শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’লৱে টিকট ৰিজাৰ্ভেচন প্ৰক্ৰিয়াত পৰিৱৰ্তন! যাত্ৰাৰ ৬০ দিন পূৰ্বেহে বুক কৰিব পাৰিব টিকট

উৎসৱৰ বতৰত প্ৰায়ে ৰে'লৰ টিকটৰ বাবে দীঘলীয়া সময় ধৰি অপেক্ষা কৰিব লগা হয়। এতিয়া পৰা আৰু এই সমস্যাৰ সন্মুখীন হ'ব নালাগে। কিয়নো, হ্ৰাস কৰা হৈছে ৰে’লৰ এডভান্স ৰিজাৰ্ভেচন বুকিঙৰ সময়।

ৰে’লৱে টিকট ৰিজাৰ্ভেচন প্ৰক্ৰিয়াত পৰিৱৰ্তন! যাত্ৰাৰ ৬০ দিন পূৰ্বেহে বুক কৰিব পাৰিব টিকট
ৰে'লৱে টিকট ৰিজাৰ্ভেচন প্ৰক্ৰিয়াত পৰিৱৰ্তন!
trishna-kalita
Trishna Kalita | Updated On: 17 Oct 2024 18:39 PM

ৰে’ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। হ্ৰাস কৰা হৈছে ৰে’লৰ এডভান্স ৰিজাৰ্ভেচন বুকিঙৰ সময়। ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে ৰে’লৰ এডভাঞ্চ ৰিজাৰ্ভেচনৰ বুকিঙৰ সময়। অৰ্থাৎ ৰে’ল যাত্ৰীসকলে তিনি মাহ পূৰ্বে বুকিং কৰিব নোৱাৰিব ৰিজাৰ্ভেচন টিকট। যাত্ৰীৰ সুবিধাৰ্থে ৰে’লৱে ব’ৰ্ডে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। অহা মাহৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

ৰে’লৱে ব’ৰ্ডে এক চৰকাৰী বিবৃতিযোগে কয় যে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা সংৰক্ষণ টিকটৰ আগতীয়া বুকিং মাত্ৰ ৬০ দিন আগতে হ’ব। ১২০ দিন আগতে আগতীয়া টিকট বুক কৰাৰ সেৱা ৩১ অক্টোবৰ ২০২৪ লৈকে অব্যাহত থাকিব।

ৰে’ল ৱে ব’ৰ্ডে স্পষ্ট কৰি দিছে যে একেদিনাই যাত্ৰা সম্পূৰ্ণ কৰা কিছুমান বিশেষ এক্সপ্ৰেছ ৰে’লত এডভাঞ্চ ৰিজাৰ্ভেচন বুকিং অৰ্থাৎ আগতীয়া টিকট বুক কৰাৰ বাবে নিৰ্ধাৰিত নিম্ন সীমা আগৰ দৰেই থাকিব। এনে ৰে’লৰ ভিতৰত আছে তাজ এক্সপ্ৰেছ আৰু গোমতী এক্সপ্ৰেছকে ধৰি আন বহুতো ৰে’ল।

 

লগতে ৰে’লৱে ব’ৰ্ডে এইটোও কৈছে যে বিদেশী নাগৰিক বা পৰ্যটকৰ বাবে ৩৬৫ দিন আগতে এডভাঞ্চ ৰিজাৰ্ভেচন বুকিঙৰ সুবিধা আগৰ দৰেই থাকিব। ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই।

যদি ৬০ দিন আগতে ৰে’লৱে ৰিজাৰ্ভেচন টিকট বুক কৰা হয়, তেন্তে মানুহে আগতীয়াকৈ টিকট বুক কৰিব আৰু হ’ল্ড কৰি ৰাখিব নোৱাৰিব। একে সময়তে, এজেণ্টসকলৰ টিকট হ’ল্ডৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হ’ব। ৬০ দিন আগতে এডভাঞ্চ বুকিং সুবিধাৰ জড়িয়তে টিকট বুক কৰিলে ইয়াৰ ক’লা ব্যৱসায় ৰোধ হ’ব। অৱশ্যে, আই.আৰচিটিচিয়ে ইতিমধ্যে টিকটৰ ক’লা ব্যৱসায় প্ৰতিহত কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত টিকট বুকিং লিমিটো অন্তৰ্ভুক্ত আছে।