PM Kisan: কেতিয়া মুকলি হ’ব কিষাণ সন্মান নিধিৰ ১৯ তম কিস্তি? জানিবলৈ দিলে কৃষি মন্ত্ৰীয়ে
দেশৰ কৃষকসকলৰ সাহাৰ্য্যৰ্থে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ১৯ তম কিস্তি ধন কেতিয়া মুকলি হ’ব, সেই লৈ চলি আহিছিল ব্যাপক চৰ্চা। এই চৰ্চাৰ আজি অৱসান ঘটাইছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে।

দেশৰ কৃষকসকলৰ সাহাৰ্য্যৰ্থে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ১৯ তম কিস্তি ধন কেতিয়া মুকলি হ’ব, সেই লৈ চলি আহিছিল ব্যাপক চৰ্চা। এই চৰ্চাৰ আজি অৱসান ঘটাইছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে। কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্রীয় চৰকাৰে যোগ্য হিতাধিকাৰীসকলক প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ ১৯ তম কিস্তি বিতৰণ কৰিব৷ সংবাদ মাধ্যমৰ আগত আজি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই বিষয়ে জানিবলৈ দিছে।
তেওঁ সদৰী কৰা মতে কৃষি কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী বিহাৰত উপস্থিত থাকিব। উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে এই ধনৰাশি কৃষকৰ একাউণ্টত জমা কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ ১৫ অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ১৮ সংখ্যক কিস্তি বিতৰণ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰদান কৰা ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ ই-কেৱাইচি বাধ্যতামূলক। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলক বছৰি ৬ হাজাৰ টকা প্ৰদান কৰা হয়। এই ধনৰাশি দুই হাজাৰ টকাকৈ তিনিটা কিস্তিত হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হয়।
কৃষকসকলে অ’টিপি ভিত্তিক ই-কেৱাইচি (পিএম-কিষাণ পৰ্টেল আৰু মোবাইল এপত উপলব্ধ), বায়’মেট্ৰিক ভিত্তিক ই-কেৱাইচি (কমন চাৰ্ভিচ চেণ্টাৰ (CSC) আৰু ষ্টেট চাৰ্ভিচ চেণ্টাৰ (SSK)ত উপলব্ধ), ফেচ অথেণ্টিকেচন ভিত্তিক ই-কেৱাইচি (পিএম কিছান মোবাইল এপত উপলব্ধ) – এই তিনিটা বিকল্পৰ যিকোনো এটা পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ ইকেৱাইচি সম্পন্ন কৰিব পাৰে।
যোগ্য হিতাধিকাৰীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে আধাৰ কাৰ্ড, নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, মাটিৰ মালিকীস্বত্ব প্ৰমাণ কৰা নথি-পত্ৰ, বেংক একাউণ্টৰ সবিশেষ তথ্য প্ৰদান কৰি ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেলত গৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব।