প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ, অৰ্থনীতিবিদ বিবেক দেৱৰায়ৰ মৃত্যু

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ তথা প্ৰখ্যাত অৰ্থনীতিবিদ বিবেক দেৱৰায়ৰ আজি মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ যকালত অৰ্থনৈতিক নীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে। তেখেতৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ, অৰ্থনীতিবিদ বিবেক দেৱৰায়ৰ মৃত্যু

বিবেক দেৰায়ৰ মৃত্যু

Published: 

01 Nov 2024 16:00 PM

দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰায়ে আজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ যকালত অৰ্থনৈতিক নীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে। তেখেতৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেৱৰায়ৰ সুক্ষ্ম অন্তৰ্দৃষ্টি আৰু শৈক্ষিক আলোচনাৰ প্ৰতি থকা মনোভাৱৰ বাবে তেওঁক সদায় মনত ৰাখিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

উল্লেখ্য যে বিবেক দেৱৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোডীৰ কাৰ্যকালত ভাৰত চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে। মৃত্যুৰ ক্ষণলৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ লগতে বিত্ত মন্ত্ৰালয়ৰ আন্তঃগাঁথনি শ্ৰেণীবিভাজন আৰু বিত্তীয় কাঠামোৰ বিশেষজ্ঞ সমিতিৰ নেতৃত্ব বহন কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিছিত বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে ২০১৫ চনৰ পৰা ২০১৯ চনলৈ নিটি আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ২০১৮ চনৰ পৰা ২০২২ চনলৈ তেওঁ ইণ্ডিয়ান ষ্টেটিকটিকেল ইনষ্টিটিউটৰ চেঞ্চেলৰ পদত আছিল। দেৱৰায়ে সমন্তৰালকৈ পুনেৰ গোখলে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকোনমিক্সৰ চেঞ্চেলৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

একেদৰে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰা কমিটীৰ সদস্যও আছিল দেবৰায়। লক্ষণীয়ভাৱে ১৪ আগষ্টত মিণ্ট কাকতত প্ৰকাশিত এটা প্ৰবন্ধত দেবৰায়ে ভাৰতৰ বাবে নতুন সংবিধানৰ দাবী জনাইছিল। বৰ্তমানৰ সংবিধানখন ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু ২০৪৭ চনৰ বাবে নতুন সংবিধানৰ প্ৰয়োজন বুলি তেওঁ কৰা মন্তব্যই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল।

উল্লেখ্য যে ১৯৫৫ চনৰ ২৫ জানুৱাৰীত মেঘালয়ৰ শ্বিলঙত বিবেক দেৱৰায়ৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বপুৰুষ বাংলাদেশৰ চিলেটৰ পৰা ভাৰতলৈ আহিছিল। বিবেক দেৱৰায়ৰ পিতৃয়ে ভাৰত চৰকাৰৰ ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ চাৰ্ভিচত কাম কৰিছিল। পশ্চিমবংগৰ নৰেন্দ্ৰপুৰৰ ৰামকৃষ্ণ মিছন স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল দেৱৰায়ে। আনহাতে কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত তেওঁ দিল্লী স্কুল অৱ ইকনমিক্সত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভৰ পিছতে দেৱৰায়ে অধিক অধ্যয়নৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ যায়। কেমব্ৰিজত বিবেক দেৱৰায়ে এম এছ চি ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিছত তেওঁ নিজ দেশলৈ উভতি আহিছিল। ২০১৫ চনত ভাৰত চৰকাৰে প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ