News9 Global Summit: সাজু বিকশিত ভাৰতৰ ভেটি, জাৰ্মানী হ’ব গুৰুত্বপূৰ্ণ অংশীদাৰঃ প্ৰধানমন্ত্ৰী মোদী

জাৰ্মানীৰ ষ্টুটগাৰ্টত আয়োজিত দেশৰ শীৰ্ষস্থানৰ নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটত বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ বাবে ভেটি সাজু হৈছে আৰু এই যাত্ৰাত জাৰ্মানী অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব বুলি মন্তব্য কৰে।

News9 Global Summit: সাজু বিকশিত ভাৰতৰ ভেটি, জাৰ্মানী হ’ব গুৰুত্বপূৰ্ণ অংশীদাৰঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Updated On: 

22 Nov 2024 22:39 PM

দেশৰ শীৰ্ষস্থানৰ নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটত আজি অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জাৰ্মানীৰ ষ্টুটগাৰ্টত আয়োজিত এই সন্মিলনত বক্তব্য প্ৰদান কৰি নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ বাবে ভেটি সাজু হৈছে বুলি মন্তব্য কৰে। ইয়াৰ বাবে ভাৰতে বহু আইন বিলুপ্ত কৰাৰ লগতে কৰ ব্যৱস্থাও যথেষ্ট সৰল কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে ভাৰতে নিজকে উৎপাদন কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰে।

ভাৰতত উৎপাদনৰ বাবে বিশ্বৰ সকলো কোম্পানীকে প্ৰডাকচন লিংক ইনচেণ্টিভ দিয়া হৈছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতৰ উন্নয়নৰ এই যাত্ৰাত জাৰ্মানী অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব বুলিও তেওঁ লগতে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত চৰকাৰে বিদেশী কোম্পানীৰ বাবে পৰিস্থিতি সহজ কৰি তুলিবলৈ ৩০ হাজাৰৰো অধিক আইন বিলুপ্ত কৰিছে। চৰকাৰে জি এছ টিৰ ব্যৱস্থা কৰাৰ লগতে দেশৰ বহু জটিল কৰ ব্যৱস্থা সৰল কৰি তোলা হৈছে বুলি তেওঁ কয়।

নিজ ভাষণত তেওঁ লগতে দেশৰ উন্নয়নৰ বাবে সময়মতে যাতে পুঁজি উপলব্ধ হয় তাৰ বাবে ভাৰতবৰ্ষই নিজৰ বেংক ব্যৱস্থা শক্তিশালী কৰি তোলা বুলিও উল্লেখ কৰে। “ভাৰতে এনে এটা ভেটি প্ৰস্তুত কৰিছে, যাতে উন্নত ভাৰতৰ এটা ভৱিষ্যৎ ভৱন নিৰ্মাণ কৰিব পৰা যায়। আৰু এই ক্ষেত্ৰত জাৰ্মানী ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব।”- তেওঁ লগতে কয়।

“ভাৰত আজি বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হ’বলৈ সাজু হৈছে। ভাৰতে আজি প্ৰডাকচন কোম্পানীক প্ৰডাকচন লিংক ইনচেণ্টিভ দিয়ে। বিশেষ কথাটো হ’ল ভাৰতৰ উৎপাদন ক্ষেত্ৰখনত এক বৃহৎ পৰিৱৰ্তন হৈছে। আজি ভাৰত মোবাইল আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। বৰ্তমান ভাৰত বিশ্বৰ সৰ্ববৃহৎ দুচকীয়া বাহন নিৰ্মাতা দেশ। ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম তীখা নিৰ্মাতা দেশ। লগতে বিশ্বৰ চতুৰ্থ বৃহত্তম চাৰিচকীয়া বাহন নিৰ্মাতা দেশ।”- মোদীয়ে লগতে কয়

ভাৰতত ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিত দ্ৰুত বিনিয়োগ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ ওপৰত আলোকপাত কৰি তেওঁ “ভাৰত এতিয়া বিশ্বৰ ভিতৰতে আটাইতকৈ অনন্য ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দেশ” বুলি মন্তব্য কৰে। এই প্ৰচেষ্টাসমূহৰ বাবেই ভাৰত আজি বিনিয়োগকাৰীৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জাৰ্মান কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ কয়, “যিবোৰ জাৰ্মান কোম্পানী এতিয়াও ভাৰতলৈ অহা নাই, সেইবোৰক মই ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো।” ভাৰতৰ নীতি আৰু ব্যৱসায়িক পৰিৱেশৰ সুস্থিৰতাৰ ওপৰতো তেওঁ নিজ ভাষণত গুৰুত্ব আৰোপ কৰে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস