PM Surya muft bijli yojana: বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ক’ত, কেনেকৈ কৰিব আবেদন…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা (PM Surya muft bijli yojana ) ৰ অধীনত মানুহৰ ঘৰৰ ছাদত সৌৰ শক্তিৰ পেনেল স্থাপন কৰি প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল
মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট ২০২৪-২৫। এই বাজেটত কেইবাটাও ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। বাজেটত উল্লেখ কৰা অনুসৰি পিএম সূৰ্য ঘৰ মুফ্ট বিদ্যুৎ যোজনা (পি এম সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি) ৰ অধীনত ভৱিষ্যতেও জনতাই ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আঁচনিৰ সুবিধা লাভ কৰিব। লগতে এই আঁচনিৰ বহুল প্ৰচাৰৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। চৰকাৰৰ লক্ষ্য ১ কোটি জনতাক বিনামূলীয়া বিদ্যুৎ যোগান ধৰা। বাজেটত হোৱা এই ঘোষণাৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত ছোলৰ ছেক্টৰ ১১ শতাংশ উৰ্ধমুখী হয়।
পি এম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা কি
বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তত ১.২৮ কোটি পঞ্জীয়নৰ লগতে ১৪ লাখ আবেদন আহিছে। উল্লেখ কৰা প্ৰয়োজন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা (PM Surya muft bijli yojana ) ৰ অধীনত মানুহৰ ঘৰৰ ছাদত সৌৰ শক্তিৰ পেনেল স্থাপন কৰি প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ উদ্দেশ্য হ’ল মানুহে সৌৰ শক্তিৰ ব্যৱহাৰ কৰি প্ৰয়োজনীয় বিদ্যুতৰ ব্যৱহাৰ কৰাৰ লগতে গ্ৰীণ আৰু ক্লীন এনাৰ্জি উন্নত কৰা।
केंद्रीय बजट 2024-25 के प्रस्ताव:
✅ पीएम सूर्य घर मुफ्त बिजली योजना के तहत 1.28 करोड़ से अधिक पंजीकरण और 14 लाख आवेदन प्राप्त हुए
✅ बिजली भंडारण और समग्र ऊर्जा मिश्रण में #RenewableEnergy के सुचारु एकीकरण के लिए पंप स्टोरेज नीति लाई जाएगी
✅ एयूएससी प्रौद्योगिकी का उपयोग… pic.twitter.com/0aNv6jo2Rz
— Ministry of Finance (@FinMinIndia) July 23, 2024
চৰকাৰৰ মতে সৌৰ পেনেল ব্যৱহাৰ কৰাৰ ফলত প্ৰতি বছৰে হিতাধিকাৰীয়ে ১৫০০০ ৰ পৰা ১৮০০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব। কিয়নো বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ লগতে বাকী থকা খিনি বিদ্যুৎ শক্তি কোম্পানীক বিক্ৰী কৰিব পাৰিব। ইয়াৰ উপৰিও বৃহৎ সংখ্যক বিক্ৰেতাৰ বাবে ই এক ভাল সুযোগ হব। যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব ই।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেটৰ সময়ত ফ্ৰী “ছোলাৰ ৰুফটপ যোজনা”ৰ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ২৪ ফেব্ৰুৱাৰীত এই আঁচনিৰ নাম সলনি কৰি “প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনা” কৰে। ইয়াৰ অধীনত চৰকাৰে ৭৮ হাজাৰ টকা পৰ্যন্ত চাবচিডি দিয়াৰ ব্যৱস্থাও কৰিছে। এই আঁচনিৰ সফল ৰূপায়নৰ বাবে চৰকাৰে ৭৫ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা
- এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপোনাৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰিব পৰা ব্যৱস্থা থাকিব লাগিব।
- আপুনি ভাৰতীয় নাগৰিক হোৱাতো আৱশ্যক।
- আপোনাৰ বয়স ১৮ বছৰৰ ওপৰত হ’ব লাগিব। তেতিয়াহে আবেদন জনাব পাৰিব।
- মধ্যবিত্ত আৰু দৰিদ্ৰসকলক গুৰুত্ব দিয়া হ’ব।
- প্ৰয়োজনীয় নথি পত্ৰ লাগিব।
কি কি তথ্য লাগিব
PM Surya muft bijli yojana যোজনাৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ’ব লাগিব। ইয়াৰোপৰি তলত দিয়া তথ্যসমূহৰ প্ৰয়োজন হ’ব-
- আধাৰ কাৰ্ড
- বিদ্যুতৰ বিল
- বেংকৰ পাছবুক
- আয়ৰ প্ৰমাণ পত্ৰ (প্ৰয়োজন সাপক্ষে)
- পাছপ’ৰ্টৰ আকাৰৰ ফটো।
- ৰেচন কাৰ্ড
- মোবাইল নং।
- আয়ৰ প্ৰমাণ পত্ৰ
কেনেকৈ ক’ত কৰিব আবেদন
- এই আঁচনিৰ বাবে আপুনি প্ৰথমে https://www.pmsuryaghar.gov.in/ ৱেবচাইত যাওঁক।
- তাৰ পাছত apply for rooftop solar ত ক্লিক কৰক।
- প্ৰথমে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব।
- ইয়াৰ বাবে আপোনাৰ ৰাজ্য, বিদ্যুৎ বিতৰণ কোম্পানী, বিদ্যুতৰ মোবাইল নম্বৰ, ইমেইল আৰু গ্ৰাহক নম্বৰ প্ৰয়োজন হ’ব।
আপোনাৰ মোবাইল নম্বৰ দিয়াৰ পাছত এটা OTP আহিব। সেই OTP দি চাবমিট কৰি দিব। যদি পঞ্জীয়ন সফলভাৱে হয় তেন্তে মোবাইলত এটা মেছেজ আহিব।ৰেজিষ্টেচন হোৱাৰ পাছত ‘লগ ইন’ত ক্লিক কৰক। ৰুফ টপ ছলাৰত লগ ইন হোৱাৰ পাছত প্ৰয়োজনীয় নথি পত্ৰৰ স্কেন কপি আপলোড কৰিব লাগিব। পোৰ্টেলটোৰ নিয়ম মানি চলিব।
- ইয়াৰ লগতে প্লাণ্টৰ সবিশেষ দাখিল কৰক আৰু নেট মিটাৰৰ বাবে আবেদন কৰক।
- নেট মিটাৰ স্থাপন আৰু ডিচকমে পৰিদৰ্শন কৰাৰ পিছত কমিচনিং প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰিব।
- কমিচনিং ৰিপৰ্ট লাভ কৰাৰ পাছত বেংক একাউণ্টৰ সবিশেষ আৰু বাতিল কৰা চেক জমা দিব।
- ৩০ দিনৰ ভিতৰত আপুনি আপোনাৰ বেংক একাউণ্টত আপোনাৰ ৰাজসাহায্য লাভ কৰিব।