গ্ৰাহকলৈ ডাঙৰ সকাহ! হ্ৰাস পালে আলু আৰু বিলাহীৰ মূল্য, জানক সবিশেষ
গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, জানুৱাৰী মাহত আলু আৰু বিলাহীৰ মূল্য ৩ টকাৰ পৰা ৯ টকালৈ হ্ৰাস পাইছে। আনহাতে, জানুৱাৰীত পিঁয়াজৰ মূল্য ৮ শতাংশ বৃদ্ধি পাইছে।
দেশত খাদ্য-সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যদিও দুবিধ সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে গ্ৰাহকৰ মনত যথেষ্ঠ আনন্দ দিছে। ক্ৰিচিল (Crisil)ৰ তথ্য অনুসৰি নৱেম্বৰৰ তুলনাত ডিচেম্বৰ মাহত ঘৰৰ খাদ্য-সামগ্ৰীৰ দাম ৩ শতাংশ হ্ৰাস হৈছে। ইয়াৰে হ্ৰাস পোৱা সামগ্ৰী দুবিধ হৈছে আলু আৰু বিলাহী। এতিয়া জানুৱাৰী মাহতো একে ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে। জানুৱাৰী মাহত আলু আৰু বিলাহীৰ দাম ৩ টকাৰ পৰা ৯ টকালৈ হ্ৰাস হৈছে। কিন্তু, জানুৱাৰী মাহত পিঁয়াজৰ মূল্য ৮ শতাংশ বৃদ্ধি পাইছে। যিটো গ্ৰাহকে হ্ৰাস পাব বুলি আশা কৰিছিল। জানুৱাৰী মাহৰ প্ৰথম ৬ দিনত আলু, পিয়াঁজ আৰু বিলাহীৰ দাম কিমান উত্থান-পতন হৈছে জানক।
আলুৰ দাম
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি, দেশৰ ৰাজধানী দিল্লীত আলুৰ মূল্য ১০ শতাংশ হ্ৰাস পাইছে। যোৱা ৩১ ডিচেম্বৰত দিল্লীত আলুৰ খুচুৰা মূল্য আছিল ৩০ টকা। যিটো ৬ জানুৱাৰীত ২৭ টকালৈ হ্ৰাস পাইছিল। অৰ্থাৎ দিল্লীত আলুৰ মূল্য ১০ শতাংশ অৰ্থাৎ ৩ শতাংশ হ্ৰাস পাইছে। দেশৰ গড় মূল্য হৈছে- ৩১ ডিচেম্বৰত দেশত প্ৰতি কেজি আলুৰ মূল্য আছিল ৩৩.৮৪ টকা। যিটো হ্ৰাস পাই প্ৰতি কেজিত ৩৩.৩২ টকা হ’ল। বিশেষজ্ঞসকলৰ মতে, আগন্তুক দিনত দেশৰ গড় মূল্য আৰু অধিক হ্ৰাস পাব পাৰে।
বিলাহীৰ মূল্য
আনহাতে, বিলাহীৰ দাম যথেষ্ঠ হ্ৰাস পাইছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি দিল্লীত জানুৱাৰী মাহত প্ৰতি কেজি বিলাহীৰ দাম ৯ টকা হ্ৰাস পাইছে। ৩১ ডিচেম্বৰত প্ৰতি কিলোগ্ৰামত বিলাহীৰ দাম আছিল ৩৭ টকা। ৬ জানুৱাৰীত প্ৰতি কেজি বিলাহীৰ দাম ২৮ টকালৈ হ্ৰাস পাইছে। অৰ্থাৎ বিলাহীৰ দাম ২৪.৩২ শতাংশ হ্ৰাস পাইছে। ৩১ জানুৱাৰীত দেশত বিলাহীৰ গড় মূল্য আছিল ৩৯.০৮ টকা। যিটো হ্ৰাস পাই প্ৰতি কেজিত ৩৪.৯৭ টকা হয়। অৰ্থাৎ ৬ দিনত গড় মূল্য প্ৰতি কেজিত ৪.১১ টকা হ্ৰাস পাইছে।
পিঁয়াজৰ দাম
জানুৱাৰী মাহত পিয়াঁজৰ দাম বৃদ্ধি পাইছে। ৬ দিনত পিয়াঁজৰ দাম ৮ শতাংশ বৃদ্ধি হৈ ব্যয়বহুল হৈ পৰিছে। ৩১ ডিচেম্বৰত দিল্লীত পিঁয়াজৰ দাম আছিল ৩৭ টকা, যিটো প্ৰতি কেজিত ৪০ টকালৈ বৃদ্ধি পাইছিল। অৰ্থাৎ পিঁয়াজৰ দাম ৩ টকা বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৩১ ডিচেম্বৰত দেশত গড় মূল্য আছিল ৩৩.৮৪ টকা প্ৰতি কেজিত।
ডিচেম্বৰত বিলাহীৰ দামৰ তাৰতম্য
নৱেম্বৰৰ তুলনাত মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ যোগানৰ বাবে বিলাহীৰ মূল্য ১২ শতাংশ হ্ৰাস পাইছে। ডিচেম্বৰ মাহত বিলাহীৰ দাম ২৪ শতাংশ বৃদ্ধি পাইছিল, যাৰ বাবে বিলাহীৰ মূল্য প্ৰতি কেজিত ৪৭ টকালৈ বৃদ্ধি পোৱা দেখা গৈছিল। আলুৰ মূল্য ৫০ শতাংশ বৃদ্ধি হোৱাৰ লগতে প্ৰতি কেজিৰ মূল্য ৩৬ টকা হৈছিল।