অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড! অতি শীঘ্ৰে কৰি লওক এই কাম…

চৰকাৰে স্পষ্ট কৰি দিছে যে, যদি কাৰোবাৰ পান কাৰ্ড আধাৰৰ লগত সংযুক্ত নহয় তেন্তে সেয়া বৈধ নহ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (CBDT) এক অধিসূচনা জাৰি কৰিছে, য’ত পেন কাৰ্ডধাৰীসকলক আধাৰ নম্বৰেৰে পেন কাৰ্ড লিংক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড! অতি শীঘ্ৰে কৰি লওক এই কাম...

অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড!

Published: 

15 Apr 2025 15:32 PM

ভাৰতত পৰিচয় আৰু বিত্তীয় লেনদেনৰ লগত জড়িত বহুতো নথি-পত্ৰৰ প্ৰয়োজন। ইয়াৰ ভিতৰত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই নথি দুখনৰ চাহিদা বেংকিঙৰ পৰা আৰম্ভ কৰি আয়কৰলৈকে সকলোতে আছে। ইয়াৰ মাজতে পান কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ।  চৰকাৰে স্পষ্ট কৰি দিছে যে, যদি কাৰোবাৰ পান কাৰ্ড আধাৰৰ লগত সংযুক্ত নহয় তেন্তে সেয়া বৈধ নহ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (CBDT) এক অধিসূচনা জাৰি কৰিছে, য’ত পেন কাৰ্ডধাৰীসকলক ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰ নম্বৰেৰে পেন কাৰ্ড লিংক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে, যিসকলে ২০২৪ চনৰ ১ অক্টোবৰৰ পূৰ্বে আধাৰৰ এনৰোলমেণ্ট আইডিৰে পান কাৰ্ড বনাইছে, তেওঁলোকে আয়কৰ বিভাগক আধাৰ নম্বৰ দিব লাগিব। চৰকাৰী অধিসূচনা অনুসৰি ২০২৪ চনৰ ১ অক্টোবৰৰ পূৰ্বে আধাৰৰ বাবে আবেদন কৰা আৰু এনৰোলমেণ্ট আইডিৰ জৰিয়তে পান কাৰ্ড বনোৱা সকলো পান কাৰ্ডধাৰীয়ে এতিয়া আয়কৰ বিভাগক আধাৰ নম্বৰ জনাব লাগিব। ২০২৫ চনৰ ৩ এপ্ৰিলত জাৰি কৰা অধিসূচনা অনুসৰি এনে সকলো পান কাৰ্ডধাৰীয়ে ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত তথ্য দিব লাগিব।

পেন-আধাৰ কাৰ্ডৰ লিংক

পেন কাৰ্ডক আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ বৰ্তমানৰ পেন-আধাৰ লিংকিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হ’ব। ইয়াৰ বাবে পান কাৰ্ডধাৰীয়ে আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত গৈ পান-আধাৰ লিংকিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। যদিও পেন আধাৰ লিংক কৰাৰ শেষ সময়সীমা আছিল ২০২৩ চনৰ ৩০ জুন আৰু এতিয়া ইয়াৰ বাবে জৰিমনা ভৰিব লাগিব পাৰে। কিন্তু এনৰোলমেণ্ট আইডিৰ জৰিয়তে পেন কাৰ্ড পোৱাসকলৰ সেই সময়ত আধাৰ নম্বৰ নাছিল। যাৰ বাবে তেওঁলোকে  ২০২৩ চনৰ সময়সীমাৰ ভিতৰত লিংকিং কৰিব নোৱাৰিলে। সেই পেন কাৰ্ডৰ ক্ষেত্ৰত জৰিমনা ৰেহাই পাব পাৰে।

২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ ব্যৱস্থা নকৰিলে কি হ’ব?

যদি আপুনি এগৰাকী পেন কাৰ্ডধাৰী আৰু ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত পেন কাৰ্ড আধাৰ নম্বৰৰ সৈতে লিংক নকৰে তেন্তে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পেন নিষ্ক্ৰিয় হৈ পৰিব পাৰে। ইয়াৰ সম্পূৰ্ণ তথ্য আয়কৰ বিভাগৰ পৰা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও যদি চৰকাৰৰ ফালৰ পৰা পেন আৰু আধাৰ লিংক নকৰে, তেন্তে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব পাৰে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক