NPSৰ জৰিয়তে অৱসৰৰ সময়ত ল’ব পাৰে ১ লাখ টকাৰ পেঞ্চন, মাত্ৰ কৰক এইকেইটা কাম
NPS Calculator: যদি আপুনিও অৱসৰৰ পিছত ১ লাখ টকা পৰ্যন্ত মাহিলী পেঞ্চন বিচাৰে, তেন্তে এই খবৰটো কেৱল আপোনাৰ বাবে। ইয়াত আমি আপোনালোকক এন পি এছ আঁচনিৰ অধীনত বিনিয়োগৰ বিষয়ে ক’ম, যাৰ জৰিয়তে আপুনি বিনিয়োগ কৰিব পাৰিব আৰু ৬০ বছৰৰ পাছত মাহিলী ১ লাখ টকাৰ পেঞ্চন লাভ কৰিব পাৰে।
NPS CALCULATOR: আপোনাৰ ধন বিনিয়োগ কৰিবলৈ বহুতো আঁচনি উপলব্ধ। সকলো আঁচনিৰ নিজস্ব সুবিধা আৰু অসুবিধা আছে। যদি আপুনি অৱসৰৰ পিছত আপোনাৰ খৰচৰ কথা ভাবিছে। তেন্তে ক’ত কোনখন আঁচনিত বিনিয়োগ কৰাটো নিৰাপদ হ’ব সেয়া আপুনি জনাটো দৰকাৰ। আজি ক’ম চৰকাৰে চলোৱা নেচনেলপেঞ্চন স্কিমখনত বিনিয়োগ কৰাৰ কথা, যাৰ জৰিয়তে অৱসৰৰ পিছত ১ লাখ টকাৰ পেঞ্চন লাভ কৰিব।
নেচনেল পেঞ্চন স্কিম চৰকাৰী অৱসৰ আৰু সঞ্চয় আঁচনি। এই আঁচনিৰ জৰিয়তে আপুনি বিনিয়োগ কৰা ধনৰাশি অনুসৰি অৱসৰৰ পিছত পেঞ্চন লাভ কৰিব। কেনেকৈ কিমান বয়সৰ পৰা আৰু কিমান সময়ৰ বাবে বিনিয়োগ কৰিব লাগে, যাতে ৬০ বছৰৰ পাছত মাহিলী ১ লাখ টকাৰ পেঞ্চন পাব পাৰে।
কেতিয়াৰ পৰা আৰম্ভ হ’ব এই আঁচনি
ধৰি লওঁক, আপুনি ২৫ বছৰ বয়সৰ পৰা এই আঁচনিৰ অধীনত বিনিয়োগ কৰি আছে আৰু আপুনি ৬০ বছৰ বয়সলৈকে আপোনাৰ বিনিয়োগ কৰে,তেন্তে আপুনি সেই বিনিয়োগৰ ওপৰত বাৰ্ষিক ১২% সূত লাভ কৰিব। এতিয়া জানক কিমান বিনিয়োগ কৰিব লাগে।
বিনিয়োগ পৰিকল্পনা
যদি আপুনি অৱসৰৰ পিছত ১ লাখ টকাৰ মাহিলী পেঞ্চন বিচাৰে, তেন্তে সেই অনুসৰি বিনিয়োগ কৰিব লাগিব। ১২ শতাংশ ৰিটাৰ্ণৰ আশাৰে ২৫ বছৰৰ পৰা ৬০ বছৰলৈ ৩৫ বছৰৰ বাবে প্ৰতিমাহে প্ৰায় ৭,৭৫০ টকা বিনিয়োগ কৰিব লাগিব।
যেতিয়া আপুনি ৩৫ বছৰ ধৰি অবিৰতভাৱে প্ৰতিমাহে প্ৰায় ৭,৭৫০ টকা বিনিয়োগ কৰিব, তেতিয়া আপোনাৰ মুঠ বিনিয়োগ প্ৰায় ৫ কোটি টকা হ’ব। ইয়াৰ পিছত প্ৰায় ৪০ শতাংশ বিনিয়োগ বাৰ্ষিকী আঁচনি এখনত আনুমানিক ৬ শতাংশ সুতত ক্ৰয় কৰিব লাগিব, যাৰ বাবে এই বিনিয়োগৰ জৰিয়তে আপুনি সহজেই মাহে ১ লাখ টকাৰ পেঞ্চন লাভ কৰিব।