প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টি: এতিয়াৰে পৰা ধনৰ অভাৱৰ বাবে আধৰুৱা নহয় পঢ়া, মেধাৱী শিক্ষাৰ্থীলৈ ১০ লাখ টকাৰ ঋণ ঘোষণা!

দেশৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক ১০ লাখ টকালৈকে ঋণ দিয়াৰ কথা ঘোষণা। কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । লগতে এফচিআইত ১০ হাজাৰ কোটি টকাতকৈ অধিক ইকুইটি মূলধন প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে। এই দুয়োটা সিদ্ধান্তই দেশৰ সাধাৰণ জনতাক যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টি: এতিয়াৰে পৰা ধনৰ অভাৱৰ বাবে আধৰুৱা নহয় পঢ়া, মেধাৱী শিক্ষাৰ্থীলৈ ১০ লাখ টকাৰ ঋণ ঘোষণা!

প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টি!

Updated On: 

06 Nov 2024 18:48 PM

দেশৰ মধ্যবিত্ত আৰু যুৱসকললৈ মোদী চৰকাৰ সকাহ। যিসকলে ধনৰ অভাৱত মাজতে পঢ়া-শুনা এৰিছিল বা আগলৈ অধ্যয়ন কৰিব পৰা নাছিল, মোদী কেবিনেটে এনে যুৱ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ১০ লাখ টকাৰ ঋণ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী যোজনাৰ অধীনত ঋণ দিয়াৰ কথা ঘোষণা কৰিছে কেবিনেটে। ১০ লাখ টকালৈকে ঋণ লোৱাৰ বাবে কোনো গাৰেণ্টৰৰ প্ৰয়োজন নহ’ব। আনকি ঋণৰ সূতটো ৰাজসাহায্য দিয়া হ’ব। এই সম্পৰ্কে বিতংকৈ জানো আহক..

চৰকাৰৰ ডাঙৰ ঘোষণা

কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি যুৱসকলক গেৰাণ্টি অবিহনে ১০ লাখ ঋণ দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ সিদ্ধান্ত অনুসৰি, শিক্ষাৰ্থীসকলক ৩% সূত ৰেহাইৰ সৈতে ১০ লাখ লৈকে ঋণ দিয়া হ’ব। অৱশ্যে, এই ঋণৰ উৰ্ধসীমা চৰকাৰে নিৰ্ধাৰণ কৰা নাই। প্ৰয়োজন অনুসৰি এই ঋণৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। এই ঋণ তেওঁলোকক দিয়া হ’ব যাৰ পৰিয়ালৰ মুঠ উপাৰ্জন ৮ লাখ টকা বা তাতকৈ কম হ’ব। চৰকাৰে স্পষ্টকৈ কৈছে যে এতিয়া ধনৰ অভাৱৰ বাবে, যিকোনো পৰিয়ালৰ মেধাৱী সন্তানে মাজতে পঢ়া-শুনা এৰিব নালাগে। তেওঁ তেওঁৰ সপোনবোৰ সহজে পূৰণ কৰিবলৈ সক্ষম হ’ব।

পিএম বিদ্যালক্ষ্মী আঁচনি কি?

ইয়াৰ দ্বাৰা চৰকাৰে পিএম বিদ্যালক্ষ্মী আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক সহায় কৰা হ’ব যিসকলে ধনৰ অভাৱত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অক্ষম বা মাজতে পঢ়া এৰি দিছে। এই আঁচনিখন কেৱল ল’ৰা-ছোৱালী উভয়ৰে বাবে। এই আঁচনিয়ে এনে শিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ আৰু অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিব যিসকলে ধনৰ অভাৱৰ বাবে শিক্ষা জীৱন আধাতে সামৰিব লগা হৈছে।

এফচিআইক ১০,৭০০ কোটি টকাৰ বুষ্টাৰ ড’জ

আনহাতে, চৰকাৰে বুধবাৰে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষত কাৰ্যকৰী পুজিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে  পাব্লিক ছেক্টৰৰ ভাৰতীয় খাদ্য নিগমত (Food Corporation of India) ১০,৭০০ কোটি টকাৰ ইকুইটি মূলধন সঞ্চাৰৰ অনুমোদন জনাইছে। এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে- ভাৰতীয় খাদ্য নিগম হৈছে খাদ্য-শস্য ক্ৰয় আৰু বিতৰণৰ বাবে চৰকাৰৰ নোডেল সংস্থা। প্ৰধানমন্ত্ৰী শনৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২০২৪-২৫ বৰ্ষৰ কাৰ্যকৰী পুজিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এফচিআইত ১০,৭০০ কোটি টকাৰ ইকুইটি মূলধন প্ৰদানৰ অনুমোদন জনাইছে ।

এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে কৃষি খণ্ডক অনুপ্ৰাণিত কৰা আৰু সমগ্ৰ দেশৰ কৃষকসকলৰ কল্যাণ নিশ্চিত কৰা। বিবৃতি অনুসৰি, এই কৌশলগত পদক্ষেপে কৃষকসকলক সমৰ্থন আৰু ভাৰতৰ কৃষি অৰ্থনীতি শক্তিশালী কৰিবলৈ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। এফচিআইয়ে ১৯৬৪ চনত ১০০ কোটি টকাৰ অনুমোদিত মূলধন আৰু ৪ কোটি টকাৰ ইকুইটি মূলধনৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল।

বৰ্তমান সময়ত এফচিআইৰ কাৰ্যকলাপ বহুগুণে বৃদ্ধি পাইছে। ফেব্ৰুৱাৰী ২০২৩ত, এফচিআইৰ অনুমোদিত মূলধন ১১,০০০ কোটি টকাৰ পৰা ২১,০০০ কোটি টকালৈ বৃদ্ধি হয়। ২০১৯-২০ বিত্তীয় বৰ্ষত এফচিআইৰ ইকুইটি মূলধন আছিল ৪,৪৯৬ কোটি টকা, যাক ২০২৩-২৪ বৰ্ষত ১০,১৫৭ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল। বিবৃতিত কোৱা হৈছে “এতিয়া, ভাৰত চৰকাৰে এফচিআইৰ বাবে ১০,৭০০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ইকুইটি মূলধনত অনুমোদন জনাইছে। যিয়ে ইয়াক আৰ্থিকভাৱে শক্তিশালী কৰিব আৰু ইয়াৰ পৰিৱৰ্তনৰ বাবে লোৱা পদক্ষেপবোৰক অনুপ্ৰাণিত কৰিব।”

 

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!