5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সামান্য সকাহ! ৫ টকা হ্ৰাস পালে পিঁয়াজৰ দাম, অসমত কিমান হ’ব মূল্য?

দেশত হ্ৰাস পাইছে পিঁয়াজৰ দাম। ৰাজসাহায্যযুক্ত পিঁয়াজৰ দাম প্ৰতি কিলোত ৫ টকাকৈ হ্ৰাস পোৱা বুলি সদৰী কৰিছে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে। দিল্লী, মুম্বাইসহ ভাৰতৰ আন আন বৃ্হৎ চহৰসমূহৰ লগতে গুৱাহাটীতো এতিয়া পিঁয়াজৰ দাম হ্ৰাস পাইছে।

সামান্য সকাহ! ৫ টকা হ্ৰাস পালে পিঁয়াজৰ দাম, অসমত কিমান হ’ব মূল্য?
দাম কমিল পিঁয়াজৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 14 Sep 2024 18:13 PM

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জোলোকা জোলোকে পানী খুৱাইছে দেশৰ সৰ্বসাধাৰণ ৰাইজক। খাদ্যবস্তুৰ অবিৰত দাম বৃদ্ধিয়ে সমস্যাত পেলাইছে সকলোকে। তাৰ মাজতে ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে সাধাৰণ জনতাক দিছে এক সকাহৰ খবৰ। দেশত হ্ৰাস পাইছে পিঁয়াজৰ দাম। ৰাজসাহায্যযুক্ত পিঁয়াজৰ দাম প্ৰতি কিলোত ৫ টকাকৈ হ্ৰাস পোৱা বুলি সদৰী কৰিছে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে। দিল্লী, মুম্বাইসহ ভাৰতৰ আন আন বৃ্হৎ চহৰসমূহৰ লগতে গুৱাহাটীতো এতিয়া পিঁয়াজৰ দাম হ্ৰাস পাইছে।

মন্ত্ৰালয়ৰ মতে ৰাজসাহায্যযুক্ত পিঁয়াজ বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ বাবে দেশৰ ডাঙৰ ডাঙৰ চহৰসমূহত কেইদিনমানৰ ভিতৰতে পিঁয়াজৰ দাম ৫টকা হ্ৰাস পাইছে। চৰকাৰে দিল্লীত প্ৰতি কিলোগ্ৰামত ৩৫ টকাকৈ পিয়াঁজ বিক্ৰী কৰিছে বুলি মন্ত্ৰালয়ে সদৰী কৰিছে। আনহাতে খুচুৰা পিঁয়াজ এতিয়াও প্ৰতি কিলোগ্ৰামত ৫০ টকাতকৈ অধিক দামত বিক্ৰী হৈ আছে।

যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ৰাজসাহায্যযুক্ত পিঁয়াজ বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰা মতে দিল্লীত প্ৰতি কিলোগ্ৰামত পিঁয়াজৰ খুচুৰা মূল্য ৬০ টকাৰ পৰা ৫৫ টকালৈ হ্ৰাস পোৱাৰ বিপৰীতে মুম্বাইত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ৬১ টকাৰ পৰা ৫৬ টকালৈ হ্ৰাস পাইছে। চেন্নাইৰ খুচুৰা মূল্য ৬৫ টকাৰ পৰা ৫৮ টকালৈ হ্ৰাস পালে।

আনহাতে গুৱাহাটীসহ সমগ্ৰ অসমত ৫৭ টকাত বিক্ৰী হৈছে পিঁয়াজ। চৰকাৰে এনচিচিএফ আৰু নেফেডৰ ম’বাইল ভেন আৰু আউটলেটৰ জৰিয়তে প্ৰতি কেজিত ৩৫ টকা ৰাজসাহায্যযুক্ত হাৰত পিঁয়াজ বিক্ৰী আৰম্ভ কৰিছে। দিল্লী আৰু মুম্বাইৰ পৰা আৰম্ভ হোৱা এই কার্যসূচী এতিয়া চেন্নাই, কলকাতা, পাটনা, ৰাঁচী, ভুৱনেশ্বৰ, গুৱাহাটীকে ধৰি আন আন বৃহৎ চহৰতো বিয়পি পৰিছে৷

বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজসাহায্যযুক্ত পিঁয়াজৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে ই-কমাৰ্চ প্লেটফৰ্ম, কেন্দ্ৰীয় ভাণ্ডাৰ আউটলেট আৰু মাদাৰ ডেইৰীৰ সফল ষ্ট’ৰ আদিকে ধৰি বিতৰণ কেন্দ্ৰসমূহ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ডাঙৰ ডাঙৰ চহৰসমূহলৈ পিঁয়াজৰ বৃহৎ পৰিমাণৰ যোগান আৰম্ভ কৰিছে। ইতিমধ্যে দিল্লী, মুম্বাই আৰু চেন্নাইত এই ব্যৱস্থা আৰম্ভ হৈছে।

ইয়াৰ পিছত পৰ্যায়ক্ৰমে হায়দৰাবাদ, বাংগালুৰু, কলকাতা আৰু শেষত আন সকলো ৰাজ্যৰ ৰাজধানীলৈও সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰা হৈছে। লজিষ্টিক যোগান উন্নত কৰাৰ লগতে খেতিৰ পৰা পিঁয়াজ চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ বাবে পথ আৰু ৰেল নেটৱৰ্কৰ দ্বৈত পৰিবহণ কৌশল ৰূপায়ণ কৰা হৈছে।

Latest News