5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীঘ্ৰেই মুকলি হ’ব কৃষক সন্মান নিধিৰ ১৯তম কিস্তিঃ এইসকলে নাপাব আঁচনিৰ ধন…

পি এম কিষাণ সন্মান নিধিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক যোগ্যতা অনুসাৰে আৰ্থিক সাহায্য আগবঢ়াই আহিছে। আঁচনিখনৰ আধাৰত হিতাধিকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতি বছৰে ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এতিয়ালৈকে এই আঁচনিৰ ১৮টা কিস্তি মুকলি কৰা হৈছে আৰু ইয়াৰ ১৯ সংখ্যক কিস্তি অতি সোনকালে মুকলি কৰা হ’ব।

শীঘ্ৰেই মুকলি হ’ব কৃষক সন্মান নিধিৰ ১৯তম কিস্তিঃ এইসকলে নাপাব আঁচনিৰ ধন…
শীঘ্ৰেই মুকলি হ’ব কৃষক সন্মান নিধিৰ ১৯তম কিস্তি
monjit-dutta
Monjit Dutta | Published: 02 Jan 2025 19:54 PM

দেশৰ কৃষকসকলক আৰ্থিক সাহায্যৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত এক নতুন আঁচনি গ্ৰহণ কৰিছিল। পি এম কিষাণ সন্মান নিধি নামৰ এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক যোগ্যতা অনুসাৰে আৰ্থিক সাহায্য আগবঢ়াই আহিছে। আঁচনিখনৰ আধাৰত হিতাধিকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতি বছৰে ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এই ধন ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত প্ৰদান কৰা হয়। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ এই ধন পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়।

এতিয়ালৈকে এই আঁচনিৰ ১৮টা কিস্তি মুকলি কৰা হৈছে আৰু ইয়াৰ ১৯ সংখ্যক কিস্তি অতি সোনকালে মুকলি কৰা হ’ব। প্ৰকাশিত খবৰ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ সংখ্যক কিস্তি। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি ওলোৱা নাই। এই আঁচনিৰ অধীনত প্ৰায় ১৩ কোটি কৃষকক সহায় কৰা হয়। চৰকাৰী আঁচনিৰ কিস্তি প্ৰতি ৪ মাহৰ মূৰে মূৰে মুকলি কৰি দিয়া হয়।

এই আঁচনিৰ অন্তিমটো কিস্তি বিগত বৰ্ষৰ অক্টোবৰ মাহত মুকলি কৰা হৈছিল। সেই অনুসৰি ফেব্ৰুৱাৰী মাহত ৪ মাহ সম্পূৰ্ণ হ’ব। গতিকে ফেব্ৰুৱাৰী মাহত পি এম কিষানৰ পৰৱৰ্তী কিস্তি মুক্তি পাব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে। এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব বিচৰা কৃষকসকলে অনলাইন আবেদনৰ জৰিয়তে আঁচনিৰ হিতাধিকাৰী হোৱাৰ বাবে আবেদন কৰিব পাৰে।

তলত দিয়া পদ্ধতিসমূহ অনুসৰণ কৰি এই আঁচনিৰ সুবিধা লাভৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব-

প্ৰথমে পি এম কিষাণৰ ৱেবছাইটলৈ যাব লাগিব।

ইয়াৰ পিছত তাত থকা New Farmer Registration ত ক্লিক কৰক।

ইয়াৰ পিছত আপুনি আধাৰ নম্বৰ, ৰাজ্য, জিলা আৰু অন্যান্য প্ৰাসংগিক ব্যক্তিগত তথ্য আৰু বেংকৰ তথ্য পূৰ কৰিব লাগিব।

সকলো তথ্য ভালদৰে পুনৰ পৰীক্ষা কৰি এতিয়া প্ৰ-পত্ৰ চাবমিট কৰিব পাৰিব।

ইতিমধ্যে ভাৰত চৰকাৰৰ দ্বাৰা কিষাণ সন্মান নিধিৰ সুবিধা লাভৰ বাবে কোনবোৰ পদক্ষেপ মানি চলিব লাগিব, সেই সম্পৰ্কে স্পষ্টকৈ বুজাই দিয়া হৈছে। ইয়াৰ বাবে প্ৰথমে চৰকাৰে ই-কেৱাইচি পূৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। যিসকল কৃষকে এতিয়াও এই আঁচনিৰ অধীনত ই-কেৱাইচি পূৰ কৰা নাই, তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব। অৰ্থাৎ ১৯ নং কিস্তিৰ ধন লাভ নকৰে এই কৃষকসকলে।

Latest News