5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইমান স্পৰ্ধা! দানেৰে মহান ৰতন টাটাকো দাবী কৰা হৈছিল ১৫ কোটি উৎকোচ…

ৰতন টাটাৰ জীৱন কেৱল ঔদ্যোগিক সফলতাতে সীমাবদ্ধ নাছিল। বৰঞ্চ সমাজ আৰু দেশৰ কল্যাণৰ বাবেও উৎসৰ্গিত আছিল ৰতন টাটা। মুক্তহস্তে জনকল্যাণৰ বাবে উপাৰ্জিত অৰ্থ দান কৰি টাটা এক কথাত হৈ পৰিছিল ‘দানবীৰ’। পিছে জনকল্যাণৰ বাবে উপাৰ্জনৰ এক বৃ্হৎ অংশ দান দিয়া টাটাৰ পৰাই বিচৰা হৈছিল ১৫ কোটি টকাৰ উৎকোচ।

ইমান স্পৰ্ধা! দানেৰে মহান ৰতন টাটাকো দাবী কৰা হৈছিল ১৫ কোটি উৎকোচ…
ৰতন টাটা
monjit-dutta
Monjit Dutta | Published: 20 Oct 2024 18:39 PM

দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ যোৱা ৯ অক্টোবৰত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় প্ৰখ্যাত উদ্যোগপতিগৰাকীৰ। নিজৰ অতুলনীয় সৰলতা, সততা, নৈতিক মূল্যবোধ আৰু মানৱ সেৱাৰ গুণেৰে দেশৰ লগতে সমগ্ৰ বিশ্বতে ৰতন টাটাই বুটলিছিল অফুৰন্ত সন্মান। আৰু এনে সন্মানৰ বাবেই টাটাৰ মৃত্যুৱে জোকাৰি গৈছিল সকলোকে, শোকস্তব্ধ কৰি তুলিছিল দেশবাসীক। স্বাভাৱিতেই এই সন্মান আৰু শ্ৰদ্ধা এগৰাকী ব্যক্তিৰ চৰমতম প্ৰাপ্ত আৰু যোগ্য হিচাপেই এই সন্মান তথা শ্ৰদ্ধা আদায় কৰিছিল ৰতন টাটাই।

সকলোৱেই জ্ঞাত, টাটাৰ জীৱন কেৱল ঔদ্যোগিক সফলতাতে সীমাবদ্ধ নাছিল। বৰঞ্চ সমাজ আৰু দেশৰ কল্যাণৰ বাবেও উৎসৰ্গিত আছিল ৰতন টাটা। মুক্তহস্তে জনকল্যাণৰ বাবে উপাৰ্জিত অৰ্থ দান কৰি টাটা এক কথাত হৈ পৰিছিল ‘দানবীৰ’। পিছে জনকল্যাণৰ বাবে উপাৰ্জনৰ এক বৃ্হৎ অংশ দান দিয়া টাটাৰ পৰাই বিচৰা হৈছিল ১৫ কোটি টকাৰ উৎকোচ। আচৰিত হ’লেও এয়া আপুনি ঠিকেই শুনিছে।

ৰতন টাটাই নিজ মুখেই প্ৰকাশ কৰিছিল তেওঁৰ জীৱনৰ এই বিশেষ ক্ষণটোৰ কথা। ২০১০ চনত এনডিটিভিক দিয়া এটা সাক্ষাৎকাৰত ৰতন টাটাই এই কথা প্ৰকাশ কৰিছিল। শেহতীয়াকৈ সামাজিক মাধ্যমত টাটাৰ এই বক্তব্যৰ ক্লিপটো যথেষ্ট ভাইৰেল হৈ পৰিছে। এই সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰা মতে এজন উদ্যোগপতিয়ে তেওঁক ব্যৱসায়িক চুক্তিৰ বাবে এগৰাকী মন্ত্ৰীক ১৫ কোটি টকা দিবলৈ পৰামৰ্শ দিছিল।

সেই সময়ত টাটা গ্ৰুপে বিমান সংস্থা খণ্ডত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল। এই উদ্যোগপতিজনে ৰতন টাটাক এয়াৰলাইনৰ বাবে মন্ত্ৰীগৰাকীক ১৫ কোটি টকা দিবলৈ পৰামৰ্শ দিছিল। কিন্তু ৰতন টাটাই এই পৰামৰ্শ নাকচ কৰি দুৰ্নীতিৰ বিৰোধিতা কৰে। অৱশ্যে সাক্ষাৎকাৰত মন্ত্রী আৰু উদ্যোগপতিৰ নাম প্রকাশ কৰা নাছিল ৰতন টাটাই৷ একেটা সাক্ষাৎকাৰতে ৰতন টাটাক সোধা হৈছিল দুৰ্নীতি বন্ধ কৰাৰ উপায়ৰ বিষয়ে।

এই প্ৰশ্নৰ ৰতন টাটাই কয় যে এই কামৰ আটাইতকৈ সহজ উপায় হ’ল নিজে সৎ হোৱা। এনে আদৰ্শৰেই পৰিচালিত হৈ ৰতন টাটাই নিজৰ জীৱনত ব্যৱসায়িক সফলতা অৰ্জন কৰাই নহয়, সমাজসেৱাৰ ক্ষেত্ৰত নিজৰ অৱদানেৰে জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থানৰ সৃষ্টি কৰিছিল।তেওঁ স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন আৰু সমাজ কল্যাণৰ বাবে ৯ হাজাৰ কোটিৰো অধিক ধন আগবঢ়ায়।

এই পৰিমাণ বহু উদ্যোগপতিৰ মুঠ ধন-সম্পত্তিৰ তুলনাতো অধিক। ইয়াৰ পৰা বুজা যায় যে ব্যৱসায়তকৈ সমাজৰ সেৱা তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ আছিল। ৰতন টাটাৰ মৃত্যুৰ লগে লগে দেশে হেৰুৱাইছে এজন প্ৰকৃত উদ্যোগপতি, সমাজকৰ্মী আৰু আদৰ্শ ব্যক্তি। তেওঁৰ সততা আৰু সৰলতাৰ উদাহৰণ সদায় ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

Latest News