5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অনুৰাগীক শোক সাগৰত পেলায় অজান মুলুকলৈ গ’লগৈ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা, সামাজিক মাধ্যমত সকলোৱে কৰিছে শোক প্ৰকাশ

দেশৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটা ২০১২ চনলৈকে টাটা গ্ৰুপৰ মুৰব্বী আছিল। প্ৰায় ২২ বছৰৰ পিছত ৭৮ বছৰ বয়সত তেওঁ এই পদ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ নেতৃত্বত তেওঁ ইনফ’ছিছ আৰু উইপ্ৰ’ৰ আগত গোটটোৰ সৰ্ববৃহৎ কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছক আগুৱাই লৈ যায়।

অনুৰাগীক শোক সাগৰত পেলায় অজান মুলুকলৈ গ’লগৈ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা, সামাজিক মাধ্যমত সকলোৱে কৰিছে শোক প্ৰকাশ
অজান মুলুকলৈ গ’লগৈ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা
barasha-misra
Barasha Misra | Updated On: 10 Oct 2024 01:13 AM

দেশৰ সুপৰিচিত উদ্যোগপতি ৰতন টাটাৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। তেওঁৰ অসুস্থতা নিশ্চিত কৰিছে টাটা গ্ৰুপৰ মুখ্য কাৰ্যালয় বম্বে হাউছে নিজেই। মৃত্যুৰ পিছত উদ্যোগপতি হৰ্ষ গোয়পংকাইও তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰি ৰতন টাটাৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। বুধবাৰে গভীৰ নিশা মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। বহুদিন তেওঁ অসুস্থ হৈ আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছ’চিয়েল মিডিয়াত পিএম মোদীয়ে লিখিছে যে ৰতন টাটা আছিল এজন দূৰদৰ্শী ব্যৱসায়িক নেতা, এজন দয়ালু আত্মা আৰু এজন অসাধাৰণ মানৱ। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে, তেওঁৰ নম্ৰতা, দয়া আৰু আমাৰ সমাজখন উন্নত কৰাৰ অদম্য দায়বদ্ধতাৰ বাবেই তেওঁ বহু লোকৰ মাজত নিজৰ স্থান দখল কৰিছিল।


ৰতন টাটা ৰতন টাটা আছিল দৃষ্টিশক্তিসম্পন্ন থকা ব্যক্তি: ৰাহুল গান্ধী

লোকসভাৰ বিৰোধী দলৰ নেতা আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে, ৰতন টাটা আছিল দূৰদৃষ্টিশক্তি থকা ব্যক্তি। তেওঁ ব্যৱসায় আৰু দানশীলতা দুয়োটাতে মানুহৰ মনত সাঁচ বহুৱাই ৰাখিছে তেওঁৰ পৰিয়াল আৰু টাটা সমাজলৈ মোৰ সমবেদনা।

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজনাথ সিঙে। তেওঁ কৈছে যে, ৰতন টাটাৰ মৃত্যুত দুখী।

ৰতন টাটাৰ মৃত্যুত আনন্দ মহিন্দ্ৰাই লিখিছে – ‘ৰতন টাটাৰ অনুপস্থিতি মই মানি ল’ব পৰা নাই।’ ভাৰতৰ অৰ্থনীতিক নতুন দিশ দেখুৱাইছে। আৰু ৰতনৰ জীৱন আৰু কৰ্মই আমাৰ এই পদত ধৰি ৰখাত বহুখিনি অৰিহণা যোগাইছে।

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গৌতম আদানিয়েও।

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জন্ম কেতিয়া হৈছিল?

১৯৩৭ চনৰ ২৮ ডিচেম্বৰত নেভাল টাটা আৰু সুনু কমিছনাৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাৰ। তেওঁৰ শৈশৱটো কঠিন আছিল কাৰণ তেওঁৰ ৭ বছৰ বয়সত পিতৃ-মাতৃ বিচ্ছেদ হৈছিল আৰু তেওঁক সৰু ভাই জিমিৰ সৈতে আইতাক নৱাজবাই টাটাই ডাঙৰ-দীঘল কৰিছিল। ১৯৬২ চনত নিউয়ৰ্কৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্য শাখাত বি এছ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ১৯৭৫ চনত আমেৰিকাৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভান্সড মেনেজমেণ্ট প্ৰগ্ৰেমৰ ডিগ্ৰী লাভ কৰে। জে আৰ ডি টাটাৰ পৰামৰ্শ মতে ৰতনে আই বি এমৰ পৰা পৰিয়ালৰ ব্যৱসায়ত যোগদান কৰিবলৈ দিয়া চাকৰিৰ প্ৰস্তাৱ নাকচ কৰে।

Latest News