5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Paytmৰ ডাঙৰ সিদ্ধান্ত, হ্ৰাস কৰা হৈছে বোৰ্ড মেম্বাৰৰ দৰমহা…কিন্তু কিয়?

নিজৰ বিত্তীয় অৱস্থা শক্তিশালী কৰিবলৈ ফিনটেক কোম্পানী পেটিএম (One97 Communications)-এ অহৰহ ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে। কোম্পানীটোৱে বাৰ্ষিক সাধাৰণ সভাৰ ঠিক আগতে ব’ৰ্ডৰ সদস্যসকলৰ দৰমহা হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

Paytmৰ ডাঙৰ সিদ্ধান্ত, হ্ৰাস কৰা হৈছে বোৰ্ড মেম্বাৰৰ দৰমহা…কিন্তু কিয়?
Paytmৰ ডাঙৰ সিদ্ধান্ত
barasha-misra
Barasha Misra | Updated On: 22 Aug 2024 19:37 PM

Paytm এক ভাৰতীয় বহুজাতিক বিত্তীয় প্ৰযুক্তি কোম্পানী, যি ডিজিটেল পৰিশোধ আৰু বিত্তীয় সেৱাত জড়িত। ফিনটেক কোম্পানী Paytm য়ে নিজৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ বাবে অহৰহ কাম কৰি আছে। ইয়াৰ বাবে শেহতীয়াকৈ বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাৰ্ষিক সাধাৰণ সভা (এজিএম)ৰ পূৰ্বে এনে এটা সিদ্ধান্ত ঘোষণা কৰিছে। ইয়াত কোম্পানীয়ে পৰিচালনা সমিতিৰ বাৰ্ষিক ধন (দৰমহা) হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

ষ্টক মাৰ্কেটক দিয়া তথ্যত পেটিএমৰ মূল কোম্পানী ৱান৯৭ কমিউনিকেশ্যনে কয় যে, তেওঁলোকৰ পৰিচালনা সমিতিয়ে দৰমহা পুনৰীক্ষণৰ প্ৰধান বিকল্প গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছে। ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কোম্পানীটোৰ এজিএম আৰু তাৰ ঠিক আগতে কোম্পানীটোৰ ব’ৰ্ডে এই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰাৰ সিদ্ধান্ত লৈছে।

Paytm ভালদৰে চলাৰ প্ৰতি দায়বদ্ধ

Paytmৰ মতে তেওঁলোকে আৰ্থিক অনুশাসন আৰু ভালদৰে চলোৱাৰ প্ৰতি দায়বদ্ধ। গতিকে ব’ৰ্ডৰ সদস্যৰ দৰমহাৰ বাবে নতুন নিয়মাৱলী প্ৰস্তুত কৰি আছে, যাৰ ওপৰত এজিএমৰ সময়ত শ্বেয়াৰহোল্ডাৰৰ অনুমতিও ল’ব। কোম্পানীটোৱে প্ৰস্তাৱ দিছে যে সংশোধিত দৰমহাৰ গাঁথনিত প্ৰতিজন অকাৰ্যবাহী স্বতন্ত্ৰ সঞ্চালকৰ বাৰ্ষিক ধন সৰ্বাধিক ৪৮ লাখ টকা হ’ব। ইয়াত ২০ লাখ টকাৰ ফিক্সড কম্পোনেণ্ট থাকিব।

ইয়াৰ উপৰিও বিভিন্ন সমিতিৰ সভাত উপস্থিতি, অধ্যক্ষতা আৰু সদস্যপদৰ ভিত্তিত পৰিৱৰ্তনশীল উপাদানসমূহৰ সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ দ্বাৰা কোম্পানীটোৰ ভিতৰত ভালদৰে চলাটো নিশ্চিত হ’ব। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বুলি বিবেচিত হ’ব নতুন সংশোধিত দৰমহা।

বজাৰৰ আন কোম্পানীবোৰ চাই লোৱা সিদ্ধান্ত

কোম্পানীটোৱে কয় যে এই নতুন দৰমহাৰ গাঁথনিটো ইয়াৰ দ্বাৰা কৰা বেঞ্চমাৰ্কিঙৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। একে ধৰণৰ বজাৰ মূলধন আৰু অনুৰূপ খণ্ডৰ কোম্পানীসমূহৰ দৰমহাৰ গাঁথনি মনত ৰাখি নতুন দৰমহাৰ গাঁথনি প্ৰস্তুত কৰা হৈছে।

বৰ্তমান কোম্পানীটোৰ অকাৰ্যবাহী স্বতন্ত্ৰ সঞ্চালক অশিত ৰঞ্জিত লিলানীৰ বাৰ্ষিক দৰমহা ১.৬৫ কোটি আৰু গোপাল সমুদ্ৰম শ্ৰীনিবাসৰাঘৱন সুন্দৰৰাজনৰ বাৰ্ষিক দৰমহা ২.০৭ কোটি টকা।

Latest News