Tatkal Ticket: ৰে’ল যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? ৰে’লৱেৰ তৎকাল টিকট বুকিঙত ডাঙৰ পৰিৱৰ্তন…

ভাৰতবৰ্ষত প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে যাত্ৰাৰ বাবে ৰে'লসেৱা গ্ৰহণ কৰে । এই পৰিস্থিতিত যাত্ৰীসকলে তৎকাল টিকিটৰ সেৱা গ্ৰহণ কৰে । যাত্ৰীসকলৰ সুবিধা হোৱাকৈ ভাৰতীয় ৰে'লৱেই তৎকাল টিকিট বুকিঙৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিছে ।

Tatkal Ticket: ৰেল যাত্ৰাৰ পৰিকল্পনা কৰিছে নেকি ? ৰেলৱেৰ তৎকাল টিকট বুকিঙত ডাঙৰ পৰিৱৰ্তন...

ৰে'লৱে

Updated On: 

15 Feb 2025 15:21 PM

হঠাৎ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিলে প্ৰায় টিকট বুকিঙৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় যাত্ৰীসকল । কিয়নো এই সময়ছোৱাত কনফাৰ্ম টিকট পোৱাটো ইমান সহজ নহয় । ইফালে ভাৰতবৰ্ষত প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে যাত্ৰাৰ বাবে ৰে’লসেৱা গ্ৰহণ কৰে । এই পৰিস্থিতিত যাত্ৰীসকলে তৎকাল টিকিটৰ সেৱা গ্ৰহণ কৰে । যাত্ৰীসকলৰ সুবিধা হোৱাকৈ ভাৰতীয় ৰে’লৱেই তৎকাল টিকিট বুকিঙৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিছে ।

আজি ১৫ ফেব্ৰুৱাৰীৰ পৰা তৎকাল টিকিট বুকিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় ৰে’ল যাত্ৰীসকল । কাৰণ যাত্ৰীসকলে সন্মুখীন হৈ অহা সমস্যাবোৰ সমাধান কৰাৰ স্বাৰ্থত তৎকাল টিকট বুকিং কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰে’লৱেই। যাত্ৰীসকলে এতিয়া তৎকাল টিকট বুকিং কৰিবলৈ অতিৰিক্ত সময় খৰচ কৰিব নালাগে।

ভাৰতীয় ৰে’লৱেই জনাইছে যে, এতিয়াৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং প্ৰযুক্তিৰ ভিত্তিত টিকট বুকিং কৰা হ’ব। ইয়াৰ ফলত টিকট বুকিং পূৰ্বতকৈ দ্ৰুত আৰু সহজ হ’ব বুলি আশা কৰা হৈছে । নতুন আপডেটৰ বাবে আই আৰ চি টি চিৰ ৱেবছাইট বা এপটোত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। টিকট বুকিং প্ৰক্ৰিয়া অধিক স্বচ্ছ হ’ব বুলি আশা কৰিছে ভাৰতীয় ৰে’লৱেই।

টিকট বুকিং কৰোতে কেপচা পূৰণত বহুত সময় লাগে যাত্ৰীসকলৰ । নতুন ব্যৱস্থাটোৱে কেপচা পূৰণ কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে, যাতে গ্ৰাহকে দ্ৰুতভাৱে পঞ্জীয়ন কৰিব পাৰে । পেমেণ্টৰ ক্ষেত্ৰত কিছু সাল-সলনি কৰা হৈছে। একেদৰে কেতিয়া আসন খালী হ’ব সেই কথা টিকট বুকিং কৰাৰ সময়তে জানিব পাৰিব যাত্ৰীসকলে। ইয়াৰ উপৰিও টিকট বুকিঙৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ বাবে দালাল বা এজেণ্টসকলক নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...