Gold Price Today: বছৰৰ অন্তিমটো দেওবাৰত পুনৰ সোণৰ দামত পৰিৱৰ্তন, আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ?

Gold Price Today: বিশেষজ্ঞসকলৰ মতে, ডলাৰ শক্তিশালী হোৱাৰ প্ৰভাৱ সোণৰ দাম হ্ৰাস হোৱাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। এইটো অনাগত দিনবোৰত আৰু অধিক শক্তিশালী হ'ব পাৰে। ইয়াৰো এটা বিশেষ কাৰণ আছে। জানুৱাৰীৰ ২০ তাৰিখে ট্ৰাম্পে দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। তাৰ পিছত, ডলাৰ সূচকৰ পৰিমাণেও ১১০ৰ স্তৰ অতিক্ৰম কৰিব পাৰে।

Gold Price Today: বছৰৰ অন্তিমটো দেওবাৰত পুনৰ সোণৰ দামত পৰিৱৰ্তন, আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ?

সোণৰ দাম

Updated On: 

29 Dec 2024 10:55 AM

৫ নৱেম্বৰৰ পৰা দেশত সোণৰ দাম সৰ্বাধিক হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দেশৰ ভৱিষ্যত বজাৰত যি প্ৰায় ৫০ দিনত ২৫০০ টকাতকৈ ওপৰলৈ সস্তা হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে ডলাৰ সূচক বৃদ্ধি। যিয়ে ১০৫ৰ স্তৰৰ পৰা ১০৮ৰ স্তৰ অতিক্ৰম কৰিছে। বিশেষজ্ঞসকলৰ মতে, ডলাৰ শক্তিশালী হোৱাৰ প্ৰভাৱ সোণৰ দাম হ্ৰাস হোৱাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। এইটো অনাগত দিনবোৰত আৰু অধিক শক্তিশালী হ’ব পাৰে। ইয়াৰো এটা বিশেষ কাৰণ আছে। জানুৱাৰীৰ ২০ তাৰিখে ট্ৰাম্পে দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। তাৰ পিছত, ডলাৰ সূচকৰ পৰিমাণেও ১১০ৰ স্তৰ অতিক্ৰম কৰিব পাৰে। আনহাতে, ফেড ৰিজাৰ্ভে জানুৱাৰী মাহৰ শেষ সূতৰ হাৰ স্থগিত ৰখাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে সোণে সামান্য সমৰ্থন পাব পাৰে। জানো আহক আজিৰ বজাৰত সোণৰ দাম কিমান হৈছে….

২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ তিনিদিন বাকী আছে। শেষৰ দিনকেইটাৰ সোণৰ মূল্যত সংশোধন দেখা গৈছে। আজি ২৯ ডিচেম্বৰ ২০২৪, বছৰৰ অন্তিমটো দেওবাৰে দেশত সস্তা হৈছে সোণ। দেশৰ বেছিভাগ চহৰত ২৪ কেৰেটৰ সোণ প্ৰায় ৭৭,৯০০ টকাত বিক্ৰী হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম প্ৰায় ৭১,৪০০ টকা। ইফালে ২৯ ডিচেম্বৰত দেশত ৰূপৰ মূল্য ১ কিলোগ্ৰামত ৯২,৬০০ হাজাৰ টকা হৈছে।

              চহৰৰ নাম                               ২৪ কেৰেট সোণৰ দাম (টকা)                      ২২ কেৰেট সোণৰ দাম (টকা)
                  দিল্লী                                              ৭৭,৯৯০ ৭১,৫০০
                 মুম্বাই                                              ৭৭,৮৪০ ৭১,৩৫০
                 চেন্নাই                                              ৭৭,৮৪০ ৭১,৩৫০
                 লক্ষ্ণৌ                                              ৭৭,৯৯০ ৭১,৫০০
                বাংগালুৰু                                              ৭৭,৮৪০ ৭১,৩৫০
                  পাটনা                                              ৭৭, ৮৯০ ৭১,৪০০
                 জয়পুৰ                                              ৭৭,৯৯০ ৭১,৫০০
                কলকাতা                                               ৭৭,৮৪০ ৭১,৩৫০

 

গুৱাহাটীত সোণৰ দাম

আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১, ৩৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৭,৮৪০টকা। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭১৩৫ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭,৭৮৪ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯২,৪০০ টকাত বিক্ৰী হৈছে।

এমচিএক্সত সোণৰ  দাম

অৱশ্যে মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ দাম সামান্য বৃদ্ধি হৈছে। ২০ ডিচেম্বৰত সোণ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ৭৬,৪২০ টকাত বন্ধ হৈছিল। ডিচেম্বৰৰ ২৭ তাৰিখে,এমচিএক্সত সোণ দাম প্ৰতি দহ গ্ৰামত ৭৬,৫৪৪ টকাত উপনীত হৈছিল। ইয়াৰ অৰ্থ হৈছে যে সোণৰ মূল্য ১২৪ টকা বৃদ্ধি পাইছে। যোৱা এমাহত, সোণৰ মূল্য মাত্ৰ ২৮ টকা বৃদ্ধি হৈছে। আনহাতে, প্ৰায় দুমাহৰ ভিতৰত সোণ প্ৰায় ৩৭০০ টকা সস্তা হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, অনাগত দিনবোৰত সোণৰ মূল্যত যথেষ্ট তাৰতম্য দেখা যাব পাৰে।

 

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...