰত উপাৰ্জন – ৩০% আয়কৰ আৰোপ কৰা হয়
নতুন কৰ গাঁথনি
২০২০-২১ বিত্তীয় বৰ্ষত এক নতুন আয়কৰ গাঁথনি আনিছিল চৰকাৰে । এতিয়া চৰকাৰে এই কৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন কৰ গাঁথনি অনুসৰি-
- ৪ লাখ টকালৈকে উপাৰ্জনলৈ – কোনো কৰ নাই।
- ৪ লাখৰ পৰা ৮ লাখ টকাৰ ভিতৰত উপাৰ্জন – ৫% আয়কৰ
- ৮ লাখ টকাৰ পৰা ১২ লাখ টকালৈ উপাৰ্জন – ১০% আয়কৰ
- ১২ৰ পৰা ১৬ লাখ টকালৈ উপাৰ্জন – ১৫% আয়কৰ
- ১৬ লাখ টকাৰ পৰা ২০ লাখ টকালৈ উপাৰ্জন – ২০% আয়কৰ
- ২০ লাখ টকাৰ পৰা ২৪ লাখ টকালৈ উপাৰ্জন – ২৫% আয়কৰ
- ২৪ লাখ টকাৰ ওপৰত উপাৰ্জন – ৩০% আয়কৰ