Diabetes Medicine Price: লজেনৰ দৰে সস্তা দামতে পাব ছুগাৰৰ ঔষধ, কেতিয়া কমিব দাম?
ভাৰতত ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ ভিতৰত বেছিভাগেই টাইপ-২ ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত । যি ঔষধৰ বাবদ প্ৰতিমাহে প্ৰায় ১ ৰ পৰা ৩ হাজাৰ টকা পৰ্যন্ত খৰচ কৰিব লগা হয় । এটা এটা ঔষধৰ নামত ব্যয় হয় প্ৰায় ৫০ ৰ পৰা ৬০ টকা ।

বিশ্বৰ অন্যতম স্বাস্থ্য আৰু বিজ্ঞান আলোচনী লেন্সেটৰ এক প্ৰতিবেদন অনুসৰি ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত আগত আছে ভাৰত । বিশ্বৰ সৰ্বাধিক ডায়েবেটিছ আক্ৰান্ত ৰোগী পোৱা যায় ভাৰতত ।
সেই সমীক্ষা অনুসৰি, দেশৰ মুঠ জনসংখ্যাৰ ২৩ শতাংশ লোকেই ডায়েবেটিছত আক্ৰান্ত । ইয়াৰ ভিতৰত আকৌ ৬২ শতাংশতকৈও অধিক ৰোগীয়ে কোনো চিকিৎসা কৰা নাই । স্থানীয় ঔষধৰ দোকানৰ পৰা ঔষধ কিনি ডায়েবেটিছৰ সৈতে মোকাবিলা কৰাৰ ব্যৰ্থ চেষ্টা চলায় তেওঁলোকে ।
এই প্ৰতিবেদনৰ তথ্যৰ ভিত্তিত ক’ব পাৰি যে এতিয়া প্ৰায় প্ৰতিঘৰ মানুহতেই এজন হ’লেও ডায়েবেটিছ ৰোগী আছে । যাৰ বাবে ঔষধৰ খৰচো বাঢ়িছে । বৰ্তমান ভাৰতত ডায়েবেটিছৰ ঔষধৰ বজাৰ মূলধন প্ৰায় ১৭ বিলিয়ন ডলাৰ । যোৱা ১০ বছৰত এই ৰোগৰ ঔষধৰ দাম বাঢ়িছে প্ৰায় ১০৫ শতাংশৰো অধিক ।
উল্লেখ্য যে ভাৰতত ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ ভিতৰত বেছিভাগেই টাইপ-২ ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত । যি ঔষধৰ বাবদ প্ৰতিমাহে প্ৰায় ১ ৰ পৰা ৩ হাজাৰ টকা পৰ্যন্ত খৰচ কৰিব লগা হয় । এটা এটা ঔষধৰ নামত ব্যয় হয় প্ৰায় ৫০ ৰ পৰা ৬০ টকা । ঔষধৰ এটা ফাইল কিনিব খুজিলেটো সেই খৰচ কমেও ৫০০ টকা হয়গৈ ।
এই টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ এম্পাগ্লিফ্লোজিন নামৰ এক বিশেষ ধৰণৰ ঔষধি দ্ৰব্য ব্যৱহাৰ কৰে ডায়েবেটিছৰ ঔষধ প্ৰস্তুতকাৰী জাৰ্মান কোম্পানী ইনোভেটৰে । ইমানদিনে এই এম্পাগ্লিফ্লোজিন প্ৰস্তুতৰ পেটেন্ট বা স্বত্ব কেৱল এই জাৰ্মান কোম্পানীটোৰ হাততে আছিল । যাৰ ম্যাদ ১১ মাৰ্চত অন্ত পৰা বুলি জানিব পৰা গৈছে ।
ফলত এতিয়াৰ পৰা যিকোনো সংস্থাই এই এম্পাগ্লিফ্লোজিনৰ দ্বাৰা টাইপ-২ ডায়েবেটিছৰ ঔষধ প্ৰস্তুত কৰিব পাৰিব । দেশৰ অন্যতম ঔষধ প্ৰস্তুতকাৰী সংস্থা মেন কাইণ্ডে এই সন্দৰ্ভত জনাইছে যে অহা কেইমাহমানৰ ভিতৰতে সেই জাৰ্মান কোম্পানীৰ দহ শতাংশ দামত বজাৰত উপলব্ধ হ’ব ডায়েবেটিছৰ ঔষধ । জাৰ্মান কোম্পানীৰ যিটো টেবলেটৰ দাম ৬০ টকাকৈ বিক্ৰী হয়, সেই টেবলেট এতিয়া ৯ বা ১০ টকাটেই লাভ কৰিব বুলি আশা কৰা হৈছে ।