Mudra loan: ব্যৱসায় কৰিব বিচাৰে নেকি? এই আঁচনিৰ অধীনত মোদীয়ে দিব ২০ লাখ টকা…

PM mudra loan: আপুনিও বিচাৰে নেকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব? কিন্তু টকাৰ বাবে আপুনি পিছুৱাই আহিবলগীয়া হৈছে! তেন্তে চিন্তাৰ প্ৰয়োজন নাই, দৰকাৰ হ'লে ব্যৱসায় কৰিবলৈ মোদীয়ে টকা দিব আপোনাক।

Mudra loan: ব্যৱসায় কৰিব বিচাৰে নেকি? এই আঁচনিৰ অধীনত মোদীয়ে দিব ২০ লাখ টকা...

মুদ্ৰা লোন

Updated On: 

17 Feb 2025 12:11 PM

চাকৰি কৰি ভাগৰি পৰিছে নেকি? আপুনিও নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি?  কিন্তু ঋণৰ বোজাৰ বাবে আপুনি আগবাঢ়িব পৰা নাই নেকি? আপুনিও বিচাৰে নেকি লাখ লাখ টকাৰ ঋণত কম সুত ? কেৱল টকাৰ বাবেই ব্যৱসায় আৰম্ভ কৰাৰ সপোনটো পূৰণ কৰিব পৰা নাই নেকি? এই ক্ষেত্ৰত আপুনি যদি উপায় বিচাৰি আছে তেন্তে চিন্তাৰ প্ৰয়োজন নাই। কিয়নো প্ৰয়োজন হ’লে মোদীয়ে টকা দিব।

কেনেকৈ টকা দিব মোদীয়ে

এই ধন মোদী চৰকাৰে ঋণৰ ৰূপত প্ৰদান কৰিব। অৱশ্যে সকলোৱে এই সুবিধা লাভ নকৰে। কিছুমান নিৰ্দিষ্টলোকে এই সুবিধা লাভ কৰিব। মোদী চৰকাৰৰ এই আঁচনিৰ নাম হৈছে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (PM Mudra Yojana )। মূলতঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এই ঋণৰ আঁচনিখন লৈ আহিছে।

চৰকাৰী তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০২৩ চনলৈ মাত্ৰ আঠ বছৰতে ৪৪ কোটি গ্ৰাহকক ঋণ প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা বছৰ দীপাৱলীৰ পূৰ্বে কেন্দ্ৰই ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ অধীনত আৱেদনকাৰীৰ ঋণৰ আৱেদন দুগুণ কৰিছিল। পূৰ্বে এজন গ্ৰাহকে মুঠ ১০ লাখ টকাহে ঋণ লাভ কৰিব পাৰিছিল। কিন্তু এতিয়া কেন্দ্ৰই সেই ঋণৰ পৰিমাণ ২০ লাখলৈ বৃদ্ধি কৰিছে।

কোনে পাব এই মুদ্ৰা লোন

জানিব পৰা মতে নিৰ্দিষ্ট খণ্ডৰ কিছু ব্যৱসায়ীহে এই মুদ্ৰা ঋণ লাভ কৰিব। এই ঋণসমূহ কৃষি, সমাজ সেৱা, ক্ষুদ্ৰ বিত্ত ব্যৱসায়, গ্ৰাহক সামগ্ৰী, বস্ত্ৰশিল্প আৰু অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভ কৰিব পাৰে। যোৱা বছৰৰ পৰা যোগ্য আবেদনকাৰীৰ বাবে এই আঁচনিৰ অধীনত ২০ লাখ টকা পৰ্যন্ত মুদ্ৰা ঋণ লাভ কৰাৰ ব্যৱস্থা আছে।

অৱশ্যে মুঠ চাৰিটা শিতানৰ এজন আবেদনকাৰীয়ে এই ঋণ লাভ কৰে। প্ৰথম শিতান অৰ্থাৎ শিশু ঋণত আবেদনকাৰীয়ে ৫০ হাজাৰ টকা, দ্বিতীয় শ্ৰেণী অধীনত অৰ্থাৎ যুৱ ঋণত সৰ্বাধিক ৫ লাখ টকা লাভ কৰে। ইয়াৰ পাছত তৃতীয় শ্ৰেণীৰ শিতান অৰ্থাৎ তৰুণ ঋণত ১০ লাখ টকা আৰু শেষৰ শিতান অৰ্থাৎ তৰুণ প্লাছ ঋণত বাকী টকা লাভ কৰে।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা লোন আঁচনিৰ অফিচিয়েল ৱেবচাইট www.mudra.org.in ত যাওক।
  • যি প্ৰকাৰৰ ঋণৰ আবেদন কৰিব বিচাৰে সেয়া ক্লিক কৰক।
  • আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
  • প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰক আৰু সেই আবেজন ওচৰৰ বেংক বা মাইক্ৰফাইনেন্স সংস্থাত জমা দিয়ক।
  • তথ্য পৰীক্ষা হোৱাৰ পাছত ঋণ এপ্ৰুভ হ’ব।
  • এই প্ৰক্ৰিয়াৰ বাবে প্ৰায় ১৫ দিনৰ প্ৰয়োজন হয়।

 

অন্য খবৰ পঢ়কঃ অসম আৰোগ্য নিধিঃ কোনে, কেনেকৈ লাভ কৰে এই আঁচনিৰ সুবিধা, জানক…

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক