Pradhan Mantri Mudra Yojana: মুদ্ৰা ঋণৰ প্ৰকাৰ, যোগ্যতা আৰু প্ৰয়োজনীয় নথি, এই ঋণৰ বাবে ক’ত আবেদন কৰিব পাৰিব ? সবিশেষ
মাইক্ৰ’ ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেন্সী (MUDRA) আঁচনি হৈছে কেন্দ্ৰীয় চৰকাৰৰ ঋণ প্ৰদানৰ এক পদক্ষেপ । এই আঁচনিৰ জৰিয়তে সাধাৰণ নাগৰিকৰ লগতে এমএছএমইক বেংক আৰু এনবিএফচিৰ জৰিয়তে ঋণ প্ৰদান প্ৰদান কৰা হয় । এই আঁচনিখনত তিনিটা ভাগ আছে । সেই কেইটা হৈছে শিশু, কিশোৰ আৰু তৰুণ । কিস্তি হিচাপে ১২ মাহৰ পৰা ৫ বছৰৰ ভিতৰত এই ঋণ প্ৰৰিশোধ কৰিব পাৰে ।
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনৰ মাইক্ৰ’ ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেন্সী (MUDRA) আঁচনি হৈছে কেন্দ্ৰীয় চৰকাৰৰ ঋণ প্ৰদানৰ এক পদক্ষেপ । এই আঁচনিৰ জৰিয়তে সাধাৰণ নাগৰিকৰ লগতে এমএছএমইক বেংক আৰু এনবিএফচিৰ জৰিয়তে ঋণ প্ৰদান প্ৰদান কৰা হয় । এই আঁচনিখনত তিনিটা ভাগ আছে । সেই কেইটা হৈছে শিশু, কিশোৰ আৰু তৰুণ । কিস্তি হিচাপে ১২ মাহৰ পৰা ৫ বছৰৰ ভিতৰত এই ঋণ প্ৰৰিশোধ কৰিব পাৰে ।
MUDRA ঋণ লাভ কৰিবলৈ আপোনাৰ কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব ?
আৰ বি আইৰ দ্বাৰা অনুমোদিত আৰু যোগ্য বিত্তীয় প্ৰতিষ্ঠান, যেনে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক, নন-বেংকিং বিত্তীয় কোম্পানী (NBFCs), ক্ষুদ্ৰ বিত্ত বেংক (SFBs), ক্ষুদ্ৰ বিত্ত প্ৰতিষ্ঠান (MFIs), সমবায় বেংক, আৰু আঞ্চলিক গ্ৰাম্য বেংক (RRBs)পৰা এই ঋণ লাভ কৰিব পাৰে । ব্যক্তি, ষ্টাৰ্টআপ, নতুন আৰু বৰ্তমানৰ ব্যৱসায় আৰু এমএছএমইক সহায় কৰাৰ লগতে ভাৰতত এমএছএমই খণ্ডক প্ৰসাৰিত কৰিবলৈ মুদ্ৰা যোজনা আৰম্ভ কৰা হৈছে ।
মুদ্ৰা ঋণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ তালিকা তলত দিয়া হ’ল:
- পাছপ’ৰ্ট আকাৰৰ ফটোৰ সৈতে যথাযথভাৱে পূৰণ কৰা মুদ্ৰা আবেদন প্ৰ-পত্ৰ (PDF format)।
- পাছপ’ৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, আধাৰ কাৰ্ড, পানী বা বিদ্যুৎ বিল, জন্মৰ প্ৰমাণ পত্ৰ, দশম শ্ৰেণীৰ প্ৰমাণ পত্ৰ সকলো আবেদনকাৰীৰ KYC বাবে প্ৰয়োজনীয় ।
- আয়ৰ নথিপত্ৰ: পূৰ্বৰ ১২ মাহৰ বেংক ষ্টেটমেণ্ট ।
- অনুসূচিত জাতি/জনজাতি/অবিচি প্ৰমাণ পত্ৰ ।
- বেংকৰ প্ৰয়োজন হ’ব পৰা আন যিকোনো নথি-পত্ৰ ।
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত বাহন ঋণৰ বাবে তলত দিয়া নথি-পত্ৰৰ প্ৰয়োজন:
- বাহন ঋণৰ বাবে আবেদন ।
- আবেদনকাৰীৰ দুখন পাছপ’ৰ্ট আকাৰৰ ফটো ।
- আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু অন্যান্য ধৰণৰ ঠিকনা প্ৰমাণ পত্ৰ প্ৰয়োজন ।
- আয়ৰ প্ৰমাণ লগতে বিগত ছমাহৰ বেংক ষ্টেটমেন্ট ।
পিএমএমৱাইৰ অধীনত ব্যৱসায়িক কিস্তি ঋণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
- ঋণৰ বাবে আবেদন ।
- আবেদনকাৰীৰ দুখন পাছপ’ৰ্ট আকাৰৰ ফটো ।
- আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বিদ্যুতৰ বিল আৰু অন্যান্য ধৰণৰ আৱাসিক ঠিকনাৰ প্ৰমাণ পত্ৰ।
- ব্যৱসায় বা বাসগৃহৰ মালিকীস্বত্বৰ প্ৰমাণ ।
- অৰ্হতা আৰু ব্যৱসায়ৰ ধাৰাবাহিকতাৰ প্ৰমাণ ।
- দুবছৰৰ বাবে CA আৰু ITR ৰ দ্বাৰা প্ৰমাণিত পত্ৰ ।
- বিগত ছমাহৰ বেংক ষ্টেটমেন্ট ।
পিএমএমৱাইৰ অধীনত ব্যৱসায়িক ঋণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
- ঋণৰ বাবে আবেদন ।
- আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, আৰু অন্যান্য ধৰণৰ চিনাক্তকৰণ প্ৰমাণ পত্ৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ।
- আৱাসিক ঠিকনাৰ প্ৰমাণ, যেনে- আধাৰ কাৰ্ড, পাছপ’ৰ্ট, বেংক ষ্টেটমেণ্ট, বা টেলিফোন বা বিদ্যুতৰ বিল ।
- ব্যৱসায় বা বাসগৃহৰ মালিকীস্বত্বৰ প্ৰমাণ ।
- অৰ্হতা আৰু ব্যৱসায়ৰ ধাৰাবাহিকতাৰ প্ৰমাণ ।
- বিগত ১২ মাহৰ বেংক ষ্টেটমেন্ট ।
- বিগত দুবছৰৰ আয়কৰ ৰিটাৰ্ণ প্ৰমাণ পত্ৰ ।
মুদ্ৰা ঋণৰ যোগ্যতা
মুদ্ৰা ঋণ তলত উল্লেখ কৰা সত্তাসমূহৰ বাবে উপলব্ধ:
- ব্যক্তি আৰু ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী ।
- শিল্পী, ব্যৱসায়ী, খুচুৰা বিক্ৰেতা আৰু নিৰ্মাতা ।
- একক মালিকানাধীন, অংশীদাৰিত্ব ফাৰ্ম আৰু সীমিত দায়বদ্ধতা অংশীদাৰিত্ব (LLPs) ব্যৱসায়, উৎপাদন আৰু সেৱা খণ্ডত সীমাবদ্ধ।
- ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উৎপাদন ইউনিট ।
- ক্ষুদ্ৰ উদ্যোগৰ একক (SSI) ।
মুদ্ৰা ঋণৰ প্ৰকাৰ
শিশু: এই ঋণৰ সুবিধা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে উপলব্ধ । উদ্যোগ ব্যৱসায় আৰম্ভ কৰিব বিচৰা সকলে এই ঋণৰ সুবিধা ল’ব পাৰে । তেওঁলোকে নিজৰ ব্যৱসায়ৰ বাবে ৫০ হাজাৰ পৰ্যন্ত ঋণ লাভ কৰিব পাৰে।
কিশোৰঃ মুদ্ৰা আঁচনিৰ অধীনত এই ঋণ প্ৰডাক্ট সেই উদ্যোগসমূহক লক্ষ্য কৰি লোৱা হৈছে যিবোৰে ব্যৱসায় স্থাপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু ইয়াক সম্প্ৰসাৰণৰ বাবে ধনৰ প্ৰয়োজন হৈছে। ব্যৱসায়ৰ বাবে ৫০ হাজাৰৰ পৰা ৫ লাখলৈকে মুদ্ৰা ঋণ ল’ব পাৰিব।
তৰুণঃ এই মুদ্ৰা ঋণ শ্ৰেণীটো এনে ব্যৱসায়ৰ বাবে উপলব্ধ যিবোৰে নিজকে প্ৰতিষ্ঠা কৰিছে আৰু অধিক সম্প্ৰসাৰণৰ বাবে ধনৰ প্ৰয়োজন। ৫ লাখৰ পৰা ১০ লাখলৈকে ঋণ লাভ কৰিব পাৰে ।
মুদ্ৰা যোজনাৰ উপকাৰ
- এই ঋণৰ লাভ কৰিবৰ বাবে নূন্যতম বয়সৰ প্ৰয়োজনীয়তা ১৮ বছৰ আৰু সৰ্বোচ্চ বয়সৰ সীমা ৬৫ বছৰ।
- প্ৰতিটো বেংকত সুতৰ হাৰ বেলেগ বেলেগ।
- নূন্যতম ৩০ হাজাৰ টকা ঋণ লাভ কৰিব পাৰে ।
- সৰ্বোচ্চ ঋণৰ পৰিমাণ ১০ লাখ টকা।
- কোনো ধৰণৰ প্ৰচেছিং মাচুল নাই।
- পৰিশোধৰ সময় সীমা ৫ বছৰ পৰ্যন্ত।