শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এইবাৰ বীমা খণ্ডত প্ৰৱেশ পতঞ্জলিৰঃ এইসমূহ খণ্ডতো ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য

ক্ৰমাৎ ব্যৱসায়িক ক্ষেত্ৰৰ দ্ৰুত সম্প্ৰসাৰণ ঘটাইছে যোগগুৰু বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলি আয়ুৰ্বেদে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে বীমা খণ্ডতো প্ৰৱেশ কৰিছে। ইয়াৰ দ্বাৰা পতঞ্জলিৰ ব্যৱসায় FMCG খণ্ডৰ বাহিৰ হৈ ক্ৰমাৎ বিত্তীয় সেৱালৈ ব্যৱসায় সম্প্ৰসাৰণৰ কৌশলগত স্থিতিৰ প্ৰতিফলন ঘটিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

এইবাৰ বীমা খণ্ডত প্ৰৱেশ পতঞ্জলিৰঃ এইসমূহ খণ্ডতো ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য
ব্যৱসায়িক ক্ষেত্ৰ সম্প্ৰসাৰণ পতঞ্জলিৰ
monjit-dutta
Monjit Dutta | Published: 21 Mar 2025 21:39 PM

ক্ৰমাৎ ব্যৱসায়িক ক্ষেত্ৰৰ দ্ৰুত সম্প্ৰসাৰণ ঘটাইছে যোগগুৰু বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলি আয়ুৰ্বেদে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে বীমা খণ্ডতো প্ৰৱেশ কৰিছে। পতঞ্জলিয়ে মেগমা জেনেৰেল ইনচু্ৰেঞ্চৰ এক বৃ্হৎ অংশীদাৰিত্ব লাভ কৰিছে আৰু এই চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীটোৱে এই বীমা প্ৰতিষ্ঠানটোৰ প্ৰমোটাৰ হিচাপে পৰিগণিত হৈছে। পতঞ্জলিৰ ব্যৱসায়িক পৰ্টফলিঅ’ক আগুৱাই নিয়াৰ দিশত এয়া এক বৃ্হৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

ইয়াৰ দ্বাৰা পতঞ্জলিৰ ব্যৱসায় FMCG খণ্ডৰ বাহিৰ হৈ ক্ৰমাৎ বিত্তীয় সেৱালৈ ব্যৱসায় সম্প্ৰসাৰণৰ কৌশলগত স্থিতিৰ প্ৰতিফলন ঘটিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। বীমাৰ দৰে বিত্তীয় সেৱাত প্ৰৱেশ কৰা আৰু পতঞ্জলি গ্ৰুপৰ চাৰিটা কোম্পানী চাৰিটা আই পি অ’ৰ জৰিয়তে তালিকাভুক্ত কৰাৰ লগতে সৌন্দৰ্য চৰ্চা আৰু ব্যক্তিগত পৰিচৰ্যাৰ দৰে সামগ্ৰীৰ ব্যৱসায়তো পতঞ্জলিয়ে এতিয়া গুৰুত্ব আৰোপ কৰিছে।

চেম্পু, চাবোন, ফেচ ৱাছ আৰু লোচনৰ দৰে প্ৰাকৃতিক আৰু আয়ুৰ্বেদিক সামগ্ৰীৰ জৰিয়তে পতঞ্জলিয়ে ইতিমধ্যেই সৌন্দৰ্য চৰ্চা আৰু ব্যক্তিগত পৰিচৰ্যা খণ্ডলৈ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাইছে। পতঞ্জলিয়ে পৰম্পৰাগত পোছাক নিৰ্মাণ খণ্ডতো প্ৰৱেশ কৰি নিজৰ ব্যৱসায়িক ক্ষেত্ৰৰ অধীনত কুৰ্তা, পায়জামা আৰু জিন্সৰ প্ৰচলন কৰিছে।

পতঞ্জলিয়ে আয়ুৰ্বেদিক সামগ্ৰী আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ ক্ৰমবৰ্ধমান চাহিদাৰ লগত সংগতি ৰাখি প্ৰাকৃতিক আৰু বনৌষধি উপাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোম্পানীটোৱে যোগ আৰু আয়ুৰ্বেদক নিজৰ ব্ৰেণ্ডত সফলতাৰে একত্ৰিত কৰি সুস্থ জীৱনশৈলী আৰু প্ৰাচীন ভাৰতীয় ঐতিহ্যক প্ৰসাৰিত কৰি আহিছে।

পতঞ্জলি আয়ুৰ্বেদে প্ৰাচীন ভাৰতীয় চিকিৎসা ব্যৱস্থাক বিশ্বব্যাপী সম্প্ৰসাৰণৰ জৰিয়তে সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছে। আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এছিয়ালৈ নিজৰ সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰি পতঞ্জলিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত থলুৱা সামগ্ৰীৰ চাহিদা শক্তিশালী কৰিছে। অনলাইন প্লেটফৰ্ম আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ জৰিয়তে কোম্পানীটোৱে নিজৰ সামগ্ৰী সমগ্ৰ বিশ্বতে যাতে উপলব্ধ হয়, সেয়া নিশ্চিত কৰিছে।

ইয়াৰ সমান্তৰালভাৱে যোগ আৰু আয়ুৰ্বেদিক গৱেষণা কেন্দ্ৰ স্থাপন কৰি পতঞ্জলিয়ে আয়ুৰ্বেদক বিশ্ব স্বাস্থ্য ব্যৱস্থাত এক ফলপ্ৰসূ চিকিৎসা ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিছে। এইদৰে পতঞ্জলি আয়ুৰ্বেদে বিভিন্ন খণ্ডত প্ৰৱেশ কৰি প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক ক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাইছে।