5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক্ৰমে উত্থান ঘটিছে পে’টিএমৰঃ উত্থানৰ আঁৰত আছে এনে সুকৌশলী সিদ্ধান্ত

দেশৰ অন্যতম প্ৰধান ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পে’টিএমৰ স্থিতি ক্ৰমশঃ উন্নত হৈ পৰিছে। প্ৰতিষ্ঠানটোৰ বিত্তীয় অৱস্থা ক্ৰমে সুস্থিৰ হৈ আহিছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা কিছুমান নীতিৰ পৰিপ্ৰেক্ষিততে এনে ফলাফল দেখা পোৱা গৈছে।

ক্ৰমে উত্থান ঘটিছে পে’টিএমৰঃ উত্থানৰ আঁৰত আছে এনে সুকৌশলী সিদ্ধান্ত
ক্ৰমাৎ উত্থান ঘটিছে পে’টিএমৰ
monjit-dutta
Monjit Dutta | Published: 19 Jul 2024 16:42 PM

দেশৰ অন্যতম বৃহৎ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পে’টিএমৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান ৱান ৯৭ কমিউনিকেচনৰ শক্তিৰ পুনৰুত্থান ঘটিছে। কোম্পানীটোৰ পৰিচালনা ৰাজহ ক্ৰমে বিকশিত হৈ আহিছে আৰু চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) ১৫০০ কোটি টকাৰ স্তৰ অতিক্ৰম কৰিছে। শেহতীয়াকৈ পে’টিএমে নিজা সেৱাৰ দিশত যথেষ্ঠ উন্নতি সাধন কৰিছে আৰু ইউপিআই পেমেণ্টৰ উপৰিও QR ক’ড পেমেণ্ট সেৱা, চাউণ্ড বক্স আৰু অন্যান্য বিত্তীয় সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

কোম্পানীটোৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মাই শেহতীয়াকৈ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতৰ এই সিদ্ধান্তসমূহৰ প্ৰভাৱ স্পষ্টৰূপত প্ৰতিষ্ঠানটোৰ কাৰ্যকলাপত পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে ত্ৰিমাসিক ফলাফল ঘোষণা কৰিছে। এই ফলাফলত পৰিচালনা ৰাজহ উন্নত হোৱাৰ বাবে কোম্পানীটোৰ সামগ্ৰিক লোকচান হ্ৰাস পোৱা দেখা গৈছে।

শ্বেয়াৰ বজাৰক দিয়া তথ্য অনুসৰি পে’টিএমৰ এপ্ৰিল-জুন মাহত পৰিচালনা ৰাজহ আছিল ১৫০২ কোটি টকা। কৰ পৰিশোধ কৰাৰ পূৰ্বে কোম্পানীটোৰ আয় (EBITDA) পৰীক্ষা কৰাৰ পিছত ৭৯২ কোটি টকা লোকচান হোৱা বুলি প্ৰকাশ পাইছে। অৱশ্যে উন্নত ৰাজহৰ বাবে আগন্তুক সময়ত পে’টিএমৰ লাভালাভো উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি কোম্পানীটোৱে আশা প্ৰকাশ কৰিছে।

ইফালে বিত্তীয় সেৱাৰ পৰা কোম্পানীটোৰ আয় হৈছে ২৮০ কোটি টকা। আনহাতে কোম্পানীটোৱে বিপণন সেৱাৰ পৰা ৩২১ কোটি টকাৰ ৰাজহ লাভ কৰিছে। লক্ষণীয়ভাৱে কোম্পানীটোৰ বেলেন্স শ্বীটৰ ক্ষেত্ৰতো উন্নতি হোৱা পৰিলক্ষিত হৈছে আৰু নগদ ৮,১০৮ কোটি টকা আছে বুলি জানিব পৰা গৈছে।

পে’টিএমৰ মুখপাত্ৰই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰতিষ্ঠানটোৰ গ্ৰাহকসকলৰ ভিত্তি ক্ৰমে সুস্থিৰ হৈ পৰিছে। মাৰ্চেণ্ট অপাৰেটিং মেট্ৰিক্সৰ উন্নতি হৈছে আৰু ইয়াৰ দ্বাৰা অনাগত দিনত প্ৰতিষ্ঠানটোৰ বিকাশ ঘটাৰ ইংগিত পোৱা গৈছে বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে।

প্ৰতিষ্ঠানটোৰ বিত্তীয় ফলাফলত উল্লেখ কৰা মতে পে’টিএমৰ মাৰ্চেণ্ট পেমেণ্ট অপাৰেটিং ব্যৱসায় চলিত বৰ্ষৰ জানুৱাৰী মাহৰ সমপৰ্যায়লৈ ঘূৰি আহিছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে পুনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত QR ক’ড আৰু চাউণ্ড বক্স স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। কোম্পানীটোৰ মাৰ্চেণ্ট চাবস্ক্ৰাইবাৰো যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰায় ১.০৯ কোটিৰ ঘৰ স্পৰ্শ কৰিছে।

একেদৰে পে’টিএম প্লেটফৰ্মত কৰা মুঠ ব্যৱসায়িক মূল্য (জিএমভি)ও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পূৰ্বৰ স্তৰলৈ ঘূৰি আহিছে। জুন ত্ৰৈমাসিকত এই জিএমভি আছিল ৪.৩ লাখ কোটি টকা। ইয়াৰ উপৰিও কোম্পানীটোৱে খৰচ হ্ৰাস কৰাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

Latest News