শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Old Gold Sell: সোণ বিক্ৰী কৰি অৱসৰ জীৱন যাপনৰ পৰিকল্পনা! বিশেষজ্ঞই দিলে সতৰ্কবাণী

ব্লুমবাৰ্গ সংবাদ সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বৰ্তমানৰ প্ৰজন্মৰ মাজত স্মৃতি বা সাংস্কৃতিক মূল্যবোধ হ্ৰাস পাইছে। যাৰ বাবে দেশৰ বহু লোকে অৱসৰ জীৱন যাপনৰ বাবে নিজৰ পৰিয়ালৰ বিভিন্ন সোণৰ গহনা বিক্ৰী কৰিব লৈছে। আকৌ আন কিছুমানে চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবেও নিজৰ পৰিয়ালৰ সোণৰ অলংকাৰ বিক্ৰী কৰিছে।

Old Gold Sell: সোণ বিক্ৰী কৰি অৱসৰ জীৱন যাপনৰ পৰিকল্পনা! বিশেষজ্ঞই দিলে সতৰ্কবাণী
সোণৰ বিক্ৰী
trishna-kalita
Trishna Kalita | Updated On: 26 Feb 2025 14:32 PM

ভাৰতত সোণৰ দাম কেৱল বজাৰ মূল্যৰ ওপৰত ভিত্তি কৰিয়ে হিচাপ কৰা নহয়।  আজিও দেশৰ বহু ঘৰত ডেৰ-দুশ বছৰ পুৰণি সোণৰ গহনা পোৱা যায়। আমাৰ দেশৰ মানুহে কেৱল বিনিয়োগৰ বিকল্প হিচাপেই নহয়, চখ পূৰণৰ বাবে বা উপহাৰ হিচাপে সোণ কিনে। আৰু সেই সোণৰ লগত জড়িত বিভিন্ন স্মৃতিৰ বাবে বা কোনো সাংস্কৃতিক মূল্যবোধৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰেৰণ কৰা হয়।

ব্লুমবাৰ্গ সংবাদ সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বৰ্তমানৰ প্ৰজন্মৰ মাজত স্মৃতি বা সাংস্কৃতিক মূল্যবোধ হ্ৰাস পাইছে। যাৰ বাবে দেশৰ বহু লোকে অৱসৰ জীৱন যাপনৰ বাবে নিজৰ পৰিয়ালৰ বিভিন্ন সোণৰ গহনা বিক্ৰী কৰিব লৈছে। আকৌ আন কিছুমানে চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবেও নিজৰ পৰিয়ালৰ সোণৰ অলংকাৰ বিক্ৰী কৰিছে। আৰু তাৰ ফলস্বৰূপে ভাৰতীয় বজাৰত সাধাৰণ মানুহৰ সোণ বিক্ৰীৰ তাগিদা যথেষ্ট বৃদ্ধি পাইছে।

ইফালে ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিত। এনে পুৰণি সোণৰ বিক্ৰীৰ ক্ষেত্ৰত এটাই কথা যেন স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে সংবাদ সংস্থা ব্লুমবাৰ্গে। তেওঁলোকে কয়, ভাৰতীয় সংস্কৃতিৰ পৰিৱৰ্তন হৈছে। য’ত দেশৰ জনসাধাৰণৰ বাবে ধনৰ প্ৰয়োজনীতাৰ বাস্তৱতাৰ আগত ক্ৰমান্বয়ে হ্ৰাস পাইছে পৰম্পৰাগত মূল্যবোধসমূহ ।

তথাপিও আমাৰ দেশৰ জনসাধাৰণৰ অৰ্থনৈতিকভাৱে স্বাক্ষৰ বহুত বেছি নহয় বুলি ভাৱে বিশেষজ্ঞসকলে। এতিয়া এই কথাই আঙুলিয়াই দিছে যে সেই প্ৰজন্মৰ মানুহে সঠিক সময়ত সঞ্চয় কৰিব পৰা নাছিল। যাৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। অৱশ্যে সোণৰ বিক্ৰীয়ে বিকল্প বিনিয়োগৰ ক্ষেত্ৰখন অধিক বহল কৰিব পাৰে বুলিও বিশেষজ্ঞসকলে মত পোষণ কৰে।